মাজুলীত আগতীয়া বান প্ৰস্তুতিৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

*মাজুলীত আগতীয়া বান প্ৰস্তুতিৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ, বান-খহনীয়া প্ৰতিৰোধৰ ১০ আধৰুৱা আঁচনিৰ কাম শীঘ্ৰে পুণৰাম্ভৰে বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ কৰাৰ নিৰ্দেশ, ক'ভিড-১৯ৰ সতৰ্কতাৰ মাজেৰেই সম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলাৰ বাবে সস্তম হ'বলৈ জিলা প্ৰশাসনক দিহা
 অসম চৰকাৰৰ জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি মাজুলীলৈ আহি জিলাখনত আসন্ন বান পৰিস্থিতি চম্ভালিবলৈ জিলা প্ৰশাসনে চলোৱা আগতীয়া প্ৰস্তুতিৰ বুজ লয়। মাজুলীত শুক্ৰবাৰে বিয়লি জিলা প্ৰশাসনৰ লগতে জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ মন্ত্ৰীগৰাকীয়ে নদীদ্বীপ জিলাখনত জলসম্পদ বিভাগে বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহ পৰ্যালোচনা কৰে ৷ মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিক্ৰম কৈৰী, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু অধীক্ষক অভিযন্তাৰ উপস্থিতিত জিলাখনৰ জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কাৰ্যবাহী অভিযন্তা তথা বিষয়াবৰ্গৰ লগত এখন বৈঠকত ভাগ লৈ বিভাগীয় মন্ত্ৰী মহন্তই জিলাখনৰ বান আৰু খহনীয়া প্ৰভাৱিত স্পৰ্শকাতৰ এলেকাসমূহত জলসম্পদ বিভাগে ৰূপায়ণ কৰি থকা আঁঁচনিৰ অগ্ৰগতিৰ বুজ লয়৷ বৈঠকত জলসম্পদ মন্ত্ৰীগৰাকীয়ে লকডাউনৰ বাবে মাজুলীত স্থবিৰ হৈ পৰা মথাউৰি সবলীকৰণ আৰু খহনীয়া প্ৰতিৰোধৰ প্ৰায় ১০খন আঁচনিৰ কাম তাংক্ষণিক ভাৱে পুণৰ আৰম্ভ কৰি আসন্ন বাৰিষাৰ পূৰ্বেই অগ্ৰাধিকাৰ ভিত্তিত শেষ কৰিবলৈ বিভাগীয় বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে। মাজুলীত মঠাউৰিৰ দুৰ্বল অংশৰ লগতে খহনীয়াৰ বাবে স্পৰ্শকাতৰ স্থানসমূহত জলসম্পদ বিভাগে হাতত লোৱা আঁচনিৰ আধৰুৱা কামৰ স্থিতি, অগ্ৰগতিৰ বুজ লৈ এনে স্পৰ্শকাতৰ এলেকাৰ সুৰক্ষাৰ বাবে তাৎক্ষণিক ভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভতো বিস্তৃত ভাবে বৈঠকত আলোচনা কৰা হয় ৷ বৈঠকত মন্ত্ৰীগৰাকীয়ে মঠাউৰি সবলীকৰণ কাৰ্যত ব্যৱহৃত সামগ্ৰী, শ্ৰমিক, যন্ত্ৰপাতিৰ ক্ষেত্ৰত ঠিকাদাৰসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেয়া সুনিশ্চিত কৰাত গুৰুত্ব দিয়ে। বান আৰু খহনীয়া ৰোধৰ বাবে জিলাখনত চলি থকা নিৰ্মাণকাৰ্যৰ সামগ্ৰী পৰিবহনত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, সেই দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী মহন্তই জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ৷ ইফালে, ক'ভিড-১৯ক লৈ দেখা আপাতকালীন পৰিস্থিতিৰ মাজতে এইবাৰ ৰাজ্যখনে আসন্ন বাৰিষাৰেও মুখামুখি হ'ব লগা আশংকাৰ পৰিপ্ৰেক্ষিতত মাজুলীতো ক'ভিড-১৯ আৰু সম্ভাব্য বান পৰিস্থিতিৰ দুয়োটা দুৰ্যোগকে সুচাৰুৰূপে চম্ভালিব পৰাকৈ জিলা প্ৰশাসনক পূৰ্ণ ৰূপত সস্তম হৈ থাকিবলৈ মন্ত্ৰী মহন্তই নিৰ্দেশ দিয়ে। বিশেষকৈ, ক'ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল'ব লগা সতৰ্কতামূলক ব্যৱস্থা সম্পূৰ্ণ মানি চলি এইবাৰৰ সম্ভাৱ্য বান দুৰ্যোগৰ সময়ত বান-দুৰ্গত লোকৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযান সম্পন্ন কৰিব পৰাকৈ আগতীয়াকৈ প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰি সাজু হৈ থাকিবলৈ উপায়ুক্তক জলসম্পদ মন্ত্ৰী মহন্তই দিহা দিয়ে। এই পৰ্যালোচনা বৈঠকৰ পাছতে স্থানীয় সাংবাদিকৰ আগত মন্ত্ৰী মহন্তই কয়, 'ক'ভিড-১৯ৰ লগতে এইবাৰ আমি সমাগত বাৰিষাৰ সন্মুখীন হ'বলৈ আগবাঢ়িছো। এই দূয়োটা দুৰ্যোগৰ আমি একেলগে মুখামুখি হ'ব লাগিব বাবেই পূৰ্বতকৈ এইবাৰ আমি অধিক সাৱধানতাৰে পৰিস্থিতি মোকাবিলা কৰিব লগা হ'ব। সেয়ে আমি জিলাই জিলাই আসন্ন বাৰিষাৰ সম্ভাব্য পৰিস্থিতি চম্ভালাৰ বাবে আগতীয়া প্ৰস্তুতি চলোৱাত গুৰুত্ব দিছো আৰু ল'ক ডাউনৰ বাবে যোৱা এটা মাহ পিছ পৰি যোৱা বান-খহনীয়া প্ৰতিৰোধৰ আঁচনিসমূহ অতি ক্ষিপ্ৰতাৰে আগন্তুক বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ কৰি ৰাইজক সুৰক্ষিত কৰাত অগ্ৰাধিকাৰ দিছো। মাজুলীতো আধৰুৱা হৈ ৰোৱা প্ৰায় দহখন আঁচনিৰ কাম দুই-এদিনৰ ভিতৰতে পুণৰ আৰম্ভ কৰি সম্পূৰ্ণ কৰিবলৈ আজি আমাৰ বিভাগৰ বিষয়া-অভিযন্তাসকলক নিৰ্দেশ দিয়া হৈছে। তদুপৰি, ক'ভিড-১৯ৰ সমান্তৰালকৈ মাজুলীত আসন্ন বান পৰিস্থিতিও মোকাবিলাৰ বাবে সৰ্বাত্মক সতৰ্কতাৰে সাজু হ'বলৈ জিলা প্ৰশাসনক চৰকাৰৰ ফালৰ আজি নিৰ্দেশ দিয়া হয়। ইতিমধ্যে মাজুলীৰ উপায়ুক্তৰ নেতৃত্বত জিলা প্ৰশাসনেও এইক্ষেত্ৰত প্ৰয়োজনীয় পৰিকল্পনাৰে খুউব সুন্দৰকৈআগতীয়া প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি আজিৰ বৈঠকত জানিব পাৰিছে। ইয়াৰ বাবে মই চৰকাৰৰ হৈ মাজুলী জিলা প্ৰশাসনক ধন্যবাদ জনিইছো। ।   
পৰাণজ্যোতি বৰা, মাজুলী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা