নলবাৰীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তজিলা উপায়ুক্ত সহিতে বিভিন্ন বিষয়া বৰ্গৰে আলোচনা

নলবাৰীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
জিলা উপায়ুক্ত সহিতে বিভিন্ন বিষয়া বৰ্গৰে আলোচনা 

প্ৰণৱজ্যোতি কলিতা,নলবাৰী, ২২ এপ্ৰিল:  অসম নদী মাতৃকা ৰাজ্য । অসমৰ নদীসমূহৰ ভিতৰত নলবাৰী জিলাত ব্ৰহ্মপুত্ৰ, মৰাপাগলদিয়া , টিহু নদী, পাগলদিয়া , নোনা , বৰলীয়া আদি নদীসমূহৰ পৰা বাৰিষা অহাৰ লগে লগে বানপানীৰ আশংকা বাঢ়ি আহে। বানপানীৰ পৰা ৰাইজক সুৰক্ষিত কৰিবলৈ নদীসমূহৰ মথাউৰিবিলাক বন্ধাৰ কাম আৰম্ভ কৰা হৈছিল যোৱা ফেব্ৰুৱাৰী মাহতে । কিন্তু ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দিয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত মথাউৰি মেৰামতিৰ কাম আধৰুৱা হৈ থাকিল । বৰ্তমানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আধৰুৱা কামবোৰ শেষ কৰি বানপানীৰ পৰা ৰাইজক সুৰক্ষিত কৰাৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই জিলাই জিলাই গৈ বিভাগীয় বিষয়াৰ লগত পৰ্যালোচনা কৰিছে । 
        যোৱাকালি মন্ত্ৰী কেশৱ মহন্তই নলবাৰী জিলাৰ উপায়ুক্তৰ সভাকক্ষত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ উপস্থিতিত বিভাগীয় অভিযন্তাসকলৰ লগত জিলাখনৰ কাপলাবড়ি , বালাট্তাৰী , পূৱ  হানাপাৰা, ভাগৱতীপাৰা , মাজুশিৰাল, নামডঙা, মৈৰাডঙা , আকনা, বুৰবুৰি , সুৰাদী, চামইতাপাৰা, গোৱৰাদল, শিয়ালমাৰী, বিষ্টুপুৰ, নদলা, কুৰোপাৰ, পুৰ্ণি,নাকেৰবাৰী, মোমাইতোলা, দৈচাৰাপাৰা, বৰগাছা আদি ঠাইৰ মথাউৰি নিৰ্মাণৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে সদ্যহতে যিবিলাক কাম আৰম্ভ কৰা হৈছে সেইবিলাক সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা ল'ব লাগে । তদুপৰি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ ৰাজাঘাট,সাহপুৰ, গড়বেৰ , খাতা নামবৰভাগ,কাশিমপুৰ,হাতীপোতা,লখোপুৰ, বালি আদি ঠাইত থকা কৃষি বান্ধসমূহ নিৰ্মাণত জলসম্পদ বিভাগে কাৰিকৰী সহায় আগবঢ়াব। অৱশ্যে লকডাউনৰ পৰিপ্ৰেক্ষিতত কাম কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা শ্ৰমিকসকলৰ বাবে  আৱশ্যকীয় অনুমতি ল'ব লাগিব । এই ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰখা আৰু স্বাস্থ্য পৰীক্ষা সম্পৰ্কীয় কামবোৰ কৰিব লাগিব । মন্ত্ৰী শ্ৰী মহন্তই আৰু কয় যে বানপানীৰ আগমূহুৰ্তত বৰ্তমান সীমিত ব্যৱস্থাৰে মথাউৰিসমূহ আৰু কৃষিবান্ধসমূহ মেৰামতি কৰিব লৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে । 
        এইবছৰ কোভিড-১৯ ৰ বাবে বানপানী হ'লে সামাজিক দূৰত্ব বা চিকিৎসা সম্পৰ্কত বিশেষ সাৱধানতা অৱলম্বনৰ বাবে বিস্তৃত পৰিকল্পনা কৰিবলৈ তেওঁ চক্ৰ বিষয়াসকলক আহ্বান জনায় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা