ৰঙিয়াত প্ৰশাসনৰ আগতীয়া বান সতৰ্কতা সভা


ক'ৰনা ভাইৰাচৰ পৰিপ্ৰক্ষিতত  বান সাহাৰ্য্যৰ বাবে বিশেষ পৰ্য্যালোচনা

প্ৰতিবেদক, ৰঙিয়া, ৩০ এপ্ৰিল: অসম ৰাজ্যিক  দুৰ্য্যোগ  ব্যৱস্থাপনা প্ৰাধিকৰণে  ক'ৰনা ভাইৰাচ সংক্ৰমণৰ লগতে ৰাজ্যত  আগন্তুক বানপানীৰ প্ৰতি দৃষ্টি ৰাখি যুগুতাই উলিওৱা নীতি-নিৰ্দেশনাৰ নব্য সংস্কৰণ অনুযায়ী আজি ৰঙিয়া মহকুমা প্ৰশাসনে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে । ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ সঞ্চালনাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত ক'ৰনা ভাইৰাচ সংক্ৰমণৰ সামগ্ৰিক  পৰিস্থিতিৰ ওপৰত পৰ্য্যালোচনা কৰি বান সাহাৰ্য্য শিবিৰ স্থাপনৰ বিষয়ে চৰকাৰী নীতি-নিয়ম সমূহ বিস্তৃত ভাৱে দাঙি ধৰা হয় । সভাত ৰঙিয়া, কমলপুৰ আৰু কঞাঁ ৰাজহ চক্ৰ বিষয়াত্ৰয় ক্ৰমে মনালী জৈন, ডo অংকিতা শৰ্মা আৰু মনিকংকণা ভট্টাচাৰ্য্য, মহকুমা নিৰ্বাচন বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথ, মহকুমা আৰক্ষী বিষয়া কংকণ কুমাৰ নাথ, ৰঙিয়া পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ চম্পক ডেকা, কামৰূপৰ কাৰ্য্যবাহী দণ্ডাধীশ অপ্ৰতীম গোস্বামী,  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চৈয়দ চফিকুল হ'ক, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, মহকুমা পশু পালন আৰু পশু চিকিৎসা  বিষয়া  ডাঃ নীলমণি  দেৱ গোস্বামী, ভাৰপ্ৰাপ্ত মহকুমা মীন উন্নয়ন বিষয়া  চন্দনা শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পৰাগ মণি বৰা, গড়কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা অজিৎ কুমাৰ দাস, কৃষি উন্নয়ন বিষয়া মুকুল বৰুৱা, ৰঙিয়া-কমলপুৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া ডেইজী ৰাণী দেৱী,  বিহদিয়া-জাজিকোণাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া মণিকা ভড়াঁলী, ক্ষেত্ৰ বিষয়া ভাস্বতী কলিতা, সৌৰভ বৰকাকতি, ৰঙিয়া মীন উন্নয়ন বিষয়া কৃষ্ণ কান্ত কলিতা, গৱেষণা সহায়ক বিনোদ কুমাৰ ৰহাং প্ৰমুখ্যে মহকুমা প্ৰশাসনৰ বিষয়া - কৰ্মচাৰী সকল উপস্থিত থাকে ।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা