:ল'ক ডাউন শিথিল কৰনকলৈ কেন্দ্ৰৰ সিদ্ধান্তই মানি চলিব অসম চৰকাৰে: চন্দ্ৰ মোহন পাটোৱাৰী
::ল'ক ডাউন শিথিল কৰনকলৈ কেন্দ্ৰৰ সিদ্ধান্তই মানি চলিব অসম চৰকাৰে: চন্দ্ৰ মোহন পাটোৱাৰী; বৰপেটাত উদ্যোগ মন্ত্ৰীৰ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠক::
কঞ্জল দাস,বৰপেটা, ১৯ এপ্ৰিল: লক ডাউনৰ পৰবৰ্তী পদক্ষেপ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে সেয়াই মানি চলিব। আজি বৰপেটাত ৰাজ্যৰ উদ্যোগ আৰু পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰে। অহা ২০ তাৰিখৰ পিছত কোনবোৰ ক্ষেত্ৰত শিথিলতা আৰোপ কৰা হব সেই সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰে। লক ডাউন মানি চলাত ৰাইজ, সাংবাদিক, তথা প্ৰশাসনৰ লোক সকলে আগভঢ়োৱা সহায় -সহযোগৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ জনোৱা মতে জিলাখনত হোম কোৱাৰেন্টাইন হৈ থকা ২২৩২ জন লোকৰ ভিতৰত ১১৯১ জনক কোৱাৰেন্টাইনৰ অন্ত পৰাত মুক্ত কৰি দিয়া হৈছে। ইয়াৰ উপৰি ৯১৬ জনে ১৪ দিনীয়া কোৱাৰেন্টাইনৰ সময় শেষ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে আজি তেওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত মন্ত্ৰী গৰাকীয়ে বিষয়া সকলৰ সৈতে জিলাখনত ক'ৰোনা ভাইৰাছ জনিত পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই সংক্ৰান্তত বৰপেটা জিলাৰ তদাৰকীৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে লক ডাউনক লৈ জিলাখনত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰাজিৰ পৰ্যালোচনা কৰি সেইবোৰৰ সমাধানৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। তেওঁ জিলাখনত লক ডাউনৰ ফলত যাতে কৃষিজাত সামগ্ৰীৰ পৰিবহন ক্ষতিগ্ৰস্থ নহয় তাৰ বাবে জিলা কৃষি বিষয়াক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কৃষকৰ বাবে সাৰ,বীজ, ডিজেল আদিৰ যাতে অভাৱ নহয় তাৰ বাবেও তৎপৰতা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। একেদৰে পশুখাদ্যৰ যোগান অব্যাহত ৰখাৰ বাবে তেওঁ পশুপালন বিভাগৰ সঞ্চালকৰ সৈতেও টেলিফোন যোগে যোগাযোগ কৰে। মন্ত্ৰী গৰাকীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহৰ মজুত স্থিতিৰ সম্পৰ্কেও বুজ লৈ ইয়াৰ উপলব্ধতাত সন্তুষ্টি প্ৰকাশ কৰে। সভাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই লক ডাউন পালন আৰু কোভিড ১৯ প্ৰতিহত কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা ব্ৱস্থা সম্পৰ্কে অবগত কৰাৰ লগতে জিলা খনৰ বিভিন্ন ক্ষেত্ৰৰ লোকে সন্মূখীন হোৱা সমস্যা সমূ্হৰ বিষয়েও উল্লেখ কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সিং, জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তীৰ্থনাথ শৰ্মাৰ উপৰি কৃষি, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, উদ্যোগ, পৰিবহন, খাদ্য আৰু অসামৰিক যোগান, মীণ আদি বিভাগৰ জিলা মুৰব্বী বিষয়া সকলৰ উপৰি সকলো অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়া সকলো উপস্থিত থাকে। উল্লেখযোগ্য যে পাটোৱাৰীৰ কৰোনা জনিত পৰিস্থিতিক লৈ এয়া বৰপেটা জিলাৰ চতুৰ্থটো ভ্ৰমণ।
Comments
Post a Comment