বিধায়িকা অজন্তা নেওগৰ উদ্যোগত ঐতিহাসিক আঠখেলীয়া নামঘৰত চেনিটাইজ

গোলাঘাট,৩০ এপ্ৰিল : আজি অসমৰ ভক্তপ্ৰাণ ৰাইজৰ  প্ৰাণস্বৰূপ গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত কৰা হ'য়  চেনিটাইজাৰ।  ঈশ্বৰ  আৰাধনাৰ কেন্দ্ৰস্থল এই  নামঘৰভাগিত গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে গ্ৰহণ কৰিলে এই পদক্ষেপ। চৌহদটো পৰিষ্কাৰ তথা বীজাণু মুক্ত কৰিবৰ বাবে গোলাঘাট  কংগ্ৰেছৰ যুৱকৰ্মী সকলে ললে আগভাগ। উক্ত কাৰ্যসূচী সফল কৰিবলৈ নামঘৰ পৰিচালনা সমিতি আৰু পি  এইচ ই বিভাগেও সহযোগ কৰে।আজিৰ এই কাৰ্যসূচীত বিধায়িকা গৰাকীয়ে নিজৰ ঘৰৰ চৌহদ আৰু ৰাজহুৱা অনুষ্ঠান - প্ৰতিষ্ঠানৰ চৌহদ সমূহো পৰিষ্কাৰ আৰু বীজাণু মুক্ত কৰি ৰাখিবলৈ লগতে সকলোকে মাস্ক আৰু হেণ্ডগ্ল'ভছ পৰিধান কৰিবলৈ আহ্বান জনায়। ইয়াৰপৰি এম পি ,এ এল এ ফাণ্ডৰ  ৪৫ লাখ টকাৰে নিৰ্মিত ৰাজহুৱা ভৱনৰ কাম - কাজৰ বুজ লৈ নিৰ্মাণ সমিতিক আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা