চাংসাৰীৰ সমীপৱৰ্তী জলাহ বামুনিগাওঁত অসম সংগ্ৰামী যুৱ মঞ্চৰ আর্তজনক খাদ্য যোগান

চাংসাৰীৰ সমীপৱৰ্তী জলাহ বামুনিগাওঁত অসম সংগ্ৰামী যুৱ মঞ্চৰ আর্তজনক খাদ্য যোগান। 

পঙ্কজ নাথ, চাংসাৰি, ২৪ এপ্ৰিল :

সম্প্ৰতি লক ডাউন চলি থকা সময়ত দৰিদ্ৰ লোকৰ মাজত খাদ্য সংকট আহি পৰাৰ পৰিপ্ৰেক্ষিতত জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰীৰ সমীপৱৰ্তী জলাহ আৰু বামুণিগাঁওত খাদ্যৰ অভাৱত ভোগা প্ৰায় দুই শতাধিক পৰিয়ালক কালি অসম সংগ্ৰামী যুৱ মঞ্চৰ সম্পাদক ইফটিকাৰ হুছেইনে গুৱাহাটীৰ পৰা আহি আর্তজনক খাদ্য সামগ্ৰী যোগান ধৰে। তেখেতক এই কামত সহযোগিতা আগবঢ়াই জলাহ হাইস্কুলৰ শিক্ষক, চৈয়দ মতিউৰ ৰহমানৰ লগতে পূব বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহ: অধ্যাপক, শ্বেখ আব্দুল হামিদ আৰু স্বাস্থ্য বিভাগৰ কৰ্মী ফাৰুক হুচেইনে। তেওঁৰ এনে মানৱীয় পদক্ষেপে দুখীয়া ৰাইজক কিছু পৰিমাণে সকাহ প্ৰদান কৰে। উল্লেখ্য যে এই খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে সংগঠনটোক সহযোগ কৰে হাতীগাঁ‌ওৰ নিৱাসী প্ৰাক্তন আৰক্ষী বিষয়া ইন্টাজ আলীৰ পৰিয়ালে। ইতিপূৰ্বে অসম সংগ্ৰামী যুৱ মঞ্চই গুৱাহাটীৰ প্ৰায়বোৰ ঠাইত পাচলি আদি সুলভ মূল্যত যোগান ধৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা