আৰক্ষীৰ মাজত ২৫০ খন মাক্স বিতৰণ বিজেপি মহিলা মৰ্চাৰ

 কৰ'ণা ভাইৰাছ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ  মাক্স পৰিধান কৰাতো অতি জৰুৰী হিচাপে বিবেচিত হৈছে । কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে চলি থকা লক ডাউনৰ সময়ত চিকিৎসক , স্বাস্থ্য কৰ্মীৰ লগতে দিনে নিশাই কৰ্তব্য সম্পাদন কৰি আছে আৰক্ষী সকলে   । সেয়েহে  মঙ্গলবাৰে পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ  সম্পাদিকা ৰিতা হালৈৰ নেতৃত্বত এটি সজাতি দলে বেলশৰ থানাত উপস্থিত হৈ নলবাৰী জিলা   উপ-আৰক্ষী অধিক্ষক জুপি বৰদলৈ, বেলশৰ থানাৰ আৰক্ষী বিষয়া ৰবেন বড়োৰ উপস্থিতিত আৰক্ষী সকলৰ মাজত মাক্স বিতৰণ কৰে  । মহিলা মৰ্চাৰ কৰ্মী সকলে নিজ হাতেৰে বনোৱা মাক্স বিতৰণ কাৰ্যসূচীত নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক শৰ্মা,  পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি কামাখ্যা শৰ্মা,  সম্পাদক উৎপল  পাটোৱাৰী, বিজেপি নেতা ৰাজু ভূঞা সহ কেইবাজনো নেতা-কৰ্মী  উপস্থিত থাকে । পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ মহিলা মৰ্চাই বেলশৰ থানাৰ আৰক্ষী সকলৰ লগতে বেলশৰ থানাৰ অন্তৰ্গত আৰক্ষী চকী,  পহৰা চকীৰ আৰক্ষীৰ মাজত মুঠ  ২৫০ খন মাক্স বিতৰণ কৰে ।  

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা