লকডাউনত সৃষ্টিশীলতাত সময় উদযাপন কাজিৰঙাৰ চিত্ৰশিল্পী

লকডাউনত সৃষ্টিশীলতাত সময় উদযাপন কাজিৰঙাৰ চিত্ৰশিল্পী

পাপু ঘোষৰ তুলিকাত উদ্ভাসিত হৈছে ন ন জীৱন্ত সৃষ্টি

পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা, ২৯ এপ্ৰিলঃ দেশৰ আন জনতাৰ দৰেই চিত্ৰশিল্পী পাপু সম্প্ৰতি লকডাউনত আবদ্ধ৷ কৰ’ণা মহামাৰীৰ ত্ৰাসে জনজীৱন স্তব্ধ কৰিলেও পাপুৰ শিল্পীমন বান্ধি ৰাখিব পৰা নাই৷ জনজীৱনৰ গৃহবন্দীৰ এই সময়চোৱাত কাজিৰঙা নিৱাসী চিত্ৰশিল্পী পাপু ঘোষৰ তুলিকাত উদ্ভাসিত হৈছে ন ন জীৱন্ত সৃষ্টি৷ যেন সৃষ্টিৰ তাড়নাতে পুনৰ জন্ম হৈছে সদাব্যস্ত চিত্ৰ শিল্পী গৰাকীৰ৷ গৃহবন্দীৰ এই সময়ছোৱাত এনেয়ে ঘৰত শুই-বহি সময় অতিবাহিত কৰাৰ বিপৰীতে পাপুৱে প্ৰকৃতিৰ নিভাঁজ ৰূপ আৰু গ্ৰাম্য জীৱনৰ কথকতাক ৰং তুলিকাৰে উদ্ভাসিত কৰি অংকন কৰিছে এলানি চিত্ৰ৷ প্ৰকৃতিৰ বিধ্বংসী ৰূপ লোৱা বৰদৈচিলাৰ তাণ্ডবত দৰিদ্ৰজনৰ ভাঙি যোৱা পঁজাটিৰে সৈতে যি কৰুণতা সেয়াও চিত্ৰত জীৱন্ত ৰূপত অংকন কৰিছে পাপুৱে৷ মনোজগতত থকা প্ৰখৰ অনুভৱে সৃষ্টিৰ মাজেদি শিল্প কৰ্মত প্ৰকাশ পায় প্ৰাণৰ সঞ্চয়। নিৰ্জীৱতাত প্ৰাণ সঞ্চয় কৰা তেনে এজন সংবেদনশীল প্ৰতিষ্ঠিত চিত্ৰ-ভাস্কৰ্য শিল্পী হৈছে কাজিৰঙাৰ পাপু ঘোষ৷ পাপু সাম্প্ৰতিক অসমৰ এজন সৰ্ব পৰিচিত ভাস্কৰ্যশিল্পী৷ ভাস্কৰ্য শিল্পকৰ্মৰ লগে লগে চিত্ৰশিল্পতো তেখেতৰ আছে যথেষ্ট দখল আছে৷ উল্লেখ্য যে সৃষ্টিশীল আৰু চিন্তাশীল জগতখনত কেনেকৈ নতুন নতুন সম্ভাৱনাৰ দিশৰ উন্মোচন কৰাৰ প্ৰয়োজন তাৰ প্ৰতি লক্ষ্য ৰাখি চাৰুকলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ ভাস্কৰ হিচাপে সৃষ্টিশীল ক্ষেত্ৰখনত আবয়বিক দিশত ধ্যান ধাৰণাৰে পাপুৱে অব্যাহত ৰাখিছে নিজৰ কৰ্মৰাজি৷ মাটিৰ স'তে প্ৰতিনিয়ত সম্পৰ্ক ৰাখিবলৈ যত্ন কৰা পাপুৰ ভাস্কৰ্যত মূৰ তুলি থকা বিভিন্ন ভাস্কৰ্যই জীয়াই থকা আশাবাদৰ সূচনা কৰিছে। আনহাতে, পাপুৱে শিল্পকৰ্মৰ জৰিয়তে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীতে উদ্যোগীকৰণৰ নামত ষড়যন্ত্ৰৰ বলি হোৱা ভগ্নপ্ৰায় সমাজ ব্যবস্থাৰ যি প্ৰকৃত স্বৰূপ তাকে বিষয় হিচাপে লৈ সংৰচনা কৰা সৃজনশীল দৃশ্যমান৷ খাটিখোৱা মানুহৰ আবেগ অনুভূতি প্ৰকাশ কৰা পাপুৰ চিত্ৰকৰ্মই ইতিমধ্যে চ’চিয়েল মিডিয়াৰ মাধ্যমত তোলপাৰ লগাইছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা