লক ডাউনৰ ক্ষেত্ৰত অধিক কঠোৰ গোৱালপাৰা জিলা প্ৰশাসনঃকৃষ্ণাইৰ বজাৰ অঞ্চল নিতাল নিস্তব্ধ

লক ডাউনৰ ক্ষেত্ৰত অধিক কঠোৰ গোৱালপাৰা জিলা প্ৰশাসনঃকৃষ্ণাইৰ বজাৰ অঞ্চল নিতাল নিস্তব্ধ
-------------

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশৰ জনতাক ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ২৪ মাৰ্চৰ মাজ নিশাৰ পৰা বলবৎ হোৱাকৈ আহ্বান জনোৱা লক ডাউনে আজি চৌত্ৰিশটা দিন সম্পূৰ্ণ কৰিলে ৷ উল্লেখ্য যে ১৫ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লক ডাউন সমাপ্তিৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পুণঃ ৩ মে’লৈ লক ডাউনৰ সময়সীমা বৃদ্ধি কৰে ৷ ইয়াৰ মাজতে ক’ভিড ১৯ ৰ সংক্ৰমণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য খনৰ পাঁচখন জিলাক ৰেড জ’ন হিচাপে ঘোষণা কৰা হয় ৷ ৰেড জ’নৰ অন্তৰ্ভুক্ত হয় গোৱালপাৰা জিলাখনো ৷ যাৰ পৰিপ্ৰেক্ষিতত লক ডাউনৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিল গোৱালপাৰা জিলা প্ৰশাসন ৷ সমগ্ৰ জিলাখনতে লক ডাউন যাতে সুনিশ্চিত হৈ পৰে তাৰ বাবে জিলা উপায়ুক্ত বৰ্ণালী ডেকা,আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাকে ধৰি জিলাখনৰ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া সকল তৎপৰ হৈ পৰিল ৷ তেওঁলোকে ৰাইজৰ মাজত ক’ৰোনা সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ লগতে লক ডাউনৰ নীতি নিৰ্দশনা সমূহ পালন কৰাৰ বাবেও জনসাধাৰণৰ প্ৰতি বিভিন্ন উপায়েৰে আহ্বান জনালে ৷ পিছ পৰি নাথাকিল জিলাখনৰ কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঁঞাও ৷ ভূঁঞাই দিন ৰাতি একাকাৰ কৰি এফালে লক ডাউন পৰ্যবেক্ষণ কৰিছে,আনফালে একাংশ যুৱকৰ সহযোগত আৰ্তজনৰ পাৰ্যমানে সহায় কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে ৷ এই ক্ষেত্ৰত আৰক্ষী বিষয়া জনক অঞ্চলটোৰ সাধাৰণ জনতায়ো ক্ৰমান্বয়ে সহযোগিতা আগবঢ়োৱা দৃষ্টিগোচৰ হৈছে ৷ একান্ত প্ৰয়োজন নহ’লে ৰাইজ বজাৰমুখী নোহোৱা হ’ল ৷ সমগ্ৰ বজাৰ হৈ পৰিল নিতাল নিস্তব্ধ ৷ আজিও কৃষ্ণাইত দেখা গ’ল লক ডাউনৰ সম্পূৰ্ণ প্ৰভাৱ ৷ ইফালে জিলাখনত আজি পুণঃ এজন ব্যক্তি ক’ৰোনা পজিটিভ হোৱাত জিলা প্ৰশাসন লক ডাউনৰ ক্ষেত্ৰত আৰু অধিক কঠোৰ হোৱাটো নিশ্চিত হৈ পৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা