মাজুলীত লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে মাজুলীৰ আৰক্ষীৰ অভিযান: একেদিনাই জব্দ কৰিলে বহু বাহন

মাজুলীত লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে মাজুলীৰ  আৰক্ষীৰ অভিযান: একেদিনাই জব্দ কৰিলে বহু বাহন:
পৰাণজ্যোতি বৰা, মাজুলী, ২১ এপ্ৰিল:

ক'ৰানা ভাইৰাছ প্ৰতিৰোধৰ স্বাৰ্থত দেশত দ্বিতীয় পৰ্যায়ৰ লক ডাউন চলি থকাৰ মাজতেই আজিৰ পৰা  কিছু ক্ষেত্ৰত শিথিলতা দিছে যদিও সকলো ক্ষেত্ৰতে এই শিথিলতা দিয়া নাই।কিন্তু আজি মাজুলীৰ কমলাবাৰী আৰু গড়মূৰ আৰক্ষীয়ে লক ডাউন চলি থকাৰ মাজতেই ওলাই অহা বহু দুচকীয়া, চাৰিচকীয়া বাহন  জব্দ কৰে। গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া  জ্যোতিৰ্ময় গায়নে জানিবলৈ দিয়া অনুসৰি এই সময় চোৱাত লক ডাউন ভংগ কৰি মাজুলীৰ বিভিন্ন ঠাইপৰা গড়মূৰলৈ ওলাই অহা প্ৰায় ২৮ খন বাহন জব্দ কৰাৰ লগতে যান -বাহন অইন উলংঘা কৰাৰ বাবে জৰিমনা বিহা হয়। আনহাতে কমলাবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া উৎপল বৰাই জানিবলৈ দিয়া অনুসৰি লক ডাউন ভংগ কৰা কমলাবাৰীত  তিনিখন বাইক আৰু এখন  চাৰিচকীয়া বাহন জব্দ কৰে। এই বাহন কেইখনৰ জৰিমনা বিহিব বুলি জানিবলৈ দিছে।

পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা