বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সাত বহাগৰ নামৰ সলনি; বন্তি প্ৰজ্বলনেৰে ধৰ্মীয় পৰম্পৰা ৰক্ষা

::বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সাত বহাগৰ নামৰ সলনি; বন্তি প্ৰজ্বলনেৰে ধৰ্মীয় পৰম্পৰা ৰক্ষা ::

কঞ্জল দাস, বৰপেটা ২২ এপ্ৰিল : কোভিড ১৯ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি  আহ্বান জনোৱা তলাবন্ধৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই বৰপেটা সত্ৰৰ দালানৰ সন্মুখত ভালেমান বছৰ ধৰি পৰম্পৰাগত ভাৱে চলি অহা সাত বহাগৰ নাম স্থগিত ৰখা হৈছে ৷ পৰম্পৰা অনুসাৰে আজি বিয়লি দালানৰ সন্মুখত সাত বহাগৰ নাম অনুষ্ঠিত হব লাগিছিল যদিও তলাবন্ধৰ বাবে স্থগিত ৰখাত  তিনিওটা নামখোলাৰ স্থানত   থূল তিনি হাটীৰ ভড়ালী মজুমদাৰৰ উপস্থিতিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া   বশিষ্ট দেৱ শৰ্মাই  তিনি গছি বন্তি প্ৰজ্বন কৰি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰে ৷ থূল দক্ষিণহাটীৰ নামখোলাত ভড়ালী সত্যৰঞ্জন দাস আৰু মজুমদাৰ প্ৰাণজিৎ দাস , থূল নহাটীৰ নামখোলাত ভড়ালী কিৰণ চন্দ্ৰ খাটনিয়াৰ ,মজুমদাৰ প্ৰাণজিৎ কুমাৰ দাস আৰু থূল উত্তৰহাটীৰ নামখোলাত ভড়ালী মতিলাল পাঠক আৰু মজুমদাৰ মহানন্দ পাঠকে  বুঢ়াসত্ৰীয়াই প্ৰজ্বলন কৰাৰ পিছত সেৱা লয় ৷ তাৰ পিছত তিনিওটা থূলহাটীৰ ভড়ালী মজুমদাৰৰ উপৰি সত্ৰৰ সম্পাদক প্ৰদীপ কুমাৰ পাঠক সহিতে উপস্থিত থকা আন কেইজনমান ভকতে  থান বন্দনী ঘোষা গাই সত্ৰত প্ৰৱেশ কৰে আৰু সত্ৰৰ মঠৰ চোতালত সামৰণি ঘোষাৰে অপৰাধ মাগি আঠু লয় ৷ সামাজিক দূৰত্ব বজাই ৰাখি  মঠৰ চোতালত প্ৰাৰ্থনা ঘোষা লগাই দিয়ে  সত্ৰৰ বুঢ়াসত্ৰীয়াই ৷ শেষত সত্ৰৰ বৰবাহাৰ বুঢ়াভকত হেমেন আতৈ বুঢ়াভকতে অপৰাধ মাগে আৰু সত্ৰীয়াই   বৰপেটা সত্ৰৰ ২২ খন হাটীক প্ৰতিনিধিত্ব কৰা ভড়াল মজুমদাৰ সমন্বিতে ভকতকেইজনক বুঢ়াসত্ৰীয়াই  আশীৰ্বাদ প্ৰদান কৰে ৷ উল্লেখ্য যে , বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাই বৰপেটা চহৰক ২২খন হাটীত বিভক্ত কৰিছিল ৷ পৰবৰ্তী পৰ্যায়ত এই হাটীসমূহ তিনিটা থূলহাটীৰ অন্তৰ্ভুক্ত কৰা হয় ৷ ইয়াৰে থূল উত্তৰহাটীত ১১খন , থূল দক্ষিণহাটীত ৬ খন আৰু থূল নহাটীত ৫ খন হাটী জড়িত হৈ আছে ৷ বৰপেটা সত্ৰৰ সমূহ ভকতৰ আজ্ঞামৰ্মে এই থূল হাটী তিনিখনৰ দ্বাৰাই প্ৰতিবছৰে সাত বহাগৰ দিনা দালানৰ সন্মুখত থিয়নামৰ আয়োজন কৰা হয় ৷ এই নামৰ পিছতে 
  সত্ৰীয়া ৰীতি নীতি পৰম্পৰা আৰু লোকাচাৰৰ মাজেৰে    চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ হোৱা  বৰপেটাৰ বৈহাগৰ দোমাহীৰ  সামৰণি পৰে  ৷ সত্ৰৰ দালানৰ দক্ষিণদিশে থূল দক্ষিণহাটী , পশ্চিমদিশে থূল নহাটী  আৰু উত্তৰদিশে থূল উত্তৰহাটীৰ ভকতসকলে নামৰ খোল পাতে ৷ পিছে দেশত চলি থকা তলাবন্ধৰ পৰিপ্ৰ্ক্ষিতত পৰম্পৰাগত নাম স্থগিত ৰাখে বৰপেটা সত্ৰবাসীয়ে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা