কৰ'ণা প্ৰতিৰোধৰ বাবে বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত নিজা সমষ্টিৰ বিভিন্ন এলেকাত চেনিটাইজেশ্বন
*কৰ'ণা প্ৰতিৰোধৰ বাবে বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত নিজা সমষ্টিৰ বিভিন্ন এলেকাত চেনিটাইজেশ্বন*
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ এপ্ৰিল*
সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ইয়াৰ প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পন্থা ৷ ইয়াৰ ব্যতিক্ৰম নহয় নলবাৰীও । বিগত দিনত প্ৰশাসনে নলবাৰী চহৰত বাটে-ঘাটে কীটাণুনাশক দ্ৰব্য ছটিয়াই চেনিটাইজেশ্বনৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । এই উদ্দেশ্যে আজি নলবাৰী জিলাৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭নং পানীগাঁও গাঁও পঞ্চায়তকে সামৰি বিভিন্ন এলেকাত স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশমৰ্মে পকোৱা জিলা পৰিষদৰ সদস্য পবিত্ৰ কুমাৰ ডেকা, উক্ত পঞ্চায়তখনৰ সচিব কৈলাশ বৰ্মন আৰু সভানেত্ৰী বিমলা সাউদৰ নেতৃত্বত তথা পঞ্চায়তখনৰ সদস্যসমূহৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াৰ জড়িয়তে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে পুনৰ চেনিটাইজেশ্বন কৰা দেখা গৈছে । উল্লেখ্য যে পশ্চিম নলবাৰীৰ বিহামপুৰৰ দুৰ্গা মন্দিৰ, শনিৰোডৰ কালী মন্দিৰ, শনিৰোড চ'ক, মিলন চ'ক, সন্ধেলী, নিজ পকোৱা চ'ক, নিজ পকোৱা নদীৰ সিপাৰ সংযোগী দলং, নিজ পকোৱা ৰাজহুৱা লক্ষ্মী মন্দিৰৰ পৰা নিজ পকোৱা তাঁতিপাৰা প্ৰাথমিক বিদ্যালয়কে সামৰি অঞ্চলসমূহত আজি এই চেনিটাইজেশ্বন কৰা হয় বুলি সচিবগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে নলবাৰী জিলা উপায়ুক্তৰ তৎপৰতাত নলবাৰীৰ প্ৰায় সকলোতে এই চেনিটাইজেশ্বন কৰি থকাৰ সময়তে ২৭ নং পানীগাঁও গাঁও পঞ্চায়তৰ এনে পদক্ষেপক নলবাৰীৰ সচেতন লোকৰ লগতে বিভিন্ন মহলে আদৰণি জনাইছে ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment