জামুগুৰিহাটত স্বামীয়ে হত্যা কৰিলে পত্নীক

#জামুগুৰিহাটত স্বামীয়ে হত্যা কৰিলে পত্নীক। 
#কোৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰিলে পত্নীক।
ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,২০এপিল:- লকডাউনৰ সময়ছোৱাৰ মাজতে  জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুতিত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা৷এগৰাকী স্বামীয়ে নিজ পত্নীক কোৰৰে প্ৰহাৰ কৰি হত্যা কৰা এক ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আৰক্ষী সূত্ৰে জানিব পৰা মতে জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মৰিসুতিৰ নিকটৱৰ্ত্তী টাপুবস্তিৰ চিলবিছ কান্দুলুনা নামৰ ব্যক্তিজনে কালি বিয়লিৰ ভাগত নিজ পত্নী বেৰণিনা কান্দুনিনাৰ(৩০) লগত কোনো কথাক কেন্দ্ৰ কৰি তৰ্কাতৰ্কি হয় আৰু ইয়াৰ পাছতে চিলবিছ কান্দুলিনাই পত্নী বেৰণিনা কান্দুলিনাক কোৰৰে মূৰৰ পিছফালে প্ৰচণ্ড জোৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰে৷স্বামীৰ প্ৰহাৰত সংজ্ঞাহীন হৈ মাটিত ঢলি পৰা বেৰণিনাক ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা কৰাৰ পিছত তেজপুৰ মিচন হস্পিতাললৈ লৈ যায় যদিও স্বামীৰ প্ৰহাৰত গুৰুত্বৰ আহত হোৱা বেৰণিনাই সন্ধিয়াৰ ভাগত মিচন হস্পিতালতে শেষ নিশ্বাস ত্যাগ কৰে।ইফালে ঘটনা সন্দৰ্ভত স্থানীয় লোকে জামুগুৰি আৰক্ষীক অৱগত কৰোৱাৰ পিছতে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমুদৈ ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰাম্ভ কৰাৰ লগতে পত্নী হত্যাকাৰী চিলবিছ কান্দুলিনাক গেপ্তাৰ কৰি জামুগুৰি আৰক্ষী থানালৈ লৈ আহে।আজি পুৱা পত্নী হত্যাকাৰী চিলবিছ কান্দুলিনাক আৰক্ষীয়ে তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰে।পাৰিবাৰিক কন্দলৰ ফলস্বৰূপেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।লকডাউনৰ মাজতে সংঘটিত এই হত্যাকাণ্ডই জামুগুৰিহাটৰ উত্তৰাঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

জোন বৰা,
জামুগুৰিহাট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা