ৰঙিয়াৰ বিশিষ্ট সাংবাদিক মিৰাজুল ইছলামৰ মাতৃৰ দেহাৱসান

প্ৰতিবেদক, ৰঙিয়া , ২৬ এপ্ৰিল :
ৰঙিয়া টাউন ৩ নম্বৰ ৱাৰ্ডৰ বাৰ্মিজ নগৰৰ ধৰ্মপ্ৰাণ মহিলা গুল নাহাৰ বেগমৰ আজি পুৱা দহমান বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত গুল নাহাৰ বেগমৰ বয়স হৈছিল প্ৰায় ৭১ বছৰ। অতি অমায়িক, বিনয়ী তথা অনুকৰনীয় মহিলা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা গুল নাহাৰ বেগমে বিশেষকৈ মহিলা সমাজক সামাজিক দিশত আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। মৃত্যুৰ সময়ত বেগমে স্বামী সহ তিনিজন পুত্ৰ, দুজনী কন্যা আৰু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে বহু গুণমুগ্ধই  ৰঙিয়া ৩ ওৱাৰ্ডৰ বাৰ্মিজ নগৰৰ বাসগৃহত উপস্থিত হৈ গুৱাহাটীৰ পৰা আনি পোৱাৰ পিছত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাজ্যত লকডাউন অব্যাহত থকাত আবেলি তিনিবজাত ৰঙিয়াৰ বাৰ্মিজ নগৰৰ নিজগৃহত সীমিত লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰি ৰঙিয়া টাউন কবৰস্থানত কবৰ দিয়া হয় ।গুল নাহাৰ বেগমৰ মৃত্যুত  অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। উল্লেখ্য যে প্ৰয়াত বেগমৰ পুত্ৰ মিৰাজুল ইছলামে অসমীয়া বাতৰি কাকত "দৈনিক অসম" আৰু "জনমভূমি" কাকতত ৰঙিয়াৰ প্ৰতিবেদক হিচাপে ৰাইজৰ মাজত পৰিচিত। গুল নাহাৰ বেগমৰ মৃত্যুত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, সাংসদ ভুৱনেশ্বৰ কলিতা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ঘনশ্যাম কলিতা, বিজেপিৰ যুৱ নেতা সুবল পাল, উত্তম পাল, ব্লক কংগ্ৰেছ কমিটি, আছু, যুৱ-ছাত্ৰ পৰিষদ,উদয়ন সংঘ, ৰঙিয়া প্ৰেছ ক্লাৱ,কমলপুৰ প্ৰেছ গীল্ডৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বহু গুণমুগ্ধই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনায় ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা