গুৱাহাটী প্ৰেছ ক্লাবত আজমল ফাউণ্ডেচনৰ খাদ্য সামগ্ৰী বিতৰণ

ষ্টাফৰিপোৰ্টাৰ, ৩০ এপ্ৰিল ::  কৰ'না ভাইৰাছৰ বাবে চৰকাৰে আহ্বান জনোৱা লকডাউনৰ সময়ত সম্প্ৰতি বহু সাধাৰন নাগৰিকৰ লগতে সংবাদ মাধ্যমৰ লোক সকলো সমস্যাৰ সন্মূখিন হৈছে ৷ এনে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুঠ দুশটা খাদ্য সামগ্ৰীৰ টোপোলা  বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ পৰিয়াললৈ  আজমল ফাউণ্ডেচনে আগবঢ়ায় ৷ আজমল ফাউণ্ডেচনৰ  শৈক্ষিক সঞ্চালক প্ৰাক্তন কৰ্নেল চমিৰ কাঞ্জিলাল আৰু হাইদৰ হুছেইন বৰাই গুৱাহাটী প্ৰেছ ক্লাৱত উপস্থিত হৈ আনুষ্ঠানিক ভাৱে প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ, সম্পাদক সঞ্জয় ৰায় তথা প্ৰেছ ক্লাৱৰ বিষববীয়া  হাতত এই খাদ্য সামগ্ৰীৰ টোপোলা অৰ্পন কৰে ৷ এই কাৰ্যসুচীত উপস্থিত থকা চমিৰ কাঞ্জিলালে তেওঁৰ বক্তব্যত কয়  - "আজমল চি এচ আৰৰ চি ই অ মৌ বদৰুদ্দিন আজমল আৰু ন্যাসৰক্ষী চিৰাজুদ্দিন আজমলে এই লকডাউনৰ সময়ত  বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা সকলৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰে ৷ সেই অনুসৰি প্ৰতিটো পৰিয়াললৈ চাউল ১৫ কেজি, দাইল ২কেজি,মিঠাতেল ১ লিটাৰ,চেনী ২ কেজি গুটা বুট ২ কেজি, বিস্কুত ২পেকেট আৰু,চাবোন ৫ ডোখৰকৈ খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰতিটো পৰিয়াললৈ আগবঢোৱাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ ব্যক্তি সকলৰ দেশৰ প্ৰতি কৰি অহা সেৱাৰ বিষয়েও ব্যক্তব্যত প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও তেওঁ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোলৈকে এই সময়চোৱাত অসমৰ বিভিন্ন প্ৰান্তত  সৰ্বমুঠ চল্লিশ হাজাৰতকৈয়ো অধিক পৰিয়াললৈ খাদ্য সামগ্ৰীৰ টোপোলা আগবঢোৱাৰ লগতে যি সকল লোক ৰাজ্যৰ বাহিৰত লকডাউনৰ বাবে আবদ্ধ হৈ থাবলগীয়া হৈছে এনে ধৰনৰ আবদ্ধ যি সকলে মৌ বদৰুদ্দিন আজমল চাহাবৰ সতে যোগাযোগ কৰিছে  তেখেত সকলক আৰ্থিকভাৱে ও সাহাৰ্য প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে ৷ উল্লেখ বৃহস্পতিবাৰৰ এই কাৰ্যসুচিত প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে  আজমল ফাউণ্ডেচনে গুৱাহাটী  প্ৰেছ ক্লাৱলৈ এই সংকত কালত  আগবঢ়োৱা সাহাৰ্য তথা সহমৰ্মিতাৰ  বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা