জামুগুৰিহাটত পিতৃয়ে লাঠিৰে কোবাই হত্যা কৰিলে পুত্ৰক

 জামুগুৰিহাটত নৃশংস হত্যাকাণ্ড।
পিতৃয়ে লাঠিৰে কোবাই হত্যা কৰিলে পুত্ৰক ।
ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,২৯ এপ্ৰিল:- কালি নিশা জামুগুৰিহাট ত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ জামুগুৰিহাট।৬০বছৰীয়া এগৰাকী পিতৃৰ লাঠীৰ কোবত প্ৰাণ বাযু উৰি গ'ল এগৰাকী ২৭ বছৰীয়া বিবাহিতা পুত্ৰৰ।জামুগুৰিহাটৰ বৰভগীয়া গাওঁৰ সংঘটিত হোৱা এই হত্যাকাণ্ডই অঞ্চলজুৰি চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।গাওঁখনৰ ফুলেশ্বৰ বৰাৰ বৰপুত্ৰ তথা পেচাত এজন গাড়ী চালক ৰবীন বৰাই(২৭) আন দিনাৰ দৰে কালি নিশাও মদ্যপ্ৰাণ কৰি নিজৰ গৃহত প্ৰৱেশ কৰাৰ পিছতে ঘৰুৱা কিবা কথাক লৈ পিতৃৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।আৰু পিচত এই তৰ্কাতৰ্কি মাৰপিটলৈ ৰূপান্তৰিত হয়। ইয়াৰ মাজতেই পিতৃ ফুলেশ্বৰ বৰাই পুত্ৰ ৰবীনক পিছফালৰ পৰা এডাল লাঠিৰে মূৰত প্ৰচণ্ড জোৰৰে প্ৰহাৰ কৰে।পিতৃৰ লাঠিৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰা ৰবীনক উত্তৰ জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইতিমধ্যে চিকিৎসকে ৰবীনক মৃত ঘোষণা কৰে।ইফালে আজি পুৱা ঘটনাস্হলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ হত্যাকাৰী পিতৃ ফুলেশ্বৰ বৰাক জামুগুৰি আৰক্ষী থানালৈ লৈ অনাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।উল্লেখ্য যে লকডাউনৰ মাজতে পিতৃৰ লাঠিৰ কোবত মৃত্যু হোৱা ৰবীন বৰা এটি কনমানি সন্তানৰ পিতৃ আছিল ।

জোন বৰা,
জামুগুৰিহাট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা