কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঁঞাৰ নেতৃত্বত আৰ্তজনৰ কাষত মানৱ দৰদী যুৱকৰ এটি দল

কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঁঞাৰ নেতৃত্বত আৰ্তজনৰ কাষত মানৱ দৰদী যুৱকৰ এটি দল

----------------------------------------------------


   বিখ্যাত মনীষী মন্টেইনে কৈছিল-“ যি মানুহে নাম মাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে,তেঁৱৰ জীৱনৰ কোনো অৰ্থ নাই ৷”
মন্টেইনৰ সেই মহৎ বাণীৰ গূঢ়াৰ্থ অনুধাৱন কৰিয়ে সম্প্ৰতি ৰাজ্যখনত দুৰ্গত ৰাইজৰ হিতাৰ্থে কাম কৰিবলৈ আগবাঢ়ি আহিছে অলেখ মহানুভৱী লোক ৷ নিজৰ সুখ দুখৰ কথা আওকাণ কৰি এই সকল লোকে দিনে নিশাই মাথোঁ দীন-সম্বলহীন জনৰ বাবেহে বেছিকৈ চিন্তা চৰ্চা কৰিছে ৷ প্ৰণিধানযোগ্য যে, লক ডাউনাৰ ফলত সমাজৰ বিশেষকৈ শ্ৰমজীৱী মানুহৰ মাজত যি অভাৱ অনাটনে দেখা দিলে সেয়া সৰ্বজনবিদিত ৷ এই আৰ্তজনৰ হৃদয়ৰ কৰুণ আৰ্তনাদ অনুধাৱন কৰিয়ে ইয়াক কিছু পৰিমাণে হ’লেও দূৰ কৰিবলৈ ওলাই আহিল দৰিদ্ৰ জনৰ বন্ধু স্বৰূপ এই হৃদয়বান লোক সকল ৷ আৰম্ভ হ’ল ৰাজ্যখনৰ চুকে-কোণে  বিপদ গ্ৰস্তক সাহায্য প্ৰদান অভিযান ৷ পিছ পৰি নাথাকিল গোৱালপাৰা জিলাখনো ৷ জিলাখনৰ গ্ৰাম্য চহৰ কৃষ্ণাইতো ওলাই আহিল এদল উৎসাহী যুৱক ৷ কৰ্মঠ,সমাজ হিতৈষী অথচ প্ৰচাৰ বিমুখ এই যুৱকৰ দলটোৰ  নেতৃত্ব বহন কৰিলে কৃষ্ণাইবাসীৰ বাবে এই মুহূৰ্তত অমূল্য ৰত্ন স্বৰূপ কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঁঞা ৷ আৰক্ষী প্ৰশাসনৰ হেজাৰ দায়িত্বৰ  মাজতে সময়ৰ সৎ ব্যৱহাৰ কৰি ৰতন ভূঁঁঞা দেৱে যুৱক সকলৰ সদিচ্ছাৰ বাঘজৰী ডাল প্ৰধান সেনাপতিৰ দৰে নিজৰ হাতত তুলি ল’লে ৷ লগত থাকিল জিলাখনৰ জ্যেষ্ঠ সাংবাদিক চৈয়দ ৰবিউল হক ৷ ৰতন ভূঞাঁ আৰু চৈয়দ ৰবিউল হকৰ কৰ্মস্পৃহা আৰু ছন্দবদ্ধ সুক্ষ্ম চিন্তাই যুৱকৰ দলটোৰ মনোবল দুগুণে বৃদ্ধি কৰিলে ৷ যাৰ ফলশ্ৰুতিত দিন-ৰাতি একাকাৰ কৰি ভূঁঞা আৰু হকৰ ছত্ৰছায়াত আৰ্তজনৰ পদূলিয়ে পদূলিয়ে আশাৰ কিৰণ হৈ থিয় দিলে অক্লান্ত যোদ্ধা স্বৰূপ অমিত সাহা (পাপু),ৰাহুল খান,ৰণবীৰ সাহা (ম’না),মিহিৰ কৰ,পিন্টু বণিক,ৰাজ হুছেইন (ৰিংকু), নয়ন মণি শৰ্মা আৰু  স্থানীয় এদল যুৱক ৷ মানৱ দৰদী এই দলটোৱে কৃষ্ণাই আৰু ইয়াৰ পাৰ্শ্ববৰ্তী ৰোহিণীজাৰ,হস্তিণীপুৰ,
শালপাৰা,টুকুৰা,জিৰা,পাইকান,আশুডুবি,
কৰ্মকাৰপাৰা,
ভেলাখামাৰ,বাবুপাৰা,
জ্যোতিনগৰ,
জাগ্ৰতপাৰা,ঝৰাবড়ী,
চাৰিআলি,আৰিমাৰা,কৃষ্ণাই,খাৰিজা মানিকপুৰ আদিকে ধৰি অৰ্দ্ধ শতাধিক গাঁৱৰ শ শ পৰিয়ালক বিগত প্ৰায় উনৈছ দিনে পাৰ্যমানে খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰি আহিছে  ৷ নাম,বেনাৰত বিশ্বাস নকৰা এই দলটোৱে ইয়াৰ মাজতে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়লৈ গৈ খাদ্যৰ সংকটত ভোগা কপিকুলকো খাদ্যৰ যোগান ধৰিছে ৷ প্ৰচাৰ বিমুখ এই দলটোৰ মানৱ দৰদী কৰ্মোদ্যম দেখি বিভিন্ন ধৰণে সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিল কৃষ্ণাই ব্যৱসায় সন্থা, মুকুল কৰ,পৰিমল সাহাৰ দৰে অঞ্চলটোৰ একাংশ স্বচ্ছল হৃদয়বান লোক ৷ আগবাঢ়ি আহিল ঔষধ ব্যৱসায়ী মহাবীৰ সাহা (পল্লৱ)ৰ দৰে সৰবৰহী যুৱক ৷ পল্লৱে ঘোষণা কৰিলে এই লক ডাউনৰ সময়ত সাধাৰণ ৰোগৰ বাবেও ঔষধ ক্ৰয় কৰিবলৈ অপাৰগ দুখীয়া সকলক বিনামূলীয়া ভাৱে ঔষধ যোগান ধৰিব তেওঁ ৷ এয়া সঁচাই এক আশাবাদৰ ৰেঙণি ৷ বিশ্ব বিশ্ৰুত মনীষী লিঅ’’ টলষ্টয়েে ক’বৰ দৰে--"জীয়াই থকাটো ডাঙৰ কথা নহয়,ডাঙৰ কথা হ’ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি,আদৰ্শ জীপাল হৈ থকাটোহে ৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে ৷" কৃষ্ণাইৰ এই মানৱ দৰদী দলটোৰ সহৃদয়তাৰ কথা অঞ্চলবাসী ৰাইজে নিশ্চয় চিৰদিন স্মৰণ কৰিব ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report


××× ×××× ×××× ×××× ×××× ×××× ××

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা