চৰকাৰী মূল্যত মাস্ক ক্ৰয় কৰাৰ আহ্বান চি ডি এ এ'ৰ

ষ্টাফৰিপৰ্টাৰ,,,২৫ এপ্ৰিল।।।মহামাৰী কৰ'না ভাইৰাছে  সমগ্র বিশ্ব ছানি ধৰাৰ সময়ত বজাৰত ছেনিটাইজাৰ আৰু ইয়াৰ লগত সম্বন্ধিত আন আন সামগ্ৰী পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয় বুলি প্ৰচাৰ চলাৰ সময়তেই কেমিষ্ট এণ্ড ড্ৰাগিষ্টচ এছ'ছিয়েচন অফ আসাম' ৰ মিডিয়া অধ্যক্ষ ডাঃ এন এন আগৰৱালা আৰু সচিব জিন্টু বৰ্মনে উল্লেখ কৰি কয়"-কৰ'না  ভাইৰাছ সম্বন্ধত হাইদ্ৰজেনিক সামগ্ৰী সমূহ যেনে হেন ছেনিটাইজাৰ, মাস্ক আদি এই এছ'ছিয়েচনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত সকলো খুচুৰা ফাৰ্মাচিত উপলব্ধ কৰোৱা হৈছে। এছ'ছিয়েচনে গ্ৰাহকক উদেশ্যি আৰু কয়"-চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া মূল্যত তেওঁলোকৰ স্বীকৃতি প্ৰাপ্ত ফাৰ্মাচীত হেন ছেনিটাইজাৰ আৰু অন্যান্য সামগ্রী যেনে হাত ধোৱা চাবোন, ডেটল, আদি ক্ৰয় কৰিব পাৰিব'। আনহাতে, জি আৰ ফাৰ্মাৰ্চিটিকেলৰ ঘনশ্যাম ধানুকাই কয়"-উত্তৰ পূৱৰ অভাৱ পূৰণ কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী মজুত আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা