কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ মহানুভৱতা

কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ মহানুভৱতা

 লক ডাউনত গৃহবন্দী সহস্ৰাধিক দুখীয়া শ্ৰমজীৱী পৰিয়ালক সাহায্য প্ৰদান

*************************************

 ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে  গোটেই দেশখনৰ লগতে আমাৰ ৰাজ্য খনতো চলিছে দীৰ্ঘদিনীয়া লক ডাউন ৷  এই তলা বন্ধৰ  গোৱালপাৰা জিলাৰ কৃষ্ণাইতো পৰিছে ইয়াৰ গভীৰ প্ৰভাৱ ৷
এই দুৰ্যোগৰ দিনত অঞ্চলটোৰ দুৰ্গত জনৰ সহায়ৰ বাবে হাতে কামে লাগি গ’ল কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থা ৷ সন্থাৰ সদস্য সকলে বিপৰ্যস্ত লোক সকলক সহায় কৰাৰ মানসেৰে ধাপলি মেলিলে অঞ্চলটোৰ গাঁৱে-ভূঁৱে ৷ কৃষ্ণাই আছুৰ উপদেষ্টা আব্দুল হাই আহমেদ ,মহম্মদ হুছেইন (ছাজু) তথা সমাজ সেৱক ইমৰান হুছেইন (মুন)ৰ তত্ববধানত কৃষ্ণাই আছুৰ ৰাকিব আনছাৰী (সভাপতি) , মানিদুল ইছলাম (উপ সভাপতি), কহিনুৰ ইছলাম( সহঃসাধাৰণ সম্পাদক), গীতাৰ্থ শৰ্মা( উপদেষ্টা ),ছফিক আহমেদ ( উপদেষ্টা ),ৰুহুল আমিন(বাবু)(কাৰ্যালয় সম্পাদক), ফিদ্দুছ আহমেদ ( প্রাক্তন সভাপতি ), আবুল ফজল ইলিয়াচ চৌধুৰী(বিজু)(শুভাকাংক্ষী), বাছিত আহমেদ(শুভাকাংক্ষী ),ছমিৰ আলী
(সহঃ সাধাৰণ সম্পাদক) আৰু ৰাজা জুবেৰ আহমেদ (সাংগঠনিক সম্পাদক)ৰ নেতৃত্বত আৰম্ভ হ’ল লক ডাউনত গৃহবন্দী দুখীয়া , দৰিদ্ৰ সকলক সাহায্য প্ৰদান অভিযান ৷ নিঃস্বাৰ্থ ভাৱে চলাই নিয়া কৃষ্ণাই আছুৰ এই সাহায্য প্ৰদান অভিযানে অঞ্চলটোৰ শ শ দিশহাৰা পৰিয়ালৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ ইতিমধ্যে প্ৰায় পঞ্চাশ খন গাঁৱৰ পোন্ধৰ শৰো অধিক দুখীয়া তথা শ্ৰমজীৱী পৰিয়ালক খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰা কৃষ্ণাই আছুৰ অভিযান আজিও অব্যাহত আছে ৷ আছুৱে আজিও কৃষ্ণাই অঞ্চলৰ চাপ্ৰাকলনি, বাবুপাৰা তথা খেৰমহৰাৰ সত্তৰটা পৰিয়ালক চাউল,দাইল,মিঠাতেল,আলু,পিয়াজ,
চয়াবিন আদিকে ধৰি খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে ৷ আছুৰ আজিৰ অভিযানত সংগঠনটোৰ অন্যান্য বিষয় ববীয়াৰ লগতে উপদেষ্টা আব্দুল হাই আহমেদ,যুৱ নেতা পৰিমল সাহা, শুভাকাংক্ষী নাদিম আহমেদ ,হালিম আহমেদআৰু ফাৰুক ইছলামেও সহযোগিতা আগবঢ়ায় ৷ উল্লেখ যে
কৃষ্ণাই আছুৱে অকল খাদ‍্য সামগ্ৰী বিতৰণতেই দায়িত্ব সীমাবদ্ধ নাৰাখি কৃষ্ণাই অঞ্চলত থকা বেংক সমূহত বিভিন্ন কাৰণত ভিৰ কৰা লোক সকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে শান্তি-শৃংখলা অক্ষুন্ন ৰাখি আৰক্ষী প্ৰশাসনক  সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাই আহিছে ৷ লগতে ৰাইজৰ মাজত মাস্কোো বিতৰণ কৰি এক সচেতনতাৰ পৰিচয় দাঙি ধৰিছে ৷ 

 কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First news report

Comments

  1. Kandarpa Khura - We are really happy to help the people as this is a actual time to help the needy !! Thanks for your lines for AASU. We will always expect your help & Support and suggestions !!

    ReplyDelete

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা