উত্তৰ গুৱাহাটী আৰক্ষী জালত দুই গভাইত চোৰ।

পঙ্কজ নাথ, চাংসাৰি, ২৯ এপ্ৰিল :

উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত বন্দী হ’ল দুটা দুৰ্ধৰ্ষ চোৰ। লকডাউনৰ সময়ত নিশা কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰিছিল ঘৰৰ সমীপৰ নৱজীৱন সংঘত।  চোৰ  কৰিলে বহু সামগ্ৰী ।  চোৰ দুটাই  উত্তৰ গুৱাহাটী পশ্চিম ৰজাদুৱাৰৰ নৱজীৱন সংঘৰ শৰীৰ চৰ্চাৰ বাবে ব্যৱহৃত লোৰ বহু সামগ্ৰী চোৰ কৰি লৈ যাবলৈ সক্ষম হয়। চোৰৰ দুৰ্ভাগ্য নিশা দুয়োকে প্ৰত্যক্ষ কৰে চুবুৰীৰে এজন ব্যক্তিয়ে । সন্দেহৰ ভিত্তিত সংঘৰ কৰ্মকৰ্তা তথা ৰাইজে পশ্চিম ৰজাদুৱাৰৰ অমিয় দাসৰ পুত্ৰ মৃগাংক দাস আৰু মধ্যমখণ্ডৰ অজিত দাসৰ পুত্ৰ পল্লব দাসৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজেহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তত দুয়ো গভাইত চোৰে সমগ্ৰ ঘটনাৰ বিষয়ে স্বীকাৰোক্তি দিয়ে। 
উত্তৰ গুৱাহাটী আৰক্ষীয়ে স্বীকাৰোক্তিৰ ভিত্তিত  দুয়োকে আটক কৰে । আজি বহুদিনৰ পৰা উত্তৰ গুৱাহাটী বিভিন্ন অঞ্চলত চুৰি কাৰ্য সংঘটিত হৈ আহিছিল। চোৰৰ সন্ত্ৰাসত দীৰ্ঘদিনৰ ধৰি অঞ্চলবাসীৰ নিদ্ৰা হৰণ হৈছিল । আজি উত্তৰ গুৱাহাটী আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত  50/2020 u/s u57/380 কেচ পঞ্জীয়ন কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা