বৰপেটাত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত ::: আধৰুৱা মথাউৰীৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ নিৰ্দেশ :

:: বৰপেটাত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত ::
: আধৰুৱা মথাউৰীৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ নিৰ্দেশ :

কঞ্জল দাস,বৰপেটা ২১ এপ্ৰিল: আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্শৰ্শকাতৰ অৱস্থাত থকা মথাউৰী সমূহৰ মেৰামতিৰ কাম খৰতকীয়াকৈ সম্পূৰ্ণ কৰি তোলাৰ ওপৰত ৰাজ্যৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই গুৰুত্ব আৰোপ কৰিছে। চলিত লক ডাউনৰ মাজতে মথাউৰী সমূহৰ কাম আজিৰে পৰা পুণৰ আৰম্ভ কৰাৰ বাবে জিলা উপায়ুক্তক সকলো সহায় সহযোগ আগবঢ়োৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। আগন্তুক বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে তেওঁ সকলোকে এতিয়াৰ পৰাই পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিবলৈ মহন্তই নিৰ্দেশ দিয়ে।   তেওঁ আৰক্ষী প্ৰশাসন আৰু সংশ্লিষ্ট চক্ৰ বিষয়া সকলৰো এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা বিচাৰে। আজি বৰপেটা জিলা ভ্ৰমণলৈ অহা মন্ত্ৰী গৰাকীয়ে কয় যে বানপানীৰ আগেয়ে মথাউৰী সমূহৰ কাম সম্পূৰ্ণ হব লাগিছিল যদিও লক ডাউনৰ বাবে এই কাম ভীষণ ক্ষতিগ্ৰস্থ হৈছে। এতিয়া যিমানখিনি পাৰি কাম সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰা হব।  গৰাকীৰ সৈতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি, অতিৰিক্ত মুখ্য অভিযন্তা ( মান নিয়ন্ত্ৰণ) অৱনী হাজৰিকা, অতিৰিক্ত মুখ্য অভিযন্তা (কৰ্ম) চৈয়দ আব্বাছ, অধীক্ষক অভিযন্তা মুকুল ডেকা আৰু বিশেষ কৰ্তব্যৰত বিষয়া দিবাকৰ ভট্টাচাৰ্য্যয়ো এই ভ্ৰমণত সঙ্গ দিয়ে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত বৰপেটা বিধান সভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বোৰমান আলী আহমেদ, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা