এম.এ.চিৰ প্ৰতিনিধিৰ সৈতে স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ

এম.এ.চিৰ প্ৰতিনিধিৰ সৈতে স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ : বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ
_______________________________



পৰাণজ্যোতি বৰা, মাজুলী,২৬,এপ্ৰিল:
মহামাৰী কৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে সমগ্ৰ ৰাজ্যত লক ডাউন অব্যাহত আছে।তাৰ মাজতে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত সাম্প্ৰতিক সময়ত বিৰাজ কৰা বহু কেইটা বিষয়ৰ পৰ্যালোচনা আৰু লক ডাউন খোলাৰ পৰৱৰ্তী পৰ্যায়ত মিচিং অঞ্চল সমূহত সন্মুখীন হব পৰা পৰিস্থিতিক কি দৰে মোকাবিলা কৰিব লাগিব এই বিষয়ত যোৱা ২৩ এপ্ৰিলত মিচিং স্বায়ত্ব পৰিষদৰ মাজুলীৰ তিনিও গৰাকী কাৰ্যবাহী সাধাৰণ সদস্য মিলিত হয়।সাধাৰণ সদস্য ক্ৰমে ত্ৰৈলোক্য পামে গাম ,উমা পাঠৰী,নীল দলে উপস্থিত থকা আলোচনা কালত মাজুলী জিলা TMPK, MMK ,TMMK সংগঠনৰ নেতৃবৰ্গৰ লগতে অন্য চাৰিটিকৈ গোটো আলোচনাত মিলিত হয় ৷ইফালে যোৱাকালি মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে নামনি মাজুলীৰ কৰতিপাৰৰ পৰা আৰম্ভ কৰি উজনী মাজুলীৰ গেজেৰালৈকে থকা মিছিং অধ্যুষিত অঞ্চলত থকা বহুকেইখন স্বাস্থ্য কেন্দ্ৰ ( PHC, MPHC ,State Dispensary ,HSC ,HWC) পৰিদৰ্শন কৰি আন্তগাঠনি আৰু বিভিন্ন সমস্যা সমূহৰ বুজ লয়।ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে একীভূত জনজাতি উন্নয়ন প্ৰকল্প সঞ্চালকৰ নেতৃত্বত দামবুকিয়াল মিচিং গাঁৱৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি বহী বিতৰণ কৰে বুলি এক প্ৰেছ বিবৃত্তি যোগে মাজুলী জিলা TMPK ৰ শিক্ষা সম্পাদক লিয়াৰ্ড প্ৰতীম ৰেগনে জনাইছে।MAC ৰ EC পুৰুষোত্তম দলে,জিলা পৰিষদৰ চেয়াৰমেন পাপু দত্ত ,জিলা পৰিষদৰ সদস্য দেৱজিৎ পাতিৰ আৰু মাজুলীৰ MAC ৰ তিনিও গৰাকী সদস্যই স্বাস্থ্য কেন্দ্ৰ সমূহ পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত গৰাকীক সংগ দিয়ে।


পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা