নলবাৰীত মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি

নলবাৰীত মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি
বিশেষ সেৱা, নলবাৰী, ২৩ এপ্ৰিল :   সম্প্ৰতি কোভিড-১৯ ৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধাটো বাধ্যতামূলক । আনহাতে কোভিড-১৯ ৰ বাবে চলি আছে লকডাউন । গতিকে দুয়োটা কথালৈ লক্ষ্য ৰাখি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত  ভূষণ দেৱ চৌধুৰী, জিলা  পৰিষদৰ অধ্যক্ষ নিতুল ডেকা , মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাই অসম গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ আত্ম-সহায়ক গোটসমূহক  উৎসাহিত কৰি তথা সহায়-সহযোগিতা অাগবঢ়াই জিলাখনৰ এই মহিলা আত্মসহায়ক গোটৰ দ্বাৰা কপাহী কাপোৰ আৰু  গামোচাৰ পৰা মাস্ক তৈয়াৰ কৰালে । ৩৮ টা মহিলা আত্ম-সহায়ক গোটে প্ৰায় ১২ দিনতেই ১৩৬৮০ টা মাস্ক বনোৱাৰ পিছত আজি নলবাৰী জিলা পৰিষদ কাৰ্যালয়ৰ চৌহদত  মাস্কৰ এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে । অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ অধ্যক্ষ নিতুল  ডেকা আৰু মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা আৰু অসম গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প পৰিচালক চন্দন তালুকদাৰ । মাস্কসমূহ কপাহী কাপোৰ আৰু গামোছাৰে বনোৱা হৈছে  যিবোৰ ধুই পুণৰ ব্যৱহাৰ কৰিব পৰা যাব । একোটা মাস্কৰ দাম ৩০ টকা । ১ লাখ মাস্ক তৈয়াৰ কৰাৰ লক্ষ্য বান্ধি লৈছে মহিলা আত্ম-সহায়ক গোটসমূহে । লকডাউনৰ সময়ত ঘৰত সময়ৰ সদব্যৱহাৰ কৰি আত্ম-সহায়ক গোটসমূহে আৰ্থিক দিশতো লাভৱান হ'ব । 
      নলবাৰীৰ আটাইকেইটা উন্নয়ন খণ্ড কাৰ্যালয়ৰ অধীনতে মাস্ক তৈয়াৰ কৰি থকা হৈছে । খণ্ড অভিযান পৰিচালনা শাখাৰ কৰ্মচাৰীসকল আৰু জীৱিকা সখীসকলেও লকডাউনৰ নীতি-নিয়ম মানি মাস্ক তৈয়াৰ কৰাত সহায় আগবঢ়াই আছে ।
       প্ৰয়োজন সাপেক্ষে মহিলা আত্ম-সহায়ক গোটসমূহক ৯৮৬৪১৮২০৭০ হৱাটচএপ ( whatsapp) নম্বৰত যোগাযোগ কৰি মাস্ক অৰ্ডাৰ দিব পাৰিব । 
      এই পদক্ষেপৰ জৰিয়তে মহিলাসকলৰ দ্বাৰা আৰ্থিক আৰু সামাজিক দায়বদ্ধতা পৰিলক্ষিত হৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা