বৰপেটা জিলাৰ অতিৰিক্ত ৬৬ হাজাৰ ৰেচন কাৰ্ড বিহীন পৰিয়ালেও পাব বিনামূলীয়া চাউল

বৰপেটা জিলাৰ অতিৰিক্ত ৬৬ হাজাৰ ৰেচন কাৰ্ড বিহীন পৰিয়ালেও পাব বিনামূলীয়া চাউল

৩১,৮৭৬ জনলৈ এহেজাৰ টকীয়া সাহাৰ্য্য

কঞ্জল দাস, বৰপেটা, ২৩ এপ্ৰিল: চলিত লক ডাউনৰ ফলত ক্ষতিগ্ৰস্থ হোৱা বৰপেটা জিলাৰ খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা নগৰাঞ্চলৰ ৭৫,২০১ জন লোকৰ মাজত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পিছত অতিৰিক্ত ৬৬,১৫৫ টা  অভাৱগ্ৰস্থ পৰিয়ালৰ মাজত চাউল বিতৰণৰ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰৰ পৰা এই ক্ষেত্ৰত অনুমোদন লাভ কৰাৰ পিছতে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই পৰিয়াল সমূহৰ তালিকাত চূড়ান্ত ৰূপ দিয়া হয়। পঞ্চায়ত বা পৌৰ সভাৰ নিৰ্বাচিত প্ৰতিনিধি, পঞ্চায়তৰ সচিব, পৌৰ সভাৰ কাৰ্যবাহী বিষয়া, চক্ৰ বিষয়া আদিৰ সহযোগত প্ৰস্তুত হোৱা এই তালিকাৰ ৫৯,৮০০ টা গ্ৰামাঞ্চলৰ আৰু ৬,৩৫৫ টা পৰিয়াল নগৰাঞ্চলৰ। ৰেচন কাৰ্ড নথকা অৰ্থনৈতিক ভাবে দুৰ্বল এই পৰিয়াল সমূহক জনে প্ৰতি ৫ কেজিকৈ চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ দোকানৰ জৰিয়তে এই পৰিয়াল সমূহৰ মাজত চাউল বিতৰণ কৰা হব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তেওঁ জনোৱা মতে লক ডাউনৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাৰ বাবে যাতে কোনেও যাতে লঘোণে থাকিব লগীয়া নহয় তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে।  ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ সদস্যৰ তালিকা যুগুতাই থকা হৈছে। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়া সকল, চক্ৰ বিষয়া সকল আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালকো উপস্থিত থাকে। উল্লেখযোগ্য যে ইতিমধ্যে জিলা প্ৰশাসনে ৰেচন কাৰ্ড নথকা চহৰ অঞ্চলৰ ৭৪,২০১ জন লোকৰ মাজত ২৮৪৮ কুইন্টল চাউল, ৫১৯ কুইন্টল দাইল, ১৫৫ কুইন্টল নিমখ আৰু ১৫,৫৭৪ লিটাৰ মিঠাতেল বিতৰণ কৰিছে বুলি জনসংযোগ বিষয়া গৰাকীয়ে জনাইছে। ইয়াৰ উপৰি লক ডাউনৰ বাবে বিশেষ ভাবে ক্ষতিগ্ৰস্থ হোৱা ৩১,৮৭৬ টা পৰিয়ালৰ মাজত এহেজাৰকৈ নগদ ধনো বিতৰণ কৰা হৈছে। আনহাতে খাদ্য সুৰক্ষা আইনৰ কাৰ্ড থকা পৰিয়ালৰ মাজতো প্ৰধান মন্ত্ৰী গৰিব কল্যান যোজনাৰ অধীনত ৬৮,১৪৯ কুইন্টল চাউল বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে বুলি জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তৰফৰ পৰা জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা