কৃষ্ণাই শালপাৰাত ধুমুহাৰ তাণ্ডৱঃ৩০ পৰিয়াল গৃহহীন

কৃষ্ণাই শালপাৰাত ধুমুহাৰ তাণ্ডৱঃ৩০ পৰিয়াল গৃহহীন
---

এফালে লক ডাউনৰ ফলত দৰিদ্ৰ পৰিয়াল বৰ্গৰ মাজত হাহাকাৰ,
আনফালে বৰদৈচিলাৰ তাণ্ডৱ ৷ যাৰ ফলত এক প্ৰকাৰ দিক বিদিক হেৰুৱাই পেলাইছে গোৱালপাৰা জিলাৰ অযস্ৰ পৰিয়ালে ৷ যোৱা শুক্ৰবাৰে এজাক ভয়ংকৰ ধুমুহাই জিলাখনৰ কৃষ্ণাইৰ কাষৰীয়া মাণিকপুৰ ভেলাখামাৰ গাঁও পঞ্চায়তৰ  বিভিন্ন গাঁৱত ধ্বংস লীলা চলোৱাৰ পিছতে যোৱা নিশা জিলাখনৰ ওপৰেৰে পাৰ হৈ যায় পুণঃ এজাক সংহাৰী ধুমুহা ৷ এই ধুমুহাৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে কৃষ্ণাইৰ নিকটৱৰ্তী শালপাৰা বিজয়পুৰ আদি গাঁৱত প্ৰায় ৩০ টা পৰিয়াল গৃহহাৰা হয় ৷ মাজ নিশা অহা ধুমুহাৰ ফলত বিজয়পুৰ গাঁও বাসীয়ে বৰষুণৰ পানীতে তিতি বুৰি  বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰে ৷ কথমপি ৰক্ষা পৰে বহু লোকৰ প্ৰাণ ৷ ইফালে প্ৰচণ্ড বৰদৈচিলাৰ কোবত নিমিষতে অঞ্চলটোত বহু গছ-গছনি উভালি পৰে আৰু বিদ্যুৎ যোগানৰ বিস্তৰ ক্ষতিসাধন হয় ৷ এতিয়া ধুমুহাত ক্ষতিগ্ৰস্ত লোক সকলে খাদ্য-বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ উল্লেখ্য যে, প্ৰায় ৬০ টা পৰিয়াল বাস কৰা শালপাৰাৰ বিজয়পুৰ গাঁৱৰ প্ৰায় সংখ্যক পৰিয়ালৰে কম বেছি পৰিমাণে ক্ষতি হৈছে যোৱা নিশাৰ ধুমুহাত ৷ এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনক শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষতিগ্ৰস্ত ৰাইজে অনুৰোধ জনাইছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ৷৷ First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা