নলবাৰীৰ গো-শালাত চি আৰ পি এফ ৰ মাস্ক ,চেনিটাইজাৰ,হেণ্ডওৱাছ আদি বিতৰন

নলবাৰীৰ গো-শালাত চি আৰ পি এফ ৰ মাস্ক ,চেনিটাইজাৰ,হেণ্ডওৱাছ আদি বিতৰন 

ধ্ৰুৱ জ্যোতি মালাকৰ/নলবাৰী/২৫ এপ্ৰিল::

দেশমাতৃক সেৱা আগবঢ়োৱাৰ লগতে দেশৰ যিকোনো দুৰ্যোগ তথা বিপদ সংকুল সময়ত  চি আৰ পি এফ বাহিনীয়ে প্ৰত্যেক সময়ত আগবাঢ়ি নলবাৰী জিলাত জনসেৱা আগবঢ়াই আহিছে। বৰ্তমান সময়ত দেশ তথা ৰাজ্যত অব্যাহত আছে মাৰাত্মক কৰ'না ভাইৰাছৰ আতংক । এই মহামাৰী কৰ'না ভাইৰাচৰ সন্ত্ৰাস চলি থকাৰ সময়তো চি আৰ পি এফ বাহিনীয়ে ৰাইজক  সহায়ৰ  বাবে আগবাঢ়ি আহিছে । ইতিমধ্যে কৰ'না ভাইৰাছৰ পৰা পৰিত্ৰান পাবলৈ লক ডাউনৰ ফলত ঘৰতে আবদ্ধ হৈ থকা নলবাৰীৰ গো -শালাত শ্ৰমজীৱি লোক সকলৰ মাজত চি আৰ পি এফ বাহিনীয়ে বিতৰন কৰে মাস্ক,চেনিটাইজাৰ,ফেনাইল,হেণ্ড-গ্লোপচৰ লগতে বিভিন্ন সা-সামগ্ৰী  ।  চি আৰ পি এফৰ ১৩৬ নং বেটেলিয়নৰ উদ্যোগত এই সমূহ সামগ্ৰী বিতৰন কৰা হয়। লগতে উক্ত অঞ্চলটো চেনিটাইজ কৰা হয় । উল্লেখ্য যে চি আৰ পি এফৰ ১৩৬ নং বেটেলিয়নৰ উদ্যোগত যোৱা তিনিদিন ধৰি নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত এই সামগ্ৰী সমূহ বিতৰণ কৰি অহা  হৈছে । চি আৰ পি এফ বাহিনীৰ এনে  পদক্ষেপক সচেতন মহলৰ লগতে ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ।উল্লেখযোগ্য ১৩৬ নং চি আৰ পি এফ বাহিনীয়ে ইতিমধ্যে জিলাখনৰ বৰ আজাৰা,সৰিয়হঁতলী আদি অঞ্চলৰ লগতে সমগ্ৰ জিলাখনতে খাদ্যৰ যোগান আৰু কৰনা বিৰোধী অভিযান চলাই আৰু চেনিটাইজ কৰি ৰাইজক সজাগ কৰাৰ লগতে জন সেৱা মূলক কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা