নলবাৰীত উপস্থিত হৈ চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই বুজ ল'লে পৰিস্থিতিৰ

দ্বিতীয় পৰ্যায়ৰ লকডাউন

নলবাৰীত উপস্থিত হৈ চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই বুজ ল'লে পৰিস্থিতিৰ
নলবাৰী, ২১ এপ্ৰিল :  যোৱাকালি বিয়লি ৫ বজাত নলবাৰী জিলাত দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময় ছোৱাত পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কৃষি ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে উপস্থিত হয় পৰিবহন আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা ।
       মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ পৰা জিলাখনত বৰ্তমানে কিমান সংখ্যক লোক কোৱাৰেন্টাইনত আছে , কিমান সংখ্যক লোকক আছুতীয়া কক্ষত ৰখা হৈছে , আছুতীয়া কক্ষত ৰাখিবলৈ কিমান সুবিধা আছে , চাৰ্ভিলেন্স দল কিমানটা আছে , ঔষধ কিমান আছে তাৰ বিষয়ে বুজ লয় । যুটীয়া সঞ্চালকে জনায় যে আন সকলো ব্যৱস্থা থকাৰ লগতে জিলাখনত ঔষধো পৰ্যাপ্ত আছে । নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৰোগী কঢ়িওৱাৰ সুবিধাৰ্থে বৰপেটাৰ  পৰা এখন ১০৮ এম্বুলেন্স অনাৰ বাবে ব্যৱস্থা কৰে মন্ত্ৰী পাটোৱাৰীয়ে । আনহাতে যোগান বিভাগৰ পৰা মন্ত্ৰীগৰাকীক জনোৱা হয় যে অহা ১৬ দিনৰ বাবে চাউল পৰ্যাপ্ত আছে আৰু ১৭ দিনৰ বাবে দাইল আছে । অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী ও পৰ্যাপ্ত আছে আৰু সামগ্ৰী নিয়মীয়াকৈ আহি আছে জিলাখনলৈ । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আৰু অন্যান্য বিভাগৰ কাম-কাজ দেখি সন্তোষ প্ৰকাশ কৰে । মন্ত্ৰী পাটোৱাৰীয়ে উপায়ুক্তৰ লগত আলোচনা কৰি মথাউৰিসমূহৰ কাম অাৰু নদলা চেনেলৰ কাম সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে ।
      কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই জিলা কৃষি বিষয়া, জিলা পশুপালন বিষয়া , আৰু দুগ্ধ উন্নয়ন বিভাগৰ উপ-সঞ্চালকৰ পৰা নলবাৰী জিলাৰ কৃষি , পশুপালন আদি সম্পৰ্কত বুজ লয় । কৃষি বিভাগৰ বিষয়াৰ পৰা জিলাখনত বৰ্তমান সময়ত কি কি খেতি কৰি থকা হৈছে , পশুৰ বাবে ঘাঁহৰ খেতি কৰা হৈছে নে নাই সেই বিষয়ে বুজ লয় । মন্ত্ৰী শ্ৰী  বৰাই কয় যে সম্প্ৰতি কোভিড-১৯ ৰ বাবে লকডাউন চলি থকা সময়ত কৃষকৰ উৎপাদিত শাক-পাচলিয়ে বজাৰ নোপোৱা কাৰণে কৃষকসকল লোকচানৰ সন্মুখীন হ'ল । কিন্তু তথাপি কৃষকসকলৰ মন ভাঙিব দিব নোৱাৰি । গতিকে কৃষকসকলক বৰ্তমানে কৰিব পৰা খেতিৰ বাবে উৎসাহিত কৰিব লাগিব কৃষি বিষয়াই । সদ্যহতে তিতা কেৰেলা , ভাত কেৰেলা , পানী লাও , ভেণ্ডি আদিৰ বীজ দিয়া হ'ব কৃষি বিভাগৰ পৰা । সেইবিলাক খেতি কৰাৰ লগতে মাকৈ খেতি কৰিও কৃষকে লাভৱান হ'ব পাৰে কাৰণ মাকৈ মানুহেও খায় , মাকৈৰ পৰা পশুখাদ্যও বনোৱা হয় আৰু গছডালৰ পৰা সাৰো হয় । আমাৰ ৰাজ্যখন যিহেতু কৃষি প্ৰধান ৰাজ্য গতিকে কৃষি ক্ষেত্ৰত আমি সৰ্বাধিক গুৰুত্ব দিব লাগিব । ইতিমধ্যে অসমৰ কৃষি উৎপাদিত সামগ্ৰী বাহিৰলৈও পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল কোভিড-১৯ সংক্ৰমণ হোৱাৰ আগত , সেই পৰিৱেশ নিশ্চয় আকৌ ঘুৰি আহিব । কমিউনিটি নাৰ্চাৰী কৰিবলৈও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । সামাজিক দূৰত্ব বজাই ৰাখি কৃষি কৰ্ম কৰিবলৈ আহ্বান জনায় মন্ত্ৰী বৰাই । তেওঁ উপায়ুক্ত শ্ৰী দেৱ চৌধুৰীক ইতিমধ্যে চৰকাৰৰ পৰা অনুমোদন জনোৱা ট্ৰেক্টৰ আৰু অগভীৰ নলীনাদসমূহ আনুষ্ঠানিকতা নকৰাকৈ হিতাধিকাৰী কৃষকসকলৰ মাজত বিতৰণ কৰি কৃষি কৰ্মত ব্যৱহাৰ কৰিবৰ বাবে সুবিধা কৰি দিবলৈ আহ্বান জনায় । 
       এই সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা , বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা , উদ্যোগ , পৰিবহন আৰু কৃষি আৰু পশুপালন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা , অধ্যক্ষ নিতুল ডেকা , আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ ,সমাজকৰ্মী মৃগাংক তালুকদাৰ , অতিৰিক্ত উপায়ুক্তসকল , চক্ৰ বিষয়াসকল নলবাৰী জিলাৰ বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা