বঙাইগাঁৱত ৰে'লৱে মজদুৰ ইউনিয়নৰ দ্বাৰা চাৰিশ গৃহকৰ্মী পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

বঙাইগাঁৱত ৰে'লৱে মজদুৰ ইউনিয়নৰ দ্বাৰা চাৰিশ গৃহকৰ্মী পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ 

বঙাইগাঁওঃ১৭ এপ্ৰিলঃ দেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও আৰু ৰানিং শাখাই যুটীয়াভাবে আজি বঙাইগাঁৱত প্ৰায় ৪০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ এই সন্দৰ্ভত সংগঠনটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাসে কয় যে মজদুৰ ইউনিয়নৰ বঙাইগাঁও আৰু ৰানিং শাখাই যৌথভাবে প্ৰথম পৰ্যায়ত দুদিনত প্ৰায় ১০০০ পৰিয়ালক সাহাৰ্য হিচাপে খাদ্য সামগ্ৰী আগঢ়াব ৷ খাদ্য সামগ্ৰী আগবঢ়াবলৈ আমি বঙাইগাঁও চহৰৰ প্ৰায় ১০০০ গৃহকৰ্মীক বাচি লৈছো, যিসকলে আন মানুহৰ ঘৰত কাম কৰি জীৱিকা -নিৰ্বাহ কৰি আছে ৷ অৰ্থনৈতিকভাৱে এওঁলোক সমাজৰ আটাইতকৈ পিছপৰা শ্ৰেণীৰ লোক ৷ এওঁলোকৰ লগতে আন কিছু দৰিদ্ৰ পৰিয়ালকো সাহায্য আগবঢ়োৱা হ'ব ৷ আমাৰ দ্বিতীয় পৰ্যায়ত আমি একেধৰণে সাহাৰ্য আগবঢ়াম ৷ এই সাহাৰ্য বিতৰণ অনুষ্ঠানত ড° পি কে ধৰ , নীলিমা বিশ্বাস, তন্ময় শক্তি ৰাহা , জগদীশ ভট্টাচাৰ্য , সুৰজিত সাহাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা