সুৰা,গুটখা, ধপাত বিক্ৰীৰ বিৰুদ্ধে ৰঙিয়া মহকুমা প্ৰশাসনৰ ধাৰাবাহিক অভিযান

সুৰা,গুটখা, ধপাত বিক্ৰীৰ বিৰুদ্ধে ৰঙিয়া মহকুমা  প্ৰশাসনৰ ধাৰাবাহিক অভিযান 

অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান চিল্ড 

 প্ৰতিবেদক, ৰঙিয়া, ২৯ এপ্ৰিল: ক'ৰনা ভাইৰাচ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত লক্ ডাউন  অব্যাহত থকাৰ মাজতে সুৰা, গুটখা আৰু ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে ব্যাপক  অভিযান চলাই ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশত প্ৰশাসনে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান চিল্ড কৰি দিয়ে ।  আজি প্ৰশাসনে গুটকা বিক্ৰীৰ সময়ত হাতে-লোটে ধৰা পেলাই ৰঙিয়াৰ 'লক্ষ্মী ভাণ্ডাৰ' নামৰ এখন গেলামালৰ দোকান চিল্ড কৰি দিয়ে । অভিযানত দোকানখনৰ পৰা বৃহৎ পৰিমাণৰ গুটকা জব্দ কৰা হয় । অভিযানৰ নেতৃত্ব লোৱা ৰঙিয়া মহকুমা নিৰ্বাচন বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথে কয় যে ব্যৱসায়িক প্ৰতিষ্ঠানখনে জনাৰ পিছতো এনে অবৈধ বিক্ৰী কাৰ্য্য চলাইছে । গতিকে এনে অনৈতিক কাৰ্য্যৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । অভিযানত কামৰূপৰ সহকাৰী আয়ুক্ত অপ্ৰতীম গোস্বামীও উপস্থিত আছিল ।একেদৰে, ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে অতৰ্কিতে অভিযান চলাই অন্য প্ৰতিষ্ঠান সামগ্ৰীৰ অনুমতিৰে অনুমতি বিহীন ষ্টেচনাৰী সামগ্ৰী বিক্ৰী কৰাৰ লগতে  গুটকা-জৰ্দা আদি সামগ্ৰী মজুত ৰখাৰ অভিযোগত বাইহাটা চাৰিআলিৰ গুৱাহাটী পথস্থিত 'নৱোদয় পান ভাণ্ডাৰ' নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান সাময়িক ভাৱে বন্ধ কৰি দিয়ে । অতিৰিক্ত উপায়ুক্তৰ এই আকস্মিক অভিযানত সহকাৰী আয়ুক্ত অপ্ৰতীম গোস্বামী, কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মা, বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাও উপস্থিত আছিল । সুৰা, গুটকা, ধপাত জাতীয় সামগ্ৰী  বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ বিষয়ে প্ৰশাসনৰ তৰফৰ পৰা অনুভাষ যন্ত্ৰ যোগে সমগ্ৰ মহকুমাটোত ব্যাপক প্ৰচাৰ চলাই থকাৰ পিছতো এচাম অসাধু ব্যৱসায়ীয়ে কৰ্ণপাত নকৰাত খোদ অতিৰিক্ত উপায়ুক্তই দণ্ডাধীশক লগত লৈ সদলবলে দোকানে- দোকানে জোৰদাৰ তালাচী অব্যাহত ৰাখিছে । ইতিমধ্যে ৰঙিয়াৰ 'ৰং এন্টাৰপ্ৰাইজ' নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত গুটকা, ধপাত আদি  জাতীয় সামগ্ৰী সমুহ হাতে-লোটে ধৰা পেলাই এই সন্দৰ্ভত স্বত্বাধিকাৰী গৌতম পালক সোধা-পোছা কৰাৰ পিছত প্ৰশাসনে অসাধু কাৰ্য্যকলাপ অব্যাহত ৰখাৰ  অভিযোগত ব্যৱসায়িক প্ৰতিষ্ঠানখন চিল্ কৰিবলৈ বাধ্য হৈছিল ।  এই অভিযানত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ সৈতে আছিল ৰঙিয়া মহকুমা নিৰ্বাচন বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথ, সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা, কামৰূপৰ সহকাৰী আয়ুক্ত  অপ্ৰতীম গোস্বামী প্ৰমুখ্যে প্ৰশাসনৰ সংশ্লিষ্ট লোকসকল । আনহাতে,  অতিৰিক্ত উপায়ুক্তই সকলো দোকান -পোহাৰক অনতিপলমে এনে বিক্ৰী বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থাৰ সন্মুখীনৰ বাবে  সাজু হৈ থাকিবলৈ তীব্ৰ সকিয়নী দিছে। ইফালে, জনসাধাৰণক সামাজিক দূৰত্ব বৰ্তাই ৰাখি বাধ্যতামূলক ভাৱে প্ৰতি মূহুৰ্ততে মুখত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ লগতে  ৰাজহুৱা স্থানত থু, খেকাৰ, পিক্ পেলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে মহকুমা প্ৰশাসনে । অন্যথা, আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আজি কঠোৰ সকিয়নী দিছে অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে  ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা