গোলাঘাট শাখা সাহিত্য সভাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসত শ্ৰদ্ধা নিবেদন

গোলাঘাট শাখা সাহিত্য সভাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসত শ্ৰদ্ধা নিবেদন :  গোলাঘাট,৩০ এপ্ৰিল : -            _________________________      হেমকোষ ৰচি  /                          হেমচন্দ্ৰ হেৰা   /                         ভাষা আকাশৰ জোন , /                স্বদেশ ভাষাত   /                         এনে শব্দকোষ   /                          ভাৰতত ৰচিলে কোন............... সাহিত্য ৰথী ,ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰে ...সোঁৱৰি আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস। ২৪ আঘোণ ১৭৫৭ শকত জন্মগ্ৰহণ কৰা হেমচন্দ্ৰ বৰুৱাৰ মহাপ্ৰয়ান হৈছিল ১৮১৮ শকৰ  ১৭ বহাগৰ আজিৰ দিনটোতে। প্ৰত্যেক বৰ্ষৰ এই বিশেষ  দিনটোত  হেমকোষ প্ৰণেতা বৰুৱা দেৱক গোলাঘাটবাসীয়ে স্মৰণ কৰি আহিছে যদিও এই বৰ্ষত সমগ্ৰ বিশ্বজুৰি কৰ'না মহামাৰীয়ে লকডাউনৰ যোগেদি জনজীৱন স্তব্ধ হৈ পৰাত গোলাঘাটৰ কলেজ তিনিআলিত অৱস্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষমূৰ্তি থলীত এক নিৰ্জনতা বিৰাজ কৰিছে। যদিও সামাজিক দূৰত্বৰ নিয়ম উলংঘন নকৰাকৈ গোলাঘাট শাখা সাহিত্য সভাৰ মুষ্টিমেয় কেইজনমান বিষয় - ববীয়াই অনুষ্ঠুপীয়াকৈ আজি এই হেমকোষ প্ৰণেতালৈ যাঁচিলে একাজলি শ্ৰদ্ধাঞ্জলি। শাখা সাহিত্য সভাৰ হৈ সম্পাদক সুনীল ৰাজগুৰুয়ে   এগচি বন্তি প্ৰজ্বলন কৰাৰ লগতে অন্যতম সদস্য মানস বৰুৱাই পুষ্পাঞ্জলী আগবঢ়াই   অসমীয়া শব্দৰ ভঁৰাল চহকী কৰা এই নমস্য হেমকোষ প্ৰণেতা গৰাকীক স্মৰণ কৰি  শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা