জাপানী এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে আলোচনা নলবাৰীৰ উপায়ুক্তৰ

জাপানী এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে আলোচনা নলবাৰীৰ উপায়ুক্তৰ 

নলবাৰী, ২০ এপ্ৰিল  :  কোভিড-১৯ ৰ সন্ত্ৰাস শেষ নৌহওতেই বাৰিষা কাল আহি পালেই । লগে লগে আৰম্ভ হ'ল জাপানী এনকেফেলাইটিছ , এনকেফেলাইটিছ সদৃশ ৰোগ , ডেংগু আদি সংক্ৰামক ৰোগৰ আগমনৰ সময় । গতিকে সময় থাকোতেই প্ৰস্তুত হোৱাৰ বাবে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য ) অভিজিত সিনহা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক , মেলেৰীয়া বিষয়া , মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া , আদিকৰি কেবাগৰাকীও স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ সৈতে তেওঁৰ সভাকক্ষত এই সংক্ৰামক ৰোগসমূহ নিয়ন্ত্ৰণৰ বাবে তৎকালীনভাৱে ল'বলগীয়া ব্যৱস্থা সমূহৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । উল্লেখযোগ্য যে বিগত বৰ্ষত নলবাৰী জিলাত জাপানী এনকেফেলাইটিছ ৰোগত ৫ গৰাকীকৈ লোকে মৃত্যুক আকোঁৱালি ল'বলগা হৈছিল ।
      উপায়ুক্ত শ্ৰী দেৱ চৌধুৰীয়ে কয় যে বহুক্ষেত্ৰত জ্বৰৰ লক্ষণ দেখা দিয়াৰ পিছতো জাপানী এনকেফেলাইটিছ ৰোগৰ চিকিৎসা নকৰি সাধাৰণভাৱে চিকিৎসা চলাই নিয়াৰ বাবে ৰোগীৰ অৱস্থা গুৰুতৰ হৈ মৃত্যু মুখত পৰে। সেয়েহে উপায়ুক্তগৰাকীয়ে জ্বৰৰ লক্ষণ থকা ব্যক্তিক চিকিৎসকৰ কাষ চাপিলে জাপানী এনকেফেলাইটিছ আৰু কোভিড-১৯ ৰ পৰীক্ষা কৰি ব্যৱস্থা ল'বলৈ এক নিৰ্দেশ জাৰি কৰিছে। জাপানী এনকেফেলাইটিছত মৃত্যুৰ এক অন্যতম কাৰণ হ'ল পলমকৈ চিনাক্তকৰণ।সেয়েহে  তাৎক্ষণিক পৰীক্ষাকৰণৰ জৰিয়তে এই ৰোগৰ প্ৰকোপ যাতে এইবাৰ হ্ৰাস কৰিব পাৰি তাৰ বাবে উপায়ুক্তগৰাকীয়ে চিকিৎসকক আহ্বান জনাইছে । উপায়ুক্তগৰাকীয়ে গাঁৱে গাঁৱে গৈ নিৰীক্ষণকাৰী গোটৰ দ্বাৰা ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষা কৰাৰ কাৰণেও নিৰ্দেশ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা