ৰঙিয়াৰ কমাৰগাঁৱত দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰঃ
মটৰ চাইকেল সহ হেৰোইন উদ্ধাৰ
প্ৰতিবেদক, ৰঙিয়া ১৯ এপ্ৰিলঃ সম্প্ৰতি মাৰাত্মক কৰ'না ভাইৰাছৰ সংক্ৰমণক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ লগতে অসমতো লক ডাউন চলি থকাৰ মাজতেই ৰঙিয়া আৰক্ষীয়ে যোৱা নিশা ৰঙিয়া মহকুমাৰ কমাৰগাঁৱৰ পৰা দুজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ী দুজন হ'ল বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ইচাৰকেমৰ আতকেৰ আলীৰ পুত্ৰ দিলদাৰ আলী(২৬) আৰু গোৰেশ্বৰৰ ভোগপুৰ গাঁৱৰ জইদুল আলী (১৯ ),তেওঁলোকৰ হাতৰ পৰা আৰক্ষীয়ে ১০ গ্ৰাম হেৰোইন আৰু এখন পালছাৰ মটৰ চাইকেল (এএছ ০১ বি পি ৭৮৭৫) জব্দ কৰে। আজি অভিযুক্ত দুজনৰ বিৰুদ্ধে এন ডি পি এছ ধাৰাত গোচৰ ৰুজু কৰি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক নলবাৰী জেললৈ প্ৰেৰণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।
Comments
Post a Comment