ৰঙিয়া মহকুমাৰ বাট-পথত ব্যাপক তালাচী

ৰঙিয়া মহকুমাৰ বাট-পথত ব্যাপক তালাচী 

মাস্ক বাধ্যতামূলক, নিষিদ্ধ গুটকা,ধপাত আৰু সুৰা, 

আইন অমান্যকাৰীক কঠোৰ সকিয়নী অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ 

প্ৰতিবেদক, ৰঙিয়া, ২১এপ্ৰিল : লক্ ডাউন্ অব্যাহত থকাৰ সময়ত  অসম চৰকাৰে   বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণ কৰাৰ    পৰিপ্ৰেক্ষিতত আজি ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে  এই নীতি নিয়ম সমূহ মহকুমাটোত কঠোৰ ভাৱে বলবৎ কৰাৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আজি পুৱাৰে পৰা মহকুমা আৰক্ষী বিষয়া কংকণ কুমাৰ নাথ, কামৰূপৰ সহকাৰী আয়ুক্ত অপ্ৰতীম গোস্বামী, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাৰ সৈতে অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে বিভিন্ন স্থানত যান-বাহনৰ চলাচলত চোকা নিৰীক্ষণ আৰু পৰিদৰ্শন আৰম্ভ কৰে । দুচকীয়া বাহনত দুজন উঠাটো বাৰণ কৰি সকলোকে সামাজিক দুৰত্ব মানি চলিবলৈ তেখেতে নিৰ্দেশ দিয়ে । এই সময়চোৱাত টেক্সী ( অ'টোৰিক্সা আৰু চাইকেল ৰিক্সাকে ধৰি) আৰু কেব্ সেৱা বন্ধ থকাৰ কথা উল্লেখ কৰি চিকিৎসা সেৱাৰ লগত জড়িত আৰু চৰকাৰী নিৰ্দেশনাৱলী অনুসৰি অনুমতিপ্ৰাপ্ত যানবাহনৰ বাদে মানুহৰ আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্ৰমণ ( ৰেলগাড়ী, বাছ ইত্যাদি) বন্ধ থকাৰ কথা ৰাইজক জানিব দিয়ে অতিৰিক্ত উপায়ুক্তই ।  ইয়াৰ ওপৰিও সুৰা, গুটকা আৰু ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰীত  নিষিদ্ধ ঘোষণা কৰাৰ পিছত  শনিবাৰে অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰৰ নেতৃত্বত ইয়াৰ বিৰুদ্ধে  অভিযান চলাই এখন ব্যৱসায়িক প্ৰতিষ্ঠান চিল্ড কৰিছিল ৰঙিয়া মহকুমা প্ৰশাসনে । তদুপৰি, মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে ৰাজহুৱা স্থানত থু, খেকাৰ আৰু পিক্ পেলোৱাত নিষেধাজ্ঞা বলবৎ কৰিছে ৰঙিয়া মহকুমা প্ৰশাসনে । আজি অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে যিকোনো আইন অমান্যকাৰীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণৰ কঠোৰ সকিয়নী দিয়ে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা