লাইভ জামুগুৰিহাট, বি কে মেডিকেলৰ অাৰু বসুন্ধৰা গেছ এজেঞ্চিৰ উদ্যোগ৷শতাধিক পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ

লাইভ জামুগুৰিহাট, বি কে মেডিকেলৰ অাৰু বসুন্ধৰা গেছ এজেঞ্চিৰ উদ্যোগ৷
শতাধিক পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৯ এপ্ৰিল: লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত পৰা লোকসকলৰ কাষত খাদ্য সামগ্ৰীৰ টোপোলা লৈ থিয় দিছে বহু হৃদয়বান লোক৷বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহবানৰ পিছতেই যেন সকলোৱে আৰ্তজনৰ কাষত থিয় হৈ ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে৷জামুগুৰিহাটতো নিতৌ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা লৈ আৰ্তজনৰ ওচৰত আহি সহায় কৰিছে বহুজনে৷জামুগুৰিহাটৰ গঠণমুলক বাতৰিৰ লগতে প্ৰতিটো খৱৰ তাৎক্ষণিকভাৱে যোগান ধৰা বাৰ্তাবাহক ফেচবুকৰ এক পৃষ্ঠা “লাইভ জামুগুৰিহাট” আৰু “বি কে মেডিকেল”ৰ স্বত্বাধিকাৰী বিনীত ভূঞা বসুন্ধৰা গেছ এজেঞ্চিৰ স্বত্বাধিকাৰী সত্যব্ৰত বৰুৱাৰ প্ৰচেষ্টাত অঞ্চলটোৰ কেবাঠাইতো খাতি খোৱা তথা দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শতাধিক পৰিয়ালৰ মাজত আলু,পিয়াজ,দালি,মিঠাতেল,চয়াবিন,নিমখ,চাবোনকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা বিতৰণ কৰে৷লকডাউনৰ সময়চোৱাত এইদৰে আৰ্তজনৰ কাষত থিয় হৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা লাইভ জামুগুৰিহাট, বি কে মেডিকেল অাৰু বসুন্ধৰা গেছ এজেঞ্চিয়ে পূৰ্বতেও অঞ্চলটোত বানপানীৰ সময়ত আৰ্তজনৰ কাষত উপস্থিত হৈ 
সহায়ৰ হাত আগবঢ়োৱাৰ লগতে দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীকো বিভিন্ন দিশত সহায়ৰ হাত আগবঢ়াই অাহিছে।এই প্ৰতিষ্ঠান কেইটাৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰী সকলেও বিভিন্ন সময়ত অাৰ্তজনৰ কাষত ঠিয় হোৱা দেখিবলৈ পোৱা যায়।জোন বৰা ,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা