নলবাৰীৰ নিজ পকোৱা বিহু সন্মিলনী সমিতিৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ চেক প্ৰদান*

*নলবাৰীৰ নিজ পকোৱা বিহু সন্মিলনী সমিতিৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ চেক প্ৰদান*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২১ এপ্ৰিল*


বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ সংক্ৰমনৰ বাবে চৰকাৰে দিয়া লক্ ডাউনৰ সময়ত জনজীৱন স্তব্ধ হৈ পৰাত নলবাৰী জিলাৰো বিভিন্ন অঞ্চলৰ লোক গৃহবন্দী হৈ পৰিছে । এনে সময়তে অঞ্চলটোৰ দুখীয়া, দিন হাজিৰা কৰি, ঠেলা চলাই জীৱন যাপন কৰা পৰিয়ালসমূহ অাৰ্থিক আৰু খাদ্য সংকটৰ সন্মুখীন হৈছে ৷ এই কথাৰ ওপৰত বিচাৰ কৰিয়েই সামগ্ৰিকভাবে গোটেই দেশখনতেই বিভিন্ন অসুবিধাৰ সৃষ্টি হোৱাত  নলবাৰীৰ নিজ পকোৱা বিহু সন্মিলনী সমিতিৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ প্ৰয়াসেৰে অসম আৰোগ্য নিধিলৈ সোমবাৰে সন্ধিয়া ৭ বজাত পোন্ধৰ হেজাৰ(১৫০০০) টকাৰ চেক প্ৰদান কৰে ৷ নলবাৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত সমিতিখনৰ হৈ এই চেক প্ৰদান কৰে সম্পাদক ৰঞ্জন দত্তই ৷ চেক প্ৰদানৰ সময়ত নলবাৰী জিলা পৰিষদৰ চি ই অ' কৃষ্ণা বৰুৱা আৰু অধ্যক্ষ নিতুল ডেকাৰ লগতে নলবাৰীৰ জেষ্ঠ সাংবাদিক চম্পক বৈশ্য উপস্থিত থাকে ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা