আতংকময় পৰিবেশত সকাহ দিয়াৰ ক্ষেত্রত “ৰেচকিউ”ৰ উল্লেখনীয় পদক্ষেপ
আতংকময় পৰিবেশত সকাহ দিয়াৰ ক্ষেত্রত “ৰেচকিউ”ৰ উল্লেখনীয় পদক্ষেপ
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ১৮ এপ্ৰিল :
বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা “কোভিড-১৯” ৰ আপাতকালৰ সময়ত শিৱসাগৰ জিলাত একৰ অভাৱনীয় সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে৷ দেশৰ লগতে শিৱসাগৰ জিলাত বিগত প্ৰায় ২৫ দিন ধৰি চলি থকা লকডাউনৰ বাবে শিৱসাগৰ জিলাত থকা ব্লাড বেংক (ৰক্তভঁৰাল) সমূহত তেজৰ অত্যন্ত নাটনি হৈছে৷ এই সময়ত জটিল ৰোগীৰ লগতে যদি কোনো লোক কৰ’না ভাইৰাচত আক্ৰান্ত হয়, তেন্তে ৰক্তৰ অভাৱত এনে বহু লোক মৃত্যুমুখত পৰিব পাৰে৷
বিষয়ৰ গুৰুত্ব উপলব্ধি কৰি “ৰেচকিউ”ৰ তৰফৰ পৰা অহা ১৯ এপ্ৰিল, ২০২০ তাৰিখ দেওবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়, জয়সাগৰত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰা হৈছে৷
যিসকল সদাসয় ৰক্তদাতাই “ৰেচকিউ”ৰ এই কাৰ্যসুচীত সহযোগ কৰিব বিচাৰে তেওঁলোকৰ নাম, ঠিকনা, ব্লাড গ্ৰুপ, মোবাইল নম্বৰ আৰু বাহনৰ নম্বৰ নিম্ন উল্লেখিত নম্বৰত প্ৰদান কৰিবলৈ অনুৰোধ জনাই৷
“ৰেচকিউ”ৰ লগত যোগাযোগ কৰিব পৰাকৈ উল্লেখ কৰিছে নম্বৰ সমুহ -
পৰশমণি শৰ্মা (৭০০২৮০৯৮৭৩)
নীলম কাকতি (৯৮৫৪৫৯০০০৯)
ৰাজেশ সিং (৭০০২৪০৫০৫৫)
Comments
Post a Comment