কৰ্মস্থলীৰ লগতে ঘৰৰ বাহিৰলৈ ওলালেই পিন্ধিব লাগিব মাস্ক

বঙাইগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনা

কৰ্মস্থলীৰ লগতে ঘৰৰ বাহিৰলৈ ওলালেই পিন্ধিব লাগিব মাস্ক

সুৰা, গুটখা, ধপাত আদি নিচা জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰতো কঠোৰ নিষেধাজ্ঞা আৰোপ

ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা কাৰ্যৰ ওপৰতো বাধা নিষেধ

বঙাইগাঁওঃ ১৭ এপ্ৰিলঃ কোৰোণা ভাইৰাছ( কোভিড-১৯)ৰ প্ৰাদূৰ্ভাৱ প্ৰতিৰোধৰ বাবে অসমৰ মুখ্য সচিবে জাৰি কৰা এক নিৰ্দেশ ( এ এচ ডি এম এ ২০/২০২০/৫৩ - ১৬ এপ্ৰিল, ২০২০) মৰ্মে বঙাইগাঁও জিলা প্ৰশাসনে জিলাবাসীৰ সুৰক্ষা প্ৰদানৰ বাবে কেইটামান নিৰ্দেশনা জাৰি কৰিছে । জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি আজিৰে পৰা ( শুকুৰবাৰে) সকলো জনসাধাৰণে ঘৰৰ বাহিৰত ওলোৱাৰ সময়ত তথা কৰ্মস্থলীত উপস্থিত থকাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । সেইদৰে ১৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰিৱৰ্তী আদেশ জাৰি নকৰা পৰ্যন্ত সমগ্ৰ  বঙাইগাঁও জিলাখনত সকলো ধৰণৰ সুৰা, গুটখা, ধপাত আদি নিচা জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ  উপৰিও যিকোনো ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা কাৰ্যৰ ওপৰতো বাধা নিষেধ কৰা হৈছে । এই নিৰ্দেশ অমান্য কৰা ব্যক্তিৰ বিপৰীতে  কোভিড-১৯ ৰ বিধি অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা প্ৰশানৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা