বৰপেটাৰ মাজদিয়াত বোৱাৰীক প্ৰাণে মৰাৰ চেষ্টা স্বামীগৃহৰ
সৰ্থেবাৰী থানাত এজাহাৰ দাখিল ::
কাঞ্জল দাস,বৰপেটা ,১৮ এপ্ৰিল:
বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াত এগৰাকী বোৱাৰীক স্বামীগৃহৰ পৰিয়ালে প্ৰাণে মৰাৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ উত্থাপিত অভিযোগ অনুসৰি মাজদিয়াৰ শিক্ষক স্বামী আজিজুৰ ৰহমানে বিবাহৰ পিছৰে পৰাই পত্নীক যৌতুকৰ দাবী কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল। যোৱা ১২ এপ্ৰিলত এই অত্যাচাৰৰ সীমা চেৰাই গৈ পত্নীক বিহ খুৱাই প্ৰাণে মৰাৰ চেষ্টা চলায় । স্বামীৰ অত্যাচাৰৰ বাবে নিজ গৰ্ভৰ সন্তান পৰ্যন্ত হেৰুৱাব লগা হয় মহিলা গৰাকীয়ে । পত্নীৰ পৰিয়ালৰ লোকে এই কথা গম পাই এই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে যোৱা ১২ এপ্ৰিলৰ নিশা স্বামী গৃহৰ পৰা পত্নীক উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে। সম্প্ৰতি মহিলা গৰাকীয়ে ভেল্লাৰ নিজ পিতৃ গৃহত আশ্ৰয় গ্ৰহণ কৰি চিকিৎসা অব্যাহত ৰাখিছে । পেছাত শিক্ষকতাৰ দৰে এক পবিত্ৰ বৃত্তিত নিয়োজিত হৈও পত্নী গৃহৰ ধনৰ লালসাত মানৱৰ পৰা দানৱৰ চৰিত্ৰ ধাৰণ কৰা এনেকুৱা শিক্ষক নামধাৰী ব্যক্তিৰ পৰা নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কি শিক্ষা লাভ কৰিব সেই প্ৰশ্ন উত্থাপন কৰিছে পত্নীৰ পৰিয়াল বৰ্গই ৷ ইতিমধ্যে সৰ্থেবাৰী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ 498A/307 ধাৰাত 130/2020 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে । ভুক্তভোগী মহিলা গৰাকীয়ে সাংবাদ মাধ্যমৰ আগত সকলো কথা বিবৰি কোৱাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায় আৰু উচিত ন্যায় বিচাৰে ৷
Comments
Post a Comment