অসম চেম্বাৰ অৱ কমাৰ্চ, শিৱসাগৰ জিলাৰ প্ৰশংসনীয় পদক্ষেপ
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ১৮ এপ্ৰিল : অসম চেম্বাৰ অৱ কমাৰ্চ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি, ভবেন্দ্ৰ নাথ মহনৰ উদ্যোগত তথা সদস্যসকলৰ সহযোগত ল'ক ডাউনৰ সময়চোৱাত, নগৰ আৰু গাঁৱৰ বিশেষ দৰিদ্ৰ পৰিয়ালসমুহক খাদ্য সামগ্ৰী যোগান ধৰি সকাহ প্ৰদান কৰি প্ৰসংশা বুতলিবলৈ সক্ষম হৈছে । বিগত দিনবোৰত শিৱসাগৰ জিলা সমিতিয়ে ব্যৱসায়ী সকলৰ সমস্যা সমধানৰ লগতে তেওঁ লোকৰ সুস্থিৰ ব্যৱসায় পৰিচালনা কৰাৰ ক্ষেত্ৰতো সভাপতি ভবেন্দ্ৰ নাথ মহনৰ নেতৃত্বত আৰু সমিতিৰ সতীৰ্থ সদস্য সকলৰ সৈতে জিলা খনৰ পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ ক্ষেত্ৰতো এক ন্যায়িক ব্যৱস্থাৰে ব্যৱসায় পৰিচালনা কৰি সুনদৰ পৰিবেশ গঠন কৰিছে । তদুপৰি বিভিন্ন সময়ত জিলা প্ৰশাসন ৰ সৈতে মিলিত হৈ জিলা খনৰ সৰ্বাংগীন বিকাশৰ বাবে অহৰহ সহায়ৰ হাত আগবঢ়াই প্ৰশংসিত হৈছে । উল্লেখ যোগ্য যে ল'ক ডাউনৰ সময়ত জিলা চেম্বাৰ অৱ কমাৰ্চে উপায়ুক্ত সৈতে আলোচনা কৰি অত্যাৱশ্যকীয় সামগ্ৰী অডাৰ অনুসৰি ঘৰে ঘৰে গৈ দি অহাৰো সুব্যৱস্থা অতি সুশৃংখলিত ভাবে কৰিছে । গ্ৰাহকসকলব যাতে কোনো অসুবিধা নহয়, তেওঁ লোকে ঘৰৰ পৰা কোনো ওলাই আহিব লগীয়া নোহোৱাকৈয়ে অত্যাৱশ্যকীয় সামগ্ৰী অভাৱিৰ ঘৰত গৈ দি অহাৰো সুন্দৰ ব্যৱস্থা ল'ক ডাউনৰ প্ৰাক ক্ষণৰ পৰাই ন্যায়িকে ভাৱে কৰি আহি নজিৰ স্থাপন কৰিছে । আনহাতে সামাজিক ব্যৱধান মানি চলি, চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰি, নগৰ আৰু গাঁও সমূহত এতিয়ালৈকে চাৰিশ ঘৰ লোকক খাদ্য সামগ্ৰী বিনামূল্যে প্ৰদান কৰি যি সহায়ৰ হাত আগবঢ়াইছে সেইয়া সঁচাই প্ৰশংসনীয় । সভাপতি ভবেন্দ্ৰ নাথ মহনে, সমিতিৰ প্ৰমুখে কাৰ্যকৰ্তা ক্ৰমে দীপাংকৰ গগৈ, নৱনীত কাকতি, ৰাজেশ চান্দক, নৱাল কিশোৰ খাণ্ডালিয়া, বিজয় শৰ্মা, নন্দী গুৰুং, চুফী আহমেদ, পংকজ বৰা (ভাই), মুছফিক হুছেইন, উমেশ বিলদোৱা, ভাস্কৰ দাস, ৰবি, নবজিৎ বৰপাত্ৰ, ধ্ৰুৱ প্ৰসাদ শইকীয়া, মানস কৌশিক, পূৰ্ণ বিকাশ, মানৱ আদিত্য, বিনোদ আগৰৱালা, অঙ্কুশ কেদিয়া, সুভাষ আগৰৱালা কে প্ৰমুখ্য কৰি সকলোকে, তেওঁলোকৰ মহানুভতাক শিৱসাগব বাসীয়ে একেমুখে শলাগ লয় ।
Comments
Post a Comment