গুৱাহাটী আই আই টি য়ে নিৰ্মাণ কৰি উলিয়াইছে ক'ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ইণ্টিউবেছন বক্চ

। 

পঙ্কজ নাথ, চাংসাৰি, ২৯ এপ্ৰিল :

সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ'ণা ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিভিন্ন সংস্থাই গৱেষণা আৰম্ভ কৰিছে। অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টি বায়' চাইঞ্চ বিভাগৰ ছাত্ৰৰদ্বাৰা ক'ভিড-১৯ ৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে ইন্টিউবেছন বক্চ। বৰ্তমান এইমছ্কে ধৰি দেশৰ আগশাৰীৰ চিকিৎসালয় সমূহত পৰিক্ষামুলক ভাবে ব্যৱহাৰ কৰা হৈছে এই বক্চ। ভেন্টিলেটৰত ৰাখি ৰোগীক চিকিৎসা কৰাৰ সময়ত ই সহায়ক হয়। ইন্টিউবেছন বক্চ ভিতৰত ৰাখি চিকিৎসা আৰম্ভ কৰিলে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ভয় হ্ৰাস পায়। কাৰণ ইয়াৰ ফলত কাহিলে বতাহত হাঁচিয়াওতে ই বস্কৰ ভিতৰতে আবদ্ধ হব। গুৱাহাটী আই আই টিৰ বায়' চাইঞ্চ বিভাগৰ উমঙ মাথুৰে জানিবলৈ দিয়া মতে এই বক্চ সমূহ ১০০% সুৰক্ষিত। আন এগৰাকী গৱেষক মেকানিকেল ইঞ্জিনিয়াৰিংৰ ছাত্ৰ সনচিত জুনজুনৱালাই সদৰি কৰা তথ্য অনুসৰি প্ৰতিষ্ঠানটোৰ ছজনীয়া গৱেষকৰ দলটোৰ আন চাৰিজন সদস্য প্ৰাতিক মনছা, ব্ৰিচাংক ভৰদ্বাজ, ভিগনেশ কুমাৰ শুবেটাংক পানবাৰে এই বক্চটো নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ বাবে ব্যয় হব প্ৰতিটো বক্চত মাত্ৰ ২০০০ টকা। ফলত অতি কম খৰচতে চিকিৎসা কৰ্মীসকলক সুৰক্ষা প্ৰদান কৰিব পৰা যাব বুলি জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা