হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰমত কৰ'না নিয়ন্ত্রণ কক্ষৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ

ষ্টাফৰিপোৰ্টাৰ, ২১ এপ্ৰিল ::  কাহিলিপাৰাৰ ওডালবাক্ৰাস্থিত হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰমত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৰ'না নিয়ন্ত্রণ কক্ষৰ উদ্যোগত কমিটিৰ সভাপতি ৰিপুন বৰা ৰ নিৰ্দেশ মৰ্মে  বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৰ'না নিয়ন্ত্রণ কক্ষৰ কাৰ্যবাহী পুলকেশ ৰায়মেধিয়ে এই খাদ্য সামগ্ৰী সমূহ হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰমৰ ৬০ টা শিশুৰ মাজত বিতৰণ কৰে। এই কাৰ্যসূচীত হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী গোপাল দাস, ভিকি দাস আৰু আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদ উপস্থিত থাকে। উল্লেখ ২০১৫ চনত স্থাপন হোৱা এই অনাথ আশ্ৰমত সংগীত, নাটক আদিৰ শিক্ষা দিয়া হয়।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৰ'না নিয়ন্ত্রণ কক্ষৰ এই প্ৰচেষ্টাক 
হেল্প এণ্ড হেল্পলেছ অনাথ আশ্ৰম কৰ্তৃপক্ষই শলাগে।

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা