কোৰোনাঃ গ্ৰীণ জ'নত বঙাইগাঁও

কোৰোনাঃ গ্ৰীণ জ'নত বঙাইগাঁও

স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনামৰ্মে পদক্ষেপ স্বাস্থ্য বিভাগৰ

বঙাইগাঁওঃ ২০ এপ্ৰিলঃ ৰাজ্যৰ কেইবাখনো জিলাত কোৰোনা ৰোগী ধৰা পৰাৰ বিপৰীতে বৰ্তমানো কোৰোনামুক্ত হৈ আছে বঙাইগাঁও জিলা৷ জিলাখনত এতিয়ালৈ এজনো কোৰোনা পজিটিভ ৰোগী ধৰা পৰা নাই ৷ যাৰ বাবে জিলাখনে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰস্তুত কৰা কোৰোনামুক্ত ৩২৫ খন জিলাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু বৰ্তমানলৈ কোৰোনামুক্ত হৈ থাকিলেও জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা কোনোধৰণৰ চেষ্টাৰ ত্ৰুটী কৰা নাই ৷ বৰং জিলাখনক কোৰোনামুক্ত কৰি ৰখাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই গৈছে ৷ উল্লেখ্য যে বৰ্তমানলৈকে মুঠ ৩,৩৭২ জন ব্যক্তিক গৃহ অসংক্ৰম্যকৰণত ৰখা হৈছে ৷ ইয়াৰে ২,৯৬১ জনে ইতিমধ্যে ১৪ দিনৰ গৃহ অসংক্ৰম্যকৰণ সম্পূৰ্ণ কৰিছে আৰু ১,৩৮৪ জনে ২৮ দিনৰ গৃহ অসংক্ৰম্যকৰণ সম্পূৰ্ণ কৰিছে ৷ ইতিমধ্যে
অভয়াপুৰীৰ অষ্টম অসম আৰক্ষী বেটেলিয়নৰ অসংক্ৰম্যকৰণ কেন্দ্ৰৰ পৰা ৩৫ জন আৰু বঙাইগাঁও ৰে'লৱে ইনষ্টিটিউট অসংক্ৰম্যকৰণ কেন্দ্ৰৰ পৰা ৬ জনকে ধৰি মুঠ ৪১ জনক ১৪ দিনৰ অসংক্ৰম্যকৰণ সম্পূৰ্ণ কৰা বাবে যাবলৈ দিয়া হৈছে ৷ আনহাতে জিলাখনৰ বিভিন্ন স্থানত স্থাপন কৰা অসংক্ৰম্যকৰণ কেন্দ্ৰসমূহত বৰ্তমান ২৮ জন লোক আছে ৷ ইপিনে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষ( isolation ward) ৰ পৰা ৫৮ জন ব্যক্তিক যাবলৈ দিয়া হৈছে আৰু বৰ্তমানেও ১৭ জন ব্যক্তি আছুতীয়া কক্ষত আছে ৷ জিলাখনৰ মুঠ ১৪০ টা নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে ১১১ টাৰ ফলাফল নিগেটিভ আহি পাইছে আৰু ২৯ টাৰ ফলাফলৰ অপেক্ষা কৰি থকা হৈছে ৷ বৰ্তমানে গ্ৰীণ জ'নত অন্তৰ্ভুক্ত হোৱা বঙাইগাঁও জিলাক যাতে এই গ্ৰীণ জ'নতে ৰাখিব পৰা যায় তাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনামৰ্মে সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে সকলো ব্যৱস্থা গ্ৰহণ কৰি তৎপৰতাৰে কাম কৰি আছে ৷ ইয়াৰ উপৰিও জিলাখনত কোৰোনাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বিভাগটোৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা