নলবাৰীৰ খৈৰাবাৰী কৈৱৰ্ত চুবুৰীত চিপ লৈ এজনৰ আত্মাহত্যা

*নলবাৰীৰ খৈৰাবাৰী কৈৱৰ্ত চুবুৰীত চিপ লৈ এজনৰ আত্মাহত্যা*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ এপ্ৰিল*

  

নলবাৰীৰ চামতা উন্নয়ন খণ্ডৰ বেলশৰ আৰক্ষী থানাৰ  অন্তৰ্গত খৈৰাবাৰী কৈৱৰ্ত চুবুৰীৰ এজন যুবকে চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা বিবাহিত লোকজনৰ নাম মন্টু দাস (৪০)। জানিব পৰা মতে লোকজনে কালি মাজনিশাৰে পৰা পাৰিবাৰিক কন্দলৰ বাবে ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ পৰিয়ালৰ লোকে তেওঁক বিচাৰ খোচাৰ কৰিও কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই যদিও পিছত আজি ৰাতিপুৱা স্থানীয় লোকে ঘৰৰ ওচৰৰে এডাল গছত চিপ লৈ আত্মহত্যা কৰা প্ৰত্যক্ষ কৰে।পিছত স্থানীয় বেলশৰ  আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা