অনুসূচিত জাতিৰ মৎসজিৱীসকলক এককালীন সাহাৰ্য্যৰ দাবীঅনুসূচিত জাতি ছাত্ৰ সন্থাৰ

অনুসূচিত জাতিৰ মৎসজিৱীসকলক এককালীন সাহাৰ্য্যৰ দাবী
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ : ২৭ এপ্ৰিল : অসমৰ অনুসূচিত জাতিৰ অধিক সংখ্যক লোকেই মৎস বিত্তিৰ লগত জৰিত খাটি খোৱা মানুহ। সেই লোকসকলে মাছ মাৰি, বিক্ৰি কৰি সিমিত পৰিমানৰ উপাৰ্জনেৰে নিজৰ ঘৰ পৰিয়াল সহিতে জীৱন নিৰ্বাহ কৰে। এই দৰিদ্ৰ মৎসজীৱি সকলৰ জীৱন অতি বিপন্ন। চৰকাৰৰ নিৰ্দেশ অনুযায়ী প্ৰতি বছৰে ১৪ এপ্ৰিলৰ পৰা তিনি মাহ পৰ্য্যন্ত মাছ মৰা কাৰ্য্য বন্ধ থাকে। কিন্তু সেইখিনি সময়ত সেই মৎসজিৱী সকলে কেনেদৰে জীৱন নিৰ্বাহ কৰে, সেয়া চৰকাৰে এবাৰলৈকো ভাবি নাচায় । সেই ব্যক্তিসকলৰ বাবে নাই চৰকাৰৰ ওচৰত কোনো আচঁনি । এই মন্তব্য কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সম্পাদক গৰাকীয়ে কয় যে বিগত মাছ মৰা বন্ধ থকা সময়খিনিত অনুসূচিত জাতিৰ মৎসজীৱিসকলক এককালীন সহাৰ্য্য প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ দাবী উত্থাপন কৰা হৈছিল যদিও আজিকোপতি চৰকাৰে একেবাৰেই গুৰুত্ব প্ৰদান কৰা নাই ।এনে দাবীৰ কাৰ্য্যকৰী কৰাৰ ক্ষেত্রত  সন্থাই আন্দোলনৰ দৰে কাৰ্য্যসূচীও হাতত লব লগা হৈছিল। কিন্তু প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰখনে গুৰুত্ব প্ৰদান কৰাতু পৰিলক্ষিত নহলে । কিন্তু দেশৰ এই সংকটময় পৰিবেশত উক্ত মৎসজীৱি সকলে জীৱন নিবাসৰ ক্ষেত্রত হাহাঁকাৰ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। চৰকাৰে সকলো ধৰণৰ দৰিদ্ৰ লোকৰ প্ৰতি সকাহ দিয়াৰ চেষ্টা কৰিছে। ঠিক সেইদৰে অনুসূচিত জাতিৰ এইসকল দৰিদ্ৰ মৎসজীৱিক এককালীন সাহাৰ্য্য প্ৰদান কৰি চৰকাৰে নিজৰ দায়িত্ববোধ আৰু মহানুভৱতা প্ৰদৰ্শনৰ আহ্বান জনোৱাৰ লগতে দাবী উত্থাপন কৰিছে সন্থাই |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা