লক ডাউনৰ সময়ত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতা দেখুৱালে বনগাৱৰ দেৱব্ৰত ভাগৱতীয়ে

 লক ডাউনৰ সময়ত  দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতা দেখুৱালে বনগাৱৰ দেৱব্ৰত ভাগৱতীয়ে  # 
ক'ৰোণা  ভাইৰাছক লৈ শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব  । ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিৰ আহ্বানত  সমগ্ৰ দেশতে চলি আছে  ল'ক ডাউন । ল'ক ডাউনৰ সময়ত দুখীয়া পৰিয়ালৰ মাজত খাদ্য শংকতে দেখা দিছে  ।  সেয়েহে  লক ডাউনৰ সময়ত  দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতা দেখুৱালে ধৰ্মপুৰ সমষ্টিৰ বনগাৱৰ দেৱব্ৰত ভাগৱতীয়ে । বনগাও, বিহামপুৰ, খাৰশিঠা আদি অঞ্চলৰ বেছিভাগ পৰিয়াল কৃষিজীবি আৰু শ্ৰমজীৱি  ।   সেয়েহে  এই পৰিয়াল সমূহৰ মাজত ল'ক ডাউনৰ সময়ত খাদ্য শংকতে দেখা দিব পাৰে । সেয়েহে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ জ্যেষ্ঠ  ক'ৰ ফেকাল্টি তথা নলবাৰী জিলা সম্প্ৰসাৰণ কেন্দ্ৰৰ অধ্যক্ষ  দেবব্ৰত ভাগবতীয়ে সম্পূৰ্ণ   নিজৰ খৰচত  ৬৭ টা  পৰিয়ালৰ মাজত চাউল, ডাইল, আলু, পিয়াজ, মিঠাতেল, চয়াবিন, চেনি,  চাহ, বিস্কুট  আদি খাদ্য সামগ্ৰী বিতৰণ কৰে  ।   শংকতৰ সময়ত দেবব্ৰত ভাগৱতীয়ে  লোৱা এনে পদক্ষেপক ৰাইজে শলাগ লয়  ।

টিহুৰ পৰা কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা