উদয়ন আৰু গ্ৰেটাৰ লালগণেশ সাৰ্বজনীন পূজা কমিটিৰ যৌথ প্ৰয়াসত আৰ্তজনলৈ সহায়ৰ হাত

উদয়ন আৰু গ্ৰেটাৰ লালগণেশ সাৰ্বজনীন পূজা কমিটিৰ যৌথ প্ৰয়াসত আৰ্তজনলৈ সহায়ৰ হাত। 

পঙ্কজ নাথ, চাংসাৰি, ১৮ এপ্ৰিল :

"মানুহে মানুহৰ বাবে"   
ভূপেন দাৰ  গীতেই কয় মানৱ জীৱনৰ সামাজিক লক্ষ্য বিপদ সময়ত মানবীয়তা প্ৰদৰ্শন কৰা । বিপদৰ সময়ত এজনে আনজনক সহায় কৰা। এই আদৰ্শ আৰু নীতিক লক্ষ্য হিচাপে বাচি লৈ উদয়ন আৰু গ্ৰেটাৰ লালগণেশ সাৰ্বজনীন পূজা কমিটি যৌথ ভাৱে গুৱাহাটীৰ লালগণেশ অঞ্চলৰ বিভিন্ন এলেকাৰ প্ৰায় ৪৫০ পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী বিতৰণ কৰে। এই সম্পূৰ্ণ কাৰ্য্যসূচী মনোজ ৰয়, শিল্পী ৰয়, ৰঞ্জিত শীল, পম্পি দাস,শম্ভূ দাস, আৰু সৌৰভ দাসৰ সুন্দৰ ব্যৱস্থাপনাত সম্পূৰ্ণ কৰা হয়। এই ৪৫০ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰোতে শাৰীৰিক আৰু আৰ্থিক সহায়ৰ হাত আগবঢ়োৱা শুভাকাংক্ষীসকল ক্ৰমে  অশিম ঘোষ,অনু ৰয়,জবা চৌধুৰী, প্ৰতাপ সাহা,কাৰ্তিক দে,অলি চৌধুৰী, অনুৰাধা দে,ৰেষ্মী বৰুৱা, শিৱ শংকৰ সাহা,বৰুণ বিশ্বাস, কিষাণ ৰয়,ৰীনা ভট্টাচাৰ্য্য, ৰমা ছেত্ৰী,হেপি ৰয়,সঞ্জীৱ চক্ৰৱৰ্তী, শাণু দাস,দিগন্ত বুঢ়াগোহাঁই, মিঠুন পাল,পিংকি মজুমদাৰ, বাসন্তী মজুমদাৰ, সঞ্চইতা মজুমদাৰ, দীপক শীল, সুমিত সাহা,নদীয়া নিধি ভট্টাচাৰ্য্য, শংকৰ পোদ্যাৰ,তাপশ সাহা,তাপশ নাগ,জহৰ দাস,গমন দাস,মেনকা বৰ্মন শীল দিবাকৰ দে। উদয়ন আৰু গ্ৰেটাৰ লালগণেশ সাৰ্বজনীন পূজা কমিটিৰ তৰফৰ পৰা সকলো শুভাকাংক্ষী সকলোক অলেখ ধন্যবাদ জনাইছে।আগন্তুক সময়তো লকডাউনৰ বাবে যিসকলে অভাৱত ভুগিছে তেওঁলোকক  সহায়ৰ হাত আগবঢ়োৱা হব বুলি সংস্থাটোৱে জানিবলৈ দিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা