নাজিৰাত দুখীয়াৰ টকা আত্মসাত কৰি ৰঙাঘৰত কংগ্ৰেছী ৱাৰ্ড সদস্য

 নাজিৰাত দুখীয়াৰ টকা আত্মসাত কৰি ৰঙাঘৰত কংগ্ৰেছী ৱাৰ্ড সদস্য
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৯ এপ্ৰিল
সমগ্ৰ দেশতে এতিয়া লক ডাউন । ইয়াৰ ফলত দৰিদ্ৰ পৰিয়াল সমূহে এমুঠি অন্নৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে | এই দৰিদ্ৰ পৰিয়াল সমূহ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ড নথকা সকললৈ আগবঢ়াইছে এহেজাৰকৈ টকা । কিন্তু একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে তালিকা প্রস্তুত কৰণৰ সময়ত ব্যাপক অনিয়ম সংঘটিত কৰিছে । চৰকাৰৰ নিয়ম অনুসৰি ৰেচন কার্ড নথকা দৰিদ্ৰ লোক সকলৰ মাজত এই টকা বিতৰণ কৰিব লাগে । কিন্ত নাজিৰাৰ দোলাকাষৰীয়া গাঁও পঞ্চায়তত একাংশ পঞ্চায়ত জনপ্ৰতিনিধিয়ে দুৰ্নীতিৰ আশ্ৰয় লৈ দৰিদ্ৰ হিতাধিকাৰী সকলৰ এহেজাৰ টকা আত্মহাত কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল | এই সন্দৰ্ভত ৰাইজে নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীক অৱগত কৰিছিল | সমগ্ৰ ঘটনা মহকুমাধিপতিয়ে অনুসন্ধান কৰি সত্য বুলি প্ৰমানিত হোৱাত গোচৰ ৰজু কৰে | এই গোচৰৰ ভিত্তিত শণিবাৰে ৰাতি গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন্দ চেত্ৰীয়ে আত্মগোপন কৰি থকা অৱস্থাত কংগ্ৰেছ দলৰ ১০ নং ৱাৰ্ড সদস্য চেহিদুল হুছেইনক আটক কৰি নাজিৰা ন্যায়িক দণ্ডাদীশ আদালত হাজিৰা কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে |
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা