সংবাদ মাধ্যমৰ বাতৰিৰ পাছতে বনশ্ৰীৰ বাসগৃহত সাংসদ কামাখ্যা প্ৰসাদ তাছা

সংবাদ মাধ্যমৰ বাতৰিৰ পাছতে বনশ্ৰীৰ বাসগৃহত সাংসদ কামাখ্যা প্ৰসাদ তাছা 

কৰ'ণাৰ যুঁজত সহযোগ কৰা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহা আৰু বনশ্ৰী গগৈক কৃতজ্ঞতা তাছাৰ

পলিমা চেতিয়া,কাজিৰঙা, ২৯ এপ্ৰিলঃ
নিজা উদ্যোগত গামোচাৰে মাস্ক তৈয়াৰ কৰি অত্যাৱশ্যকীয় সেৱাৰ লোকক বিনামূলীয়া বিতৰণ কৰা কাজিৰঙাৰ বনশ্ৰী গগৈৰ বাতৰি 'সংবাদ মাধ্যম'ত প্ৰকাশৰ পাছতে সাংসদ কামাখ্যা প্ৰসাদ তাছা বনশ্ৰীৰ বাসগৃহত উপস্থিত হয়৷ সাংসদ তাছাই কয় যে কভিড-১৯ৰ মাৰাত্মক যুঁজত কাজিৰঙাৰ বনশ্ৰীয়ে সহযোদ্ধা হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপে অত্যাৱশ্যকীয় সেৱাৰ স'তে জড়িত আৰক্ষী-প্ৰশাসন তথা সংবাদ মাধ্যমৰ লোকক ধাৰাবাহিক সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত যথেষ্ট মনোবল বৃদ্ধি কৰিব৷ ইপিনে, বনশ্ৰীৰ এই কাৰ্যত যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই বিভিন্ন ধৰণে বনশ্ৰীক সহযোগ আগবঢ়াই এক মহৎ কাৰ্য কৰিছে৷ অদৃশ্য শক্তি কৰ'ণাৰ এই যুঁজত অংশীদাৰত্ব গ্ৰহণ কৰা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহা আৰু বনশ্ৰী গগৈলৈ সাংসদ তাছাই কৃতজ্ঞতা প্ৰকাশ কৰে৷ ইপিনে, সাংসদ তাছাৰ স'তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ বনশ্ৰীৰ বাসগৃহত উপস্থিত হৈ এই মহৎ কৰ্মৰ বাবে ধন্যবাদ জনোৱাৰ লগতে বনশ্ৰীক উৎসাহ জগোৱাৰ উদ্দেশ্যতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ বাবে প্ৰয়োজন হোৱা মাস্ক বনশ্ৰীৰ পৰা ক্ৰয় কৰাৰ সন্দৰ্ভত ঘোষণা কৰে৷ ইফালে, বনশ্ৰীয়ে  বোকাখাতস্থিত উজনি অসম বিকলাংগ কেন্দ্ৰৰ দিব্যাংগসকলক আৰু বোকাখাত অনাথ আশ্ৰমৰ আৱাসীসকলক গামোচাৰে তৈয়াৰী মাস্ক প্ৰদান কৰে৷ তদুপৰি, উজনি অসম বিকলাংগ কেন্দ্ৰৰ দিব্যাংগসকলৰ বাবে যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই চাউল, দাইলকে ধৰি কিছু খাদ্য-সামগ্ৰী তথা সাংবাদিক পলিমা চেতিয়া বসুমতাৰীয়ে বিভিন্ন খাদ্য-সামগ্ৰী প্ৰদান কৰে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা