বাকাইটাৰীত দুশ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিয়ে

বাকাইটাৰীত দুশ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিয়ে
-----------


মহামাৰী ক'ৰোনা ভাইৰাছৰ আধিপত্যই সমগ্ৰ মানৱ জাতিলৈ কঢ়িয়াই আনিছে ভয়াৱহ অৰ্থনৈতিক প্ৰত্যাহ্বান ৷ ইয়াৰ  প্ৰভাৱৰ পৰা মুক্ত নহয় আমাৰ ৰাজ্য খনো ৷ যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছে দহদিনীয়া ৰাজ্যিক সাহায্য অভিযান ৷ আছুৰ এই মানৱ দৰদী কাৰ্যসূচীৰ প্ৰতি সন্মান জনাই আজি গোৱালপাৰা জিলাৰ বাকাইটাৰী আঞ্চলিক ছাত্ৰ সন্থায়ো ৰূপায়ন কৰে সাহায্য অভিযান  ৷ সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা বাকাইটাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভূপেশ হালৈ,সাধাৰণ সম্পাদক কিংকৰ নাথৰ নেতৃত্বত স্থানীয় আছু কৰ্মীসকলে সমগ্ৰ বাকাইটাৰী অঞ্চলৰ সাহায্য পোৱাৰ যোগ্য পৰিয়াল সমূহ চিনাক্ত কৰি খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ একোটিকৈ টোপোলা প্ৰদান কৰে।


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা