Posts

Showing posts from July, 2020

জামুগুৰিহাটৰ "সমাজকৰ্মী হিতেশ্বৰ শইকীয়া ফাউণ্ডেচন"ৰ সহযোগত স্বাস্থ্য সজাগতা সভা আৰু মাস্ক বিতৰণ কাৰ্যসূচী সম্পন্ন

Image
জামুগুৰিহাটৰ "সমাজকৰ্মী হিতেশ্বৰ শইকীয়া ফাউণ্ডেচন"ৰ সহযোগত স্বাস্থ্য সজাগতা সভা আৰু মাস্ক বিতৰণ কাৰ্যসূচী সম্পন্ন ।  জামুগুৰিহাটৰ গুৱাহাটী ফ'ৰামৰ প্ৰশংসনীয় পদক্ষেপ। অাজি জামুগুৰিহাটৰ মধুপুৰ গাৱত  জামুগুৰিহাট গুৱাহাটী ফ'ৰামৰ বিষয় ববিয়া সকলে মাস্ক বিতৰণ কৰে। সমগ্ৰ জামুগুৰিহাটৰ পুব পশ্চিম উত্তৰ দক্ষিন এই চাৰিও দিশত প্ৰায় ১লাখ ৫০ হাজাৰ মাস্ক বিতৰণ কৰি  ক'ৰণা মহামাৰিৰ পৰা ৰাইজক ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে। অাজি মধুপুৰ গাৱৰ নামঘৰ পাঙ্গনত গাঁও খনৰ প্ৰায় তিনি শতাধিক ৰাইজৰ মাজত মাস্ক বিতৰণ কৰাৰ লগতে এখন স্বাস্থ্য সজাগতা সভাও অনুস্থিত কৰে।সমাজ কৰ্মী হিতেশ্বৰ শইকীয়া ফাউণ্ডেচন'ৰ সহযোগত জামুগুৰিহাট গুৱাহাটী ফ'ৰামৰ উদ্যোগত অাৰু সমাজ কৰ্মী নাৰায়ন শইকীয়াৰ সভাপতিত্বত অনুস্থিত হোৱা অাজিৰ সভা খনত অাদৰনী ভাষন প্ৰদান কৰে সাংবাদিক জোন বৰাই ।লগতে সাংবাদিক বেদব্ৰত বৰা চিকিৎসক হৰেন শইকীয়া গুৱাহাটী ফ'ৰামৰ সম্পাদক ড° কন্দৰ্প শইকীয়া  গুৱাহাটী ফ'ৰামৰ কাৰ্য্যালয় সম্পাদক ঈশ্বৰচন্দ্ৰ বৰা,আৰমান আলি গুৱাহাটী ফ'ৰামৰ সদস্য, প্ৰেম প্ৰদীপ শইকীয়া ঘীলাধৰিয়া গাওঁবুঢ়া অাদিয়ে মহ

নলবাৰীৰ ঘগ্ৰাপাৰৰ জাৱজাৱকুছিত ক'ৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ নামপ্ৰসঙ্গ

Image
ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১ আগষ্ট* নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জাৱজাৱকুছি গাঁৱত শুক্ৰবাৰে পশ্চিম বনভাগ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত কৃষ্ণজ্যোতি প্ৰাথমিক শাখাৰ উদ্যোগত স্থানীয় নামঘৰ প্ৰাঙ্গনত ক'ৰোণাৰ পৰা পৰিত্ৰাণ বিচাৰি নামপ্ৰসঙ্গ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বনভাগ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি পৰেশ কলিতা আৰু জাবজাবকুছি কৃষ্ণজ্যোতি প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকৰ লগতে আই মাতৃসকল । *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

নলবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন বিধায়ক অশোক শৰ্মা আৰু নাৰায়ণ ডেকাৰ

Image
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১ আগষ্ট* নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰী আকনা আৰু দোদেতীয়া আদিত নোনা নৈয়ে পশ্চিম দিশে ভয়াৱহ খহনীয়া ৰূপ ধাৰণ কৰি থকাৰ সময়তে শুক্ৰবাৰে পুৱা জলসম্পদ বিভাগৰ খীৰতি গাইত পৰিণত বুৰবুৰীত নোনা নৈৰ মথাউৰি ছিঙি পেলোৱাত বনভাগ-বৰভাগ অঞ্চলৰ অৰ্ধশতাধিক গাঁও বানত প্লাৱিত হৈ পৰে । নোনা নৈখনৰ মথাউৰিৰ এনেদৰে বুৰবুৰীত প্ৰায় ৫০ মিটাৰ ছিঙি যোৱাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰা দেখা গৈছে । ইতিমধ্যে বুৰবুৰীত নৈখনৰ বাঢ়নী পানীয়ে মথাউৰিছোৱা ছিঙি পেলোৱাত বুৰবুৰী, নিজখগটা, বিলপাৰ, চিলিং, বাঘমাৰা, কটকীয়া, লাটিমা, জাৱৰিহাটী, ৱৰজাৱৰিহাটী, আমৰা, ধনৰা, নাৰপাৰা, দতৰা, ননৈ, বড়িদদৰা, বড়িগাঁও, চতমা, লৰমা, বটাকুছী, থানবাটকুছি, বৰখালা, দেহাৰকুছিকে ধৰি বনভাগ-বৰভাগ অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গাঁঁও বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে । ইতিমধ্যে বুৰবুৰী গাঁৱৰ লগতে বৃহত্তৰ অঞ্চলটোত নৈখনৰ বাঢ়নী পানী সুমুৱাই পুখুৰীৰ মাছ, কৃষি ভুমি, মানুহ থকা ঘৰ, বাট-পথৰ বিস্তৰ ক্ষতিসাধন কৰিছে । উল্লেখ‍্য‍ যে বিগত কিছুদিন ধৰি নিশা বুৰবুৰীত নোনা নৈৰ মথাউৰিটোৰ ওপৰেদি বাঢ়নী পানী বৈ অহাত ৰাইজ

সমষ্টিৰ সীমা পূণৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল ইত্তেহাদ ফ্ৰন্টৰ

Image
ষ্টাফৰিপৰ্টাৰ, সীমা পূণৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত প্ৰশ্ন উত্থাপন কৰি ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিয়ে উচ্চতম ন্যায়ালয়ত ৫১পৃষ্ঠাৰ লেখ আবেদন দাখিল কৰিছে৷ আবেদন উল্লেখ কৰা অনুসৰি পূৰ্বতেওঁ সমগ্ৰ ভাৰতবৰ্ষত সমষ্টিৰ সীমা পূণৰ নিৰ্ধাৰণ কাম  কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল কিন্তু দল-সংগঠনৰ প্ৰতিবাদত আইন আৰু ন্যায় মন্ত্ৰালয়ে অসমত সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিছিল৷সেই সময়ত সমষ্টিৰ সীমা নিৰ্ধাৰণ স্থগিত ৰখাৰ কাৰণ সমূহৰ মূখ্য কাৰণ আছিল বিদেশী চিনাক্তকৰণ আৰু বহিস্কাৰ কৰা৷অসমৰ উগ্ৰপন্থী সমস্যা বাবে অসমক অশান্ত অঞ্চল ঘোষনা কৰি সশস্ত্ৰ বাহিনী ১৯৫৮ আইন বলবৎ কৰি ৰখা৷ অসমৰ পৰিবেশ শান্ত  নোহোৱালৈ সমষ্টিৰ সীমা নিৰ্ধাৰণ নকৰাৰ বাবে বিভিন্ন পক্ষই  দাবী উত্থাপন কৰাৰ ফলত সমষ্টিৰ সীমা পূণৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল আইন আৰু ন্যায় মন্ত্ৰালয়ে৷ পূৰ্বতে উত্থাপন কৰা সমস্যা সমূহ আজিওঁ বাহাল আছে৷ আজিলৈকে কোনো এটা সমস্যা পূৰ্ণৰূপে সমাধান নোহোৱাৰ বিষয়ে উল্লেখ কৰে৷ বৰ্তমান গোটেই ভাৰতবৰ্ষতে লকডাউন চলি আছে অনুৰূপ ভাবে অসমতো সংক্ৰমণ বৃদ্ধি পাইছে  ফলত ৰাজ্যজুৰি বিভিন্ন  সমস্যা দেখা দিছে।কৰ'নাই গো

সুৰ্য চিমেণ্ট আৰু মৈথান ষ্টীলে আয়োজন কৰিলে "হাঁসি-খুশী ৰোগ প্ৰতিৰোধক ক্ষমতা শিবিৰ

Image
 ষ্টাফৰিপ'ৰ্টাৰ,মৈথান গ্ৰুপৰ অধীনৰ এক ধজ্বাবাহী ফ্লেগশ্বিপ ব্ৰেণ্ড উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী উদ্যোগ সুুৰ্য চিমেণ্ট আৰু ভৱন নিৰ্মাণ উদ্যোগ মৈথান ষ্টীল টিএমটি বাৰে যুটীয়াভাৱে "হাঁসি- খুশী ইমিউনিটী" শীৰ্ষক এক মহজোৰা শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰটো ক'ভিড-১৯ ৰ সাৱধানতা আৰু সজাগতা শিবিৰৰ অংশ স্বৰূপে ক'ভিড-১৯ মহামাৰীৰ সময়ছোৱাত জনসাধাৰণ স্বাস্থ্যৱান হৈ থকাৰ তথা ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। হাঁসি-খুশী ইমিউনিটীৰ জৰিয়তে জীৱনটো সুখী কৰি তোলাৰ ধাৰণাক উজ্জীৱিত কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দীঘলীয়া ক'ভিড-১৯ লকডাউনে দেশত অৰ্থনীতিৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য সম্বন্ধীয় অনিশ্চয়তাৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ মাজত অসহজ পৰিস্থিতিৰ সৃষ্টি কৰিছে। উদ্বেগ অৱস্থাই ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস কৰে বুলি অধ্যয়নত প্ৰকাশ পাইছে। সমাজে ঐক্যবদ্ধভাৱে আৰু সমূহিক শক্তিৰ সহায়ত প্ৰত্যাহ্বানমূলক সময়ক মোকাবিলা কৰিবলৈ সক্ষম বুলি সুৰ্য চিমেণ্ট আৰু মৈথান ষ্টীলে বিশ্বাস কৰে। এই যুটীয়া শিবিৰৰ দ্বাৰা গ্ৰাহক আৰু ব্যৱসায়ী অংশীদাৰৰ মাজত "সুখী কাণ্টেণ্ট সৃষ্টি"

গোলাঘাটত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে শুভাৰম্ভ কৰে সাহিত্য মনিষী উপবন

Image
মীনাক্ষী ফুকন : গোলাঘাটত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে শুভাৰম্ভ কৰে সাহিত্য মনিষী উপবন। ভৱিষ্যত প্ৰজন্মৰ সুবিধাৰ্থে অসমৰ বিভিন্ন জিলাত ২৪ খন সাহিত্য মনিষী উপবনৰ ব্যৱস্থা। এই উপবনত উপলব্ধ হ'ব ফলমূল, ঔষধি উদ্ভিদৰ উপৰিও বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য উদ্ভিদ। অসমৰ তৃতীয় খন সাহিত্য মনিষী উপবন উদ্বোধন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে।        গোলাঘাটৰ নামবৰ বনাঞ্চলত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। নামবৰ বনাঞ্চলৰ গাতে লাগি থকা যুৰিয়া দলঙত বনমন্ত্ৰী গৰাকীয়ে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ প্ৰস্তাৱিত সাহিত্য মনিষী উপবন।  ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, সৰুপথাৰৰ বিধায়িকা ৰ'জলিনা তিৰ্কীৰ উপস্থিতিত সাহিত্য মনিষী উপবন উদ্বোধন কৰা হয়। এই উপবনত এহাজাৰ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ লক্ষ্য যদিও প্ৰথম অৱস্থাত ৩৭০ জোপা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰা হয়। এই উপবনত মাটিৰ অভাৱৰ বাবে ইচ্ছা থাকিও গছপুলি ৰোপণ কৰিব নোৱাৰা লোকে গছপুলি ৰোপণ কৰাৰ লগতে পুলি নিয়াৰো ব্যৱস্থা থাকিব। । হাতী মানুহৰ সংঘাত চৰকাৰে ৰোধ কৰাৰ ব্যৱস্থা কৰিছে। বৰ্তমান অসমত ২শ ২২ বৰ্গ কিলোমিটাৰ সেউজীয়া পৰিৱেশ বৃদ

বঙাইগাঁও জিলাত একেদিনাই ৪১ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ

Image
বঙাইগাঁও জিলাত একেদিনাই ৪১ জনৰ দেহত ধৰা পৰিল কোভিড - ১৯ পজিটিভ ৬৪৭  জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা  বঙাইগাঁওঃ ৩১ জুলাইঃ বঙাইগাঁও জিলাত কৰ'না ভাইৰাছৰ গণ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে ৷ দৈনিক বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত  একেদিনাই ধৰা পৰিছে  ৪১ জন ব্যক্তিৰ দেহত  ক'ভিড- ১৯ পজিটিভ ৷ জিলাখনত আক্ৰান্তসকৰলৰ ভিতৰত বৰ্তমান অধিকাংশই ৰে'ল বিভাগৰ কৰ্মচাৰী ৷ সেইদৰে নিৰাপত্তা ৰক্ষী , আৰক্ষী, বিভিন্ন বেংকৰ কৰ্মচাৰী ,ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী , আন্তঃ ৰাজ্য আৰু আন্তঃ জিলা ভ্ৰমণ কৰা ব্যক্তিৰ দেহত কোভিড - ১৯ পজিটিভ ধৰা পৰিছে ৷ উল্লেখ্য যে বিগত ২৪  ঘণ্টাত জিলাখনত ৪১ জন ব্যক্তিৰ দেহত নতুনকৈ কোভিড- ১৯ পজিটিভ ধৰা পৰাত এতিয়া জিলাখনত কোভিডত আক্ৰান্তৰ সংখ্যা ৬৪৭ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত নতুনকৈ কোভিডত আক্ৰান্তসকলৰ ভিতৰত ৮ জন পূৰ্ৱে কোভিডত আক্ৰান্ত পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা, ৪ জন ৰে'লৱে সুৰক্ষা বাহিনীৰ জোৱান , ২ জন ৰে'লৱে হাস্পতালৰ কৰ্মী , ২ জন ৰে'লৱে কাৰখানাৰ  কৰ্মচাৰী , ৰে'লৱে বিভাগৰ আৰু ২ জন কৰ্মচাৰী , ৪ জন অভয়াপুৰী থানাৰ আৰক্ষী , ৫ জন  ৰিলায়েন্স ডিজি

ৰঙিয়াৰ বান পৰিস্থিতি উদ্বেগজনকঃ সম্পূৰ্ণ ৰঙিয়া চহৰ পানীৰ তলত

Image
ৰঙিয়াৰ বান পৰিস্থিতি উদ্বেগজনকঃ সম্পূৰ্ণ ৰঙিয়া চহৰ পানীৰ তলতঃ শতাধিক গাওঁ প্লাবিত  প্ৰতিবেদক, ৰঙিয়া ,৩১ জুলাইঃ ৰঙিয়াত বতৰ সামান্য ফৰকাল হোৱাত  ৰঙিয়া মহকুমাৰ বান পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও যোৱা নিশা ভূটানৰ পৰা নামি অহা পানীৰ ঢলে সমগ্ৰ ৰঙিয়া মহকুমা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে। পুঠিমাৰী নৈৰ বগৰীবাৰীৰ ছিগা অংশৰে  যোৱা নিশা প্ৰায় ১০ বজাৰ পৰা তীব্ৰ বেগত ৰঙিয়া চহৰত বাঢ়নী পানী সোমাবলৈ ধৰাত ৰঙিয়াৰ বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰিছে।  বানৰ পানীয়ে মুহূৰ্তৰ ভিতৰতে সম্পূৰ্ণ ৰঙিয়া চহৰ বুৰাই পেলায়। ফলত যোৱা নিশা ৰঙিয়াত হাহাকাৰৰ সৃষ্টি হয়। নিশাটোৰ ভিতৰত ৰঙিয়া চহৰৰ মাজমজিয়াত এক কঁকাল পানীৰে উপচি পৰে। বানৰ পানীয়ে কাছাৰী শ'লমাৰীত ৰঙিয়া গোৰেশ্বৰ সংযোগী পথ খহাই নিয়াত যাতায়ত সম্পূৰ্ণ ব্যহত হয়। যাৰ ফলত ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয় ৰঙিয়া চহৰৰ লগত সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে। বানৰ পানীয়ে ৰঙিয়া মহকুমাধিপতি পথ, ৰঙিয়া এন টি পথ, ৰঙিয়া মহাত্মা গান্ধী পথ, নুৰুদ্দিন পথ, থানা পথ, স্টেডিয়াম কলনী, শ'লমাৰী আদি অঞ্চল সম্পূৰ্ণ বুৰাই পেলায়। এই অঞ্চল সমুহত ঘৰে ঘৰে পানী সোমাই যোৱ

চিৰাঙত দহ দিন ধৰি নিখোজ কিশোৰী

Image
বঙাইগাঁওঃ ৩০ জুলাইঃ চিৰাং জিলাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী বিগত দহদিন ধৰি নিখোজ হৈ আছে । প্ৰাপ্ত খবৰ অনুসৰি জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰিৰ ১ নং ৱার্ড নিবাসী  বিষ্ণুদেৱ প্রসাদৰ কন্যা ৰঞ্জিতা প্রসাদ নামৰ কিশোৰীগৰাকী যোৱা ২১ জুলাইৰ পুৱা ৯ বজাত নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিখোঁজ হৈ আছে । কিশোৰী গৰাকীৰ মাকে ২২ জুলাইত কন্যা নিৰুদ্দেশ সন্দৰ্ভত ঢালিগাঁও থানাত বিষয়টো অৱগত কৰাত আৰক্ষীয়ে জি ডি ই  619/20 নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কিশোৰীগৰাকীৰ সন্ধান লাভ কৰিব পৰা নাই । প্ৰায় ৪ ফুট ৫ ইঞ্চি উচ্চতাৰ বগা বৰণৰ কিশোৰীজনীয়ে নীলা বৰণীয়া জিনছৰ পেণ্ট আৰু ট'প পিন্ধি আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ।

পিতৃৰ চিকিৎসাৰ বাবে দূৰ্ভগীয়া জীয়ৰীৰ কৰুণ বিননি

Image
:চিকিৎসাৰ বাবে চৰকাৰলৈ সহায়ৰ আহ্বান।    দেৱব্ৰত বৰা,২৯ জুলাই:  এগৰাকী যুৱতীৰ এটা ফেচবুক প'ষ্ট। সামাজিক কামৰ লগত জড়িত যুৱতীগৰাকীৰ নাম নিলাক্ষী নাথ। কাৰ্বি আংলঙৰ খেৰণিৰ যুৱতী গৰাকীৰ পিতৃ বিপিন চন্দ্ৰ নাথ যোৱা কেইবাদিনো ধৰি জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীস্থিত দিছপুৰ চিকিৎসালয়ৰ আই-চি-ইউত ভৰ্তি হৈ জীৱন যুঁজৰ সংগ্ৰামত অহৰ্নিশে বৰ্তী হৈ থকাৰ পৰিপেক্ষিতত পৰিয়ালটোক প্ৰয়োজন হৈছে বহু পৰিমানৰ ধনৰাশি। নাথৰ চিকিৎসাৰ বাবে ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰিও লাগতিয়াল আৰ্থিক ধনৰাশি যোগাৰ কৰিব নোৱাৰাত পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে। অৱশেষত উপায়ন্তৰ হৈ নাথৰ কণ্যাই ফেচবুকৰ জড়িয়তে সুহৃদয়বান লোক তথা চৰকাৰৰ কিছু সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে। আপোনাৰ অলপ সহাঁৰিয়ে হয়তো পৰিয়ালটোলৈ হাঁহি ঘূৰাই আনিব পাৰিব। পৰিয়ালটোক সহায় কৰিবলৈ - ACCOUNT NO- 11857156928, IFSC NO. - SBIN0005856 অথবা ৬০০০৯৮৫০০৩, ৮৬৩৮৮৪৮২৫৯ নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগৱঢ়াব পাৰিব।

নলবাৰীত পুনৰ মৰাপাগলদিয়াৰ তাণ্ডৱ

Image
ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩১ জুলাই* এতিয়া মৰাপাগলাদিয়াৰ ভগা মঠাউৰীৰে প্ৰৱল গতিত অহা বানপানীয়ে নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ বহুতো গাঁও বুৰাই পেলাইছে । উল্লেখযোগ্য যে যোৱা জুন মাহতে নদীখনে দহকাউনীয়া গাঁৱৰ নবজ্যোতি হাইস্কুলৰ ওচৰত উত্তৰ বালিৰ পামৈপাৰা চুবুৰী আৰু শিয়ালমাৰীৰ বালি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ওচৰত মুঠতে তিনিঠাইত ভগা মঠাউৰীৰে তীব্ৰ গতিত বৈ অহা বানে ৰতনপুৰ-শিয়ালমাৰী- বালি-মুৰিকুছি-সন্ধেলী-বৰপীত-হাৰিভাঙা-ভোঁজকুছি আদি গাঁৱৰ কৃষিভূমি শেহতীয়াভাবে লাহে লাহে বুৰ যাবলৈ ধৰাত  কৃষকৰ মনত স্বাভাৱিকতেই দুশ্চিন্তাই দেখা দিছে ।শিয়ালমাৰী গাঁৱৰ ৰাজহুৱা হৰিমন্দিৰৰ পূবফালে থকা চুবুৰী আৰু কৃষ্ণপুৰী চুবুৰী তথা উত্তৰ বালিৰ নদীপাৰৰ পশ্চিম ফালৰ চুবুৰীৰ লগতে বালি উচ্ছমাধ্যমিক বিদ্যালয় আৰু মহাজনপাৰা(উত্তৰ বালি) বানত ক্ষতিগ্ৰস্ত হৈছে বুলিও জানিব পৰা গৈছে ।বানপানী নিশাৰ ভাগত আৰু বাঢ়িব পাৰে বুলি বানাক্ৰান্ত লোকে অভিমত প্ৰদান কৰিছে । *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

সদৌ অসম কবি সন্মিলনৰ বিভিন্ন অনলাইন ডিজিটেল কাৰ্যসূচী ঘোষণা

Image
কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী,৩১ জুলাই :  পাদ-প্ৰদীপৰ অন্ধকাৰত লুকাই থকা প্ৰতিভাসম্পন্ন তৰুণ কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত উদ্যোগ নগৰী নামৰূপত "পথাৰ কবি" ৰাম গগৈ আৰু যোৰহটীয়া কবি আনন্দ চন্দ্ৰ দত্তৰ নেতৃত্বত জন্মলাভ কৰা সদৌ অসম কবি সন্মিলনে  প্ৰতিষ্ঠা কালৰে পৰা অসমৰ কাব্য জগতখনলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই অহাৰ সমান্তৰালভাৱে এই বৃহৎ  জাতীয় অনুষ্ঠানটিয়ে  ভিন-ভিন সময়ত ভিন-ভিন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷  সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমতো মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অচলাৱস্থা বাবেই পৰিস্থিতিৰ সৈতে সহাৱস্থান কৰি সদৌ অসম কবি সন্মিলনে সপ্তাহৰ প্ৰতিটো দিনতেই ব্যতিক্ৰম ধৰ্মী অনলাইন ডিজিটেল কাৰ্যসূচী ঘোষণা কৰিছে । ইতিমধ্যে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী আৰু বিশাল অনুৰাগৰ ব্যৱস্থাপনাত যোৱা ৭ জুলাইৰ পৰা সদৌ অসম কবি সন্মিলনৰ ফেচবুক গোটৰ সৌজন্যত সপ্তাহৰ প্ৰতি মংগলবাৰ আৰু শুক্ৰবাৰে সন্ধ্যা ৭ বজাত "কাব্যতীৰ্থ" শীৰ্ষক এক পোনপটীয়া (লাইভ) মননশীল অনুষ্ঠানৰ সম্প্ৰচাৰ হৈ আহিছে। সদৌ অ

ডিগবৈত ৰাষ্ট্ৰীয় মানব অধিকাৰ সন্থাৰ সম্পাদক কমল ৰাজ ছেত্ৰীক গ্ৰেপ্তাৰ

Image
ডিগবৈত ৰাষ্ট্ৰীয় মানব অধিকাৰ সন্থাৰ সম্পাদক কমল ৰাজ ছেত্ৰীক গ্ৰেপ্তাৰ। চোৰাং কয়লা, কাঠ, চুপাৰী, পান আদিৰ ছিণ্ডিকেটত জড়িত, ব্লেকমেইলেৰে ব্যৱসায়ীক ধনদাবীত জড়িত কমলক বাসগৃহৰ পৰাই তিনিচুকীয়া আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ।  ডিগবৈ সবালিজানৰ নিবাসী তথা দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী কমল ৰাজ ছেত্ৰীক ৰাজ্যখনত চলি থকা চোৰাং কয়লা, কাঠ, চুপাৰী, পানৰ ছিণ্ডিকেটত আৰু বিভিন্ন পন্থাৰে তিনিচুকীয়াৰ একাংশ ব্যৱসায়ীক ব্লেকমেইলিংৰ দ্বাৰা ধনদাবী কৰি ধন সংগ্ৰহত জড়িত থকাৰ অভিযোগৰ ভিত্তিত কালি নিশাৰ ভাগত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, অসমৰ আগশাৰীৰ এটা বৈদ্যুতিন মাধ্যমৰ নিউজ চেনেলৰ সাংবাদিক হিচাপে জহাই ফুৰাৰ লগতে চেনেলৰ মালিকপক্ষৰ লগত গোপন বুজাবুজি থকা এইজনা তথাকথিত ছেত্ৰীয়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ ও অপৰাধ নিয়ন্ত্ৰণ সংগঠন নামৰ এটা সংস্থাৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপেও দায়িত্ববহন কৰি নিজকে সৰ্বত্ৰে চিনাকী দি বিভিন্ন উৎসৰ পৰা ব্লেকমেইলিংৰে ধন সংগ্ৰহ কৰি আহিছিল। অৱশেষত তিনিচুকীয়াৰ একাংশ ব্যৱসায়ীৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে বহু প্ৰতিক্ষাৰ অন্তত যোৱা নিশা ছেত্ৰী

নগাঁৱৰ কচুৱাত ২৪ টাকৈ চুৰি ম’বাইল টাৱাৰত ব্যৱহৃত বেটাৰী উদ্ধাৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১জুলাইঃ কৰ’না বিভীষিকাৰ মাজতো নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চোৰৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে জিলাখনৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ কচুৱাত বুজন পৰিমাণৰ ম’বাইল টাৱাৰত ব্যৱহৃত বেটাৰী উদ্ধাৰ হোৱা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কচুৱা থানাৰ আৰক্ষীৰ দলে চলোৱা এক অভিধানত কচুৱাৰ সোনাৰুগুৰিৰ আব্দুল ওৱাজিদ নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ২৪ টাকৈ ম’বাইল টাৱাৰত ব্যৱহৃত বেটাৰী । আচলতে কচুৱা তিনিআলিৰ নুৰু হুছেইন নামৰ লোকজনে চোৰ কৰি অানি এইখিনি বেটাৰী আব্দুল ওৱাজিদৰ ঘৰত মজুত কৰি ৰখাৰ সন্দেহ কৰা হৈছে । এনেদৰে চুৰি কৰি মজুত কৰি ৰখা বুজন পৰিমানৰ বেটাৰী উদ্ধাৰ হ’লেও মূল অভিযুক্ত নুৰু হুছেইনক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷ সেয়ে অাৰক্ষীয়ে নুৰু হুছেইনৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ বিপৰীতে অাব্দুল ওৱাজিদক অধিক তথ্যৰ বাবে সোধা-পোছা কৰি অাছে বুলি জানিব পৰা গৈছে ৷ =================

ধৰ্মপ্ৰাণা মহিলা তৰুলতা দেৱীৰ মৃত্যু

Image
ষ্টাফৰিপৰ্টাৰ,৩০জুলাই: দৰঙৰ দিপীলা অঞ্চলৰ আলিখাপাৰা নিবাসী ধৰ্মপ্ৰাণা সাদৰী মহিলা, সফল মাতৃ তৰুলতা দেৱীৰ বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা ৭৯বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়।দুনী মজলীয়া বিদ্যালয়ৰ একালৰ কৃতী প্ৰধান শিক্ষক ,সমাজকৰ্মী প্ৰয়াত জগৎ চন্দ্ৰ শৰ্মাৰ সহ:ধৰ্মিণী তৰুলতা দেৱীয়ে মৃত্যুৰ সময়ত ছয়গৰাকী উচ্চ শিক্ষিত তথা উপযুক্ত পুত্ৰ আৰু ছয়জনী বোৱাৰী, এগৰাকী জী আৰু জোঁৱাই , নাতি-নাতিনী সমন্বিতে বহুতো ইষ্ট-মিত্ৰ আৰু গুণমুগ্ধক এৰি থৈ যায়।সৰবৰহী মহিলা গৰাকীৰ বিয়োগত দিপীলা ব্ৰাহ্মণ খেল,দিপীলা জগদ্ধাত্ৰী পূজা সমিতি, দিপীলা শাখা সাহিত্য সভাকে ধৰি ভালেমান অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।উল্লেখযোগ্য প্ৰয়াত দেৱীক তেওঁ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে দিপীলা জগদ্ধাত্ৰী পূজা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহী তৰুলতা দেৱীয়ে নিজৰ জীৱনক লৈ লিখা "এৰি অহা সময়"নামৰ গ্ৰন্থখন যোৱা ২৭জুনত নিজা ঘৰত উন্মোচন কৰা হৈছিল।

সমগ্ৰ পুর্বোত্তৰৰ চেনেল পাৰ্টনাৰক ক'ভিড ছেফটি কিট বিতৰণ ডালমিয়া চিমেণ্ট(ভাৰত লিমিটেডৰ)

Image
 ষ্টাফৰিপ'ৰ্টাৰ,,,৩০ জুলাই।।।।মহামাৰীৰ এই সময়ছোৱাত ব্যক্তিগত স্বাস্থ্যবিধি আৰু স্বাস্থ্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ অৰ্থে   ডালমিয়া চিমেণ্ট( ভাৰত) লিমিটেডে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ২৫০০ ৰোধিক চেনেল পাৰ্টনাৰক ক'ভিড ছেফটি কিট বিতৰণ কৰে। এই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি ডালমিয়া চিমেণ্ট(ভাৰত) লিমিটেডৰ কাৰ্যবাহী সঞ্চালক সুনীল আগৰৱালাই কয়"-যদিও আমি সকলোৱে ব্যৱসায় কাম -কাজৰ সাধাৰণ অৱস্থালৈ আহিবলৈ চেষ্টা কৰিছো, তথাপিতো সাম্প্ৰতিক পৰিস্থিতি সাপেক্ষে প্ৰয়োজনীয় স্বাস্থ্য সুৰক্ষা ব্যৱস্থা সমূহক আমি উপেক্ষা কৰিব নোৱাৰো। আমাৰ কাৰণে আমাৰ সতীৰ্থ আৰু অংশীদাৰ সকল অতিশয় গুৰুত্বপূৰ্ণ আৰু সেয়েহে এই ব্যৱস্থাৰ জৰিয়তে আমি তেওঁলোকক যতনত গুৰুত্ব আৰোপৰ প্ৰয়াস কৰিছো"। এই ছেফটি কিট দুই প্ৰকাৰৰ। ডিলাৰ কিট আৰু এআৰকিট উভয় কিটতে এলকহলযুক্ত হেণ্ড চেনিটাইজাৰ, ফেচ মাস্ক, আৰু হেণ্ড গ্ল'ভছ আছে। ইয়াৰোপৰি ইয়াৰ সৈতে ক'ভিড ১৯ ৰ পৰা সুৰক্ষা লাভ কৰিবলৈ গ্ৰহণ কৰিবলগীয়া সকলোবোৰ প্ৰয়োজনীয় ব্যৱস্থাৰ চিত্ৰৰে উপস্থাপন সম্বলিত এখনি গাইড বুক আৰু ডিলাৰ্ছ শ্বপৰ কাৰণে ক'ভিড ছে

শিৱসাগৰ ৰাজহ চক্ৰৰ অধীনত ৪৬ টা কন্টেইনমেন্ট জ'ন ঘোষণা

Image
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ৩০ জুলাই : শিৱসাগৰত দৈনিক বৃদ্ধি পাইছে  ক'ভিড ১৯ আক্ৰান্ত সংখ্যা।  শিৱসাগৰত বহুকেইগৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে ক'ভিড১৯ । ইয়াৰে তিনিগৰাকী আখৈফুটীয়াৰ, দুগৰাকী বানমুখ চেতীয়া গাৱৰ পুৰুষ-মহিলাৰ উপৰিও এগৰাকী বহিঃৰাজ্যৰ পৰা অহা ব্যক্তি আৰু তিনিগৰাকী শিৱসাগৰ জিলাৰ ( সীমা সুৰক্ষা ) অতিৰিক্ত আৰক্ষী অধীক্ষকৰ গাড়ী চালকৰ লগতে এজন দেহৰক্ষী আৰু এজন  গৃহৰক্ষীৰ যোৱানৰ দেহত । লগে লগে প্ৰশাসনৰ তৰফৰ পৰা চালকজনৰ লগতে দেহৰক্ষীৰ চৰকাৰী আবাসগৃহ চেনিটাইজ কৰি কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে।   শিৱসাগৰ জিলা প্ৰশাসনে আটাইকেইটা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে।  জিলা প্ৰশাসনৰ চেনিটাইজিং আৰু কন্টেইনমেন্ট বিভাগৰ দায়ীত্বৰত বিষয়াৰ পৰা জানিব পৰা মতে শিৱসাগৰত বৰ্তমানলৈকে সৰ্বমুঠ ৪৯ টা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। তাৰোপৰি প্ৰতি দিনে বিভিন্ন অঞ্চলত জিলা প্ৰশাসনৰ তৰফৰ পৰা চেনিটাইজিং কৰা হয় বুলি জানিবলৈ দিয়ে ৰহমানে।  শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

বৰদলনি দেউঘৰবাৰী পথত গছ পুলি ৰোপণৰ এক বিশেষ কাৰ্য সূচী

Image
ষ্টাফৰিপৰ্টাৰ, ধেমাজি জিলাৰ বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ২৬ জুলাই দিনা বৰদলনি দেউঘৰবাৰী পথত গছপুলি ৰোপণৰ এক বিশেষ কাৰ্য সূচী অনুষ্ঠিত হয় । উক্ত বৃক্ষৰোপণ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখনত পৌৰহিত্য কৰে বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী  গুণলতা ফুকনে ।       উল্লেখ্য সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী , পদ্মশ্ৰী ড' শীলা বৰঠাকুৰৰ লগতে লেখিকা সমাৰোহ সমিতিৰ সৈতে জড়িত  কিছু দিন পূৰ্বে মৃত্যু বৰণ কৰা লাৱণ্য বৰুৱা , নীলিমা ঠাকুৰীয়া , ভানুৰাণী শইকীয়া , ৱাহিদা বেগম আৰু টংকেশ্বৰী দেৱীৰ সোঁৱৰণত অনুষ্ঠিত গছ পুলি ৰোপণ কাৰ্যসূচীৰ আৰম্ভণিতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। এচ. আই বিৰ উপ ক্ষেত্ৰ সংগঠক  তথা স্হানীয় বাসিন্দা বিৰাজ বৰঠাকুৰ আৰু বৰদলনি শাখা লেখিকা সমাৰোহ সমিতিৰ সভনেত্ৰী জূনুকা ভূঞা বৰঠাকুৰৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানটিত বৃক্ষৰোপণৰ উপযোগিতা আৰু ইয়াৰ দ্বাৰা হ'ব পৰা স্বাবলম্বিতা সন্দৰ্ভত গঠন মূলক আলোচনা আগবঢ়োৱা হয় ।উল্লেখ্য সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটিত বৰদলনি কনিষ্ঠ মহাবিদ্যালয় প্ৰব

সেনা-আৰক্ষীৰ জিম্মাত হত্যাৰ বলি হোৱা তিতাবৰ বৰহোলাৰ নিৰীহ অসমীয়া যুৱক জয়ন্ত বৰাৰ হত্যাৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত পুনৰ উত্তাল বৰহোলাৰ ৰাজপথ

Image
সেনা-আৰক্ষীৰ জিম্মাত হত্যাৰ বলি হোৱা তিতাবৰ বৰহোলাৰ নিৰীহ অসমীয়া যুৱক জয়ন্ত বৰাৰ হত্যাৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত পুনৰ উত্তাল বৰহোলাৰ ৰাজপথ। ২৯ জুলাই, ২০২০- সেনা-আৰক্ষীৰ জিম্মাত ৰহস্যজনক হত্যাৰ বলি হোৱা যোৰহাট বৰহোলাৰ যুৱক জয়ন্ত বৰাৰ মৃত্যুৱে আজি ৪৫ দিন অতিক্ৰম কৰিলে । এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাইজৰ নেৰানেপেৰা প্ৰতিবাদত বাধ্য হৈ অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীয়ে ৭ দিনৰ সময়সীমা বিচাৰি দোষীক শাস্তি প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে । পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ ঘৰৰ পৰা কেৱল মাত্ৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ বিপৰীতে হত্যাকাণ্ডত জড়িত হত্যাকাৰীক গ্ৰেপ্তাৰো নকৰিলে । ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি দি আজি পৰ্যন্ত জয়ন্তৰ তদন্তৰ কোনো প্ৰতিবেদন ৰাজহুৱা হোৱা নাই । সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত গুপ্তহত্যাৰ পুনৰাবৃত্তি ঘটিছে । চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে হত্যাৰ অভিযুক্তই মুকলি আকাশৰ তলত থাকিব নোৱাৰে । জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমন্বয় সমিতি আজি পুনৰাই ৰাজপথলৈ ওলাই আহিছে । সমিতিৰ আহ্বায়ক তথা ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, অন্যতম আহ্বায়ক নৰেন বৰা, অংশুমান শইকীয়া, অ

বঙাইগাঁৱত আক্ৰাছুৰ ৩০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

Image
 ১৫ আগষ্টৰ দিনাখনেই আমাক জনজাতিকৰণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লাগে --গোকুল বৰ্মন বঙাইগাঁওঃ২৯ জুলাইঃ অহা ১৫ আগষ্টৰ দিনাখনেই আমাক জনজাতিকৰণৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লাগে ৷ এই দাবী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ ৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত এদিনীয়াকৈ তথা অনুষ্টুপীয়াকৈ উদযাপন কৰা সংগঠনটোৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা সংবাদ মাধ্যমৰ আগত নেতাগৰাকীয়ে এই মন্তব্য কৰে ৷ সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে আক্ৰাছুৰ এই ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সংগঠনটোৰ স্থিতি স্পষ্ট কৰি দি কয় যে কোচ ৰাজবংশী জনগোষ্ঠীক কেতিয়া জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিব সেয়া উক্তদিনা স্পষ্ট কৰিব লাগে ৷ এই কথাটো আমি ইতিমধ্যে চৰকাৰক অৱগত কৰিছো ৷ অন্যথা ২০২১ ৰ নিৰ্বাচনৰ আগমূহুৰ্তত যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে , তেতিয়াহলে পৰৱৰ্তী পৰ্যায়ত আমি বেলট বাকচৰ জৰিয়তে অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম ৷ আনহাতে সংগঠনটোৰ জন্মলগ্নৰ বিষয়ে উল্লেখ কৰি আক্ৰাছুৰ সাধাৰণ সম্পা

নলবাৰীৰ ঘগ্ৰাপাৰত ঘগ্ৰাজানৰ বাঢ়নী পানীয়ে ক্ষতি কৰিছে কৃষকৰ কৃষিভুমি- বছৰ বছৰ ধৰি উন্মুক্ত হৈ থকা পূব মথাউৰি শীঘ্ৰে ব‍্যৱস্থা কৰিবলৈ যুৱ ছাত্ৰ পৰিষদৰ দাবী

Image
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ জুলাই* নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ দিশে  বৈ যোৱা ঘগ্ৰাজানৰ বাঢ়নী পানীয়ে এটি বৃহৎ অঞ্চল বছৰ বছৰ ধৰি ক্ষতি কৰি আহিছে বুলি অভিযোগ উঠিছে । জানটোৰ পশ্চিম দিশত মথাউৰি আছে যদিও পূব দিশত আজি পৰ্যন্ত মথাউৰি নোহোৱাত ২ নং  নিমুৱা লাটিমাকে ধৰি অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হৈ আহিছে । বিশেষকৈ জানটোৰ এফালে উন্মুক্ত হৈ থকাত বাৰিষা পানী বৃদ্ধি পালেই বাগৰি গৈ খেতি-বাতি নষ্ট কৰি পেলায় । শ-শ কৃষকৰ কৃষি ভূমি নষ্ট কৰি পেলোৱাৰ উপৰিও বাঢ়নী পানীয়ে খাল-পুখুৰী, বাট-পথ আদিও বুৰাই পেলায় বিস্তৰ ক্ষতিসাধন কৰে । দুখৰ বিষয় ইয়াৰ কাষতে তিনিখনকৈ বিদ্যালয় আৰু এটি অংগনবাড়ী কেন্দ্ৰ আছে যদিও উন্মুক্ত জানৰ বাঢ়নী পানীয়ে বুৰাই পেলায় । প্ৰতিটো বছৰৰ বাৰিষা সময়ত  শিক্ষানুষ্ঠান কেইখনৰ ছাত্ৰ-ছাত্ৰীয়ে যমৰ যাতনা ভুগি আহিছে । বাঢ়নী পানীয়ে প্ৰতিবাৰে কৃষকৰ ভুঁ‌ই বা কঠিয়াসমুহ নষ্ট কৰি পেলোৱাৰ বাবেও কৃষক সকলে মুৰে-কপালে হাত দিব লগা হয় । অঞ্চলটোৰ অতি পুৰণি প্ৰকৃতিভাৱে বৈ অহা জানটো মুকলি কৰি পানীবোৰ ভালদৰে উলিয়াই নিয়াৰ ব্যৱস্থা কৰাটো ৰাইজে বিচাৰিছে । ইপিনে ঘগ্ৰাপাৰ-দ

ৰঙিয়াত ভয়াৱহ ভাৱে কোভিট-১৯ সংক্ৰমণপুনৰ ৯ গৰাকীৰ দেহত পজিটিভ

Image
প্ৰতিবেদক, ৰঙিয়া ,২৯ জুলাইঃ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা মৃত্যুদূত ৰূপী কোৰোনা ভাইৰাছে ৰাজ্যখনৰ লগতে ৰঙিয়া মহকুমাটো কোভিড-১৯ৰ পজিটিভৰ সংখ্যা দিনকদিনে বৃদ্ধি পায় আছে৷ আজি মহকুমাটোৰ ৯ গৰাকীৰ কোৰোনা পজিটিভৰ সৈতে মহকুমাটোত কোভিড-১৯ পজিটিভৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২০০ জনলৈ বৃদ্ধি পালে৷আজি ৰঙিয়া চিভিল হস্পিটেলত ৯ গৰাকীৰ ৰেপিড এন্টিজেন টেস্ট কৰাৰ অন্তত ৩ গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। বৰমূৰাৰ লক্ষ্যজিৎ নমঃক্ষুদ্ৰ (৪৬ ),বিছেন্নালাৰ দিলীপ হালৈ (২৭ )আৰু ঘগ্ৰাপাৰৰ নয়ন বৈশ্য (৩০)। আনহাতে ৰঙিয়াৰ মডেল হস্পিতালত ৰঙিয়া টাউন ৭ নং ৱাৰ্ডৰ সুমিত্ৰা ৰাজবংশী(৫৩), শেৱালী বৈশ্য (৩৩) আৰু সীতাৰাৰ গীতাঞ্জলী কলিতা (৩৩) কোভিড পজিটিভ হোৱাৰ উপৰিও ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত ৫৪ গৰাকীৰ নমুনা পৰীক্ষাৰ পিছত পুনৰ তিনিগৰাকীৰ দেহত সংক্ৰমণ ধৰা পৰে ।তেওঁলোকক লগে লগে জিলাখনৰ কোভিট চিকিৎসালয়ত স্থানান্তৰ কৰা হয় বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে। প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

নগাঁৱত বন বিভাগৰ অভিযানত চোৰাং বালি ভৰ্তি ট্ৰাক জব্দ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুলাইঃ নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে নগাঁও বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলাখনৰ কামপুৰৰ বকুলগুৰী দলঙৰ সমীপৰ পৰা বধবাৰে অভিযান চলাই তিনিখনকৈ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, এ এছ-০৯-এ চি ২২৫৮, এ এছ-০৯-এ চি ১৪৯০ আৰু এ এছ-০২-চি চি ২২৯০ নম্বৰৰ ট্ৰাক কেইখনে অবৈধ ভাৱে দীৰ্ঘদিন ধৰি বালি সৰবৰাহ কৰি আহিছিল ৷ এই বিষয়ে গোপন সূত্ৰে জানিব পাৰি অতৰ্কীতে অভিযান চলাই নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়াৰ তৎপৰতাত এই তিনিখনকৈ চোৰাং বালি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

বেবেজীয়াৰ বৰহোলাত বিশুদ্ধ খোৱাপানী ব্যৱস্থাৰ শুভাৰম্ভ

Image
নগাঁও সদৰ সমষ্টিৰ বিধায়ক পুঁজিৰ চেক বিতৰণ                                                                                                          দেৱব্ৰত বৰা,জাজৰি,২৯ জুলাইঃ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই যোৱা ২৬ জুলাইত  বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়ত এলেকাৰ ১০টা অনুষ্ঠানলৈ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ প্ৰথম কিস্তিৰ ধনৰ চেক বিতৰণ কৰে ।এই উপলক্ষে প্ৰতিটো সামাজিক অনুষ্ঠানলৈ গৈ বিধায়কগৰাকীয়ে চেকসমূহ প্ৰদান কৰে ।ইয়াৰে বিৰহ বেবেজীয়াৰ নামঘৰ প্ৰাঙ্গনত সামাজিক দূৰত্ত্ব অক্ষুন্ন ৰাখি  অনুষ্ঠিত এক সভাত উক্ত অনুষ্ঠানলৈয়ো অনুদানৰ  চেক  প্ৰদানৰ লগতে প্ৰেছ ক্লাৱ ,বেবেজীয়ালৈয়ো আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰথম কিস্তিৰ ধনৰ  চেক বিতৰণ কৰে ।এই অনুষ্ঠানসমূহত  বিধায়কৰ স'তে তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ,বেবেজীয়া-ডিমৌ -বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ,কাউঞ্চিলাৰ তপন বৰদলৈ,যুৱ নেতা প্ৰনৱজ্যোতি বৰা,দিগন্ত বৰা,ভূৱন শইকীয়া আদিয়ে সংগ দিয়ে ।সেইদিনাই বেবেজীয়াৰ বৰহোলাত চৰ্তুদশ বিত্তীয় পুঁজিৰ জৰিয়তে নিৰ্মিত বিশুদ্ধ খোৱাপানী ব্যৱস্থাৰ এক আঁচনিৰো আনুষ্ঠানিকভাৱে শুভাৰ

কৃত্ৰিম বানৰ কবলত বৃহত্তৰ গৰিয়া কাৱৈমাৰী≈≈গভীৰ সমস্যাত অঞ্চলবাসী

Image
 কৃত্ৰিম বানৰ কবলত বৃহত্তৰ গৰিয়া কাৱৈমাৰী≈≈গভীৰ সমস্যাত অঞ্চলবাসী # নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা-বলিকটীয়া সংযোগী গড়কাপ্তানী পথৰ গৰিয়া কাৱৈমাৰিত থকা কালভাৰ্টৰ পশ্চিম দিশত একাংশ লোকে বৃহৎ পুখুৰী খন্দাৰ ফলত ঐতিহাসিক গৰিয়া জানৰ জলধাৰা বৈ যাব নোৱাৰাৰ পৰিপেক্ষিতত বৃহত্তৰ গৰিয়া কাৱৈমাৰি অঞ্চল বৰ্তমান  কৃত্ৰিম বানৰ কবলত পৰিছে।  যাৰ ফলত শ শ বিঘা কৃষি ভূমি পানীৰ তলত বুৰ যোৱাৰ ফলত কৃষকৰ মাজত একপ্ৰকাৰে  হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । এনেদৰে কৃত্ৰিম বানৰ কৱলত পৰি বৃহত্তৰ অঞ্চলটোৰ দৰিদ্ৰ কৃষক, মীন পালক আৰু পশু পালকসকলৰ বিস্তৰ ক্ষতি সাধন হৈছে যদিও কানসাৰ নাই বিভাগীয় বৰমূৰীয়াৰ । তদুপৰি পানীৰ মাজত অস্বাস্থ্যকৰ পৰিবেশত শিশু তথা বৃদ্ধ লোকে ব্যাপক সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়াত পৰিছে । উল্লেখ্য, গড়কাপ্তানী পথটোত থকা উক্ত কালভাৰ্টটোৰেদি বছৰ বছৰ ধৰি বৈ যোৱা পানীভাগ ভেটা দি অসাধু চক্ৰই পুখুৰী খন্দা সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ ধিং ৰাজহ চক্ৰ বিষয়াক অবগত কৰিছে যদিও আজিকোপতি কোনো ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। সেয়ে কালভাৰ্ট

আত্মজাহ কাৰ্যসুচীত অংশ ল'বলৈ অহা এগৰাকী শিক্ষকৰ ঘগ্ৰাপাৰত অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি বন্তি প্ৰজ্বলন

Image
আত্মজাহ কাৰ্যসুচীত অংশ ল'বলৈ অহা এগৰাকী শিক্ষকৰ ঘগ্ৰাপাৰত অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি বন্তি প্ৰজ্বলন* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ জুলাই* ৰাজ্যখনৰ নিবণুৱা সমস্যা সমাধানৰ অংশ হিচাপে  অগপ চৰকাৰৰ কাৰ্যকালৰ শেষৰ সময়ছোৱাত অৰ্থাৎ বিগত ২০০১ বৰ্ষৰ মাৰ্চ মাহত অ’বিবি আঁচনিৰ অধীনত শিক্ষকৰ চাকৰিত নিযুক্তি প্ৰদান কৰিছিল ৷ ইয়াৰ সমান্তৰালভাৱে নলবাৰী জিলাতো কিছুসংখ্যক নিবণুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছিল যদিও অতি পৰিতাপৰ বিষয় আজি পৰ্যন্ত অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহ’ল ৷ এইক্ষেত্ৰত চৰকাৰ পক্ষই বিগত কুৰি বছৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি আত্মজাহ কাৰ্যসূচীত অংশ লবলৈ আগবাঢ়ি অহা কনক চন্দ্ৰ কলিতা নামৰ এগৰাকী শিক্ষকে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাকৰিত এক বন্তি প্ৰজ্বলন কাৰ্যসুচী ৰূপায়ণ কৰি অসম চৰকাৰৰ পৰা সুমতি বিচাৰে ৷ শিক্ষকগৰাকীয়ে সামাজিক দুৰত্ব বজাই অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব‍্যক্তি তথা সাংবাদিকে অংশগ্ৰহণ কৰে । অ' বি বি শিক্ষক কনক কলিতাই আঁত ধৰা এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অং

কৃষি-বিজ্ঞানীয়ে পৰিদৰ্শন কৰিলে নলবাৰী পোৰাকুছিৰ কৃষিভূমি

Image
কৃষি-বিজ্ঞানীয়ে পৰিদৰ্শন কৰিলে নলবাৰী পোৰাকুছিৰ কৃষিভূমি*     *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ জুলাই*                                 অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ আঁচনিৰ অধীনত নলবাৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহঃ প্ৰকল্প বিজ্ঞানী প্ৰাণজিৎ ভৰালী আৰু গৱেষণা প্ৰযুক্তিবিদ বিশ্বজিৎ গগৈয়ে মহামাৰী কভিড-১৯ৰ ভয়াবহ দিনতো নলবাৰী জিলাৰ পোৰাকুছিৰ কৃষিভূমি আজি পৰিদৰ্শন কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰদান কৰা বীজৰে কৰা কৃষিকৰ্মৰ মান আৰু পদ্ধতি নীৰিক্ষণৰ বাবে  উপস্থিত হোৱা বুলি বিজ্ঞানীদ্বয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । কৃষি ভূমি আৰু ধাননিৰ বৃদ্ধি-বিকাশ সম্বন্ধীয় পৰিদৰ্শন কালত বিশেষ সহায় কৰে পোৰাকুছিৰ আদৰ্শ যুৱ খেতিয়ক ভূপেন বৰ্মন আৰু হৰিহৰ বৰ্মনে । পৰিদৰ্শন কালত স্থানীয় কৃষকসকলক বিজ্ঞানীদ্বয়ে কয় যে বিজ্ঞানসন্মত পদ্ধতিৰে শাৰী শাৰীকৈ ধান ৰোপণৰ বিভিন্ন ইতিবাচক দিশ আছে । অধিক পৰিমাণৰ ফচল প্ৰাপ্তিকে ধৰি উদ্ভিৰ ৰোগ নিৰ্মূলতো এই পদ্ধতিয়ে সহায় কৰে । মূলতঃ 'বাহাদুৰ ছাব-১' প্ৰজাতিৰ ধান শাৰীকৈ ৰোৱা বাবে পোৰাকুছি গাঁৱৰ যুৱ খেতিয়ক ভূপে

আছিল কৰিঅগ্ৰাফাৰ, হ'ল চাহৰ দোকানী : ভাইৰাছৰ পাৰ্শ্চক্ৰিয়া

Image
ক’ৰনাই সলাই পেলালে বহুতৰে জীৱণশৈলী৷ #নৃত্য প্ৰশিক্ষণৰ ঠাইত জামুগুৰিহাটৰ কৰিঅ’গ্ৰাফাৰ দম্পতীয়ে বাছি ল’লে চাহৰ দোকানৰ ব্যৱসায়। ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৯ জুলাই:সমগ্ৰ পৃথিৱীত মহামাৰী ৰূপ লোৱা কৰ’নাৰ বাবেই যেন সলনি হৈ পৰিছে সৰ্বস্তৰৰ ৰূপৰেখা৷সলনি হৈ পৰিছে মানৱ জাতিৰ জীৱণ শৈলী৷এফালে ক’ৰনাৰ সন্ত্ৰাস আনফালে ক’ৰনাৰ সামাজিক সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰা৷তাৰমাজতেই জীৱন জীৱিকাৰ তাড়নাত বহুতে সলনি কৰিব লগা হৈছে পূৰ্বে জীৱণ জীৱিকাৰ বাবে গ্ৰহণ কৰা কৰ্মপথ৷মহামাৰী সদৃশ ক’ৰনাৰ বাবেই জীৱণ শৈলী সলনি কৰিবলৈ বাধ্য হৈছে জামুগুৰিহাটৰ ভাস্কৰজ্যোতি ভূঞা আৰু স্নেহা ঘোষ ভূঞা নামৰ এহাল দম্পতি৷কেইমাহমান আগলৈকে নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় খুলি শিশুৰপৰা বহু যুৱক যুৱতীক প্ৰশিক্ষণ দি নৃত্যকেই পেছা হিচাপে গ্ৰহণ কৰা জামুগুৰিহাটৰ কৰিঅ’গ্ৰাফাৰ এই দম্পতীহাল এতিয়া ব্যস্ত হৈ পৰিছে চাহ দোকানৰ ব্যৱসায়ীৰূপে৷পূৰ্ৱে পশ্চিম বংগ,কলিকতা,দিল্লীকে ধৰি ৰাজ্যৰ বাহিৰত কৰিঅ’গ্ৰাফাৰ হিচাপে কাম কৰা দুয়ো স্বামী স্ত্ৰী তিনিবছৰ পূৰ্ৱে নিজ ৰাজ্যলৈ উভতি আহি জামুগুৰিহাটৰ চেচাসত্ৰত “দি-বেছ”(D-BASS) নামৰ এখন নৃত্যৰ

নগাঁৱৰ ৰাঙলুত চুৰি গৰুসহ ধৃত গভাইত চোৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাতো সঘনে সংঘটিত হৈ আহিছে গৰু চুৰি কাণ্ড । আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি সবল নেটৱৰ্ক গঠনেৰে এক দুষ্ট চক্ৰই অব্যাহত ৰাখিছে এই চুৰি কাণ্ড ৷ সঘনে সংঘটিত হৈ থকা এনে চুৰিকাণ্ডই ৰাইজক আতংকিত কৰি ৰখাৰ সময়তে মঙলবাৰে নিশা জিলাখনৰ ৰাঙলুত আটক কৰা হয় এটা গৰু চোৰক ৷ এটা চুৰি গৰুসহ চোৰটোক ৰাইজে হাতে লোতে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । জানিব পৰা মতে, নিশা ৰাঙলুৰ গড়হাকি গাওঁৰ ৰাইজৰ লগতে টুবুকিগ্ৰাণ্ট গাঁওৰক্ষী বাহিনীৰ হাতত আটক হয় মকিবুৰ ৰহমান নামৰ এই গভাইত চোৰটো ৷ অৱশ্যে দিলোৱাৰ হুছেইন নামৰ আন এটা চোৰ কৌশলেৰে পলাই যাবলৈ সক্ষম হয় । দুইটা চোৰে মিলি ৰাঙলুৰ টুবুকিগ্ৰান্টৰ এঘৰ মানুহৰ পৰা তিনিদিন আগতে এটা গৰু চোৰ কৰিছিল ৷ পলায়ণ কৰা দিলোৱাৰ হুছেইন নামৰ চোৰটো পূৰ্বেও কেইবাটাও গৰু চুৰি ঘটনাত অভিযুক্ত বুলি জানিব পৰা গৈছে।

শিৱসাগৰত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতিৰ বৈঠক

Image
*শিৱসাগৰত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতিৰ বৈঠক* শিৱসাগৰ, ২৯ জুলাই: যোৰহাটৰ লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত  শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতি (দিশা) ৰ এক বৈঠক অনুষ্ঠিত হয়।  বৈঠকত সাংসদ গৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন জনহিতকৰ আৰু উন্নয়নমুখী আঁচনিৰ অগ্ৰগতিৰ বিস্তৃতভাৱে বুজ লয়। আলোচনা কালত সাংসদ গৰাকীয়ে আঁচনি সমূহৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত পৰ্য্যালোচনা কালৰ আৰম্ভণিতে সাংসদ তপন কুমাৰ গগৈয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ পৰ্য্যালোচনা কালত যিসমূহ আঁচনিৰ কাম কাজ অসম্পূৰ্ণ হৈ আছে, সেই  কাৰক সমূহৰ বিষয়ে বিতং প্ৰতিবেদন দাখিল কৰিবলৈ খণ্ড উন্নয়ন বিষয়া সকলক নিৰ্দেশ দিয়ে। তেওঁ পঞ্চায়ত পৰ্য্যায়ত ৰূপায়িত হৈ থকা কাম কাজৰ অগ্ৰগতিৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি সকল সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পোষকতা কৰে। তেওঁ লগতে সংশ্লিষ্ট বিভাগসমূহৰ লগত সু-সমন্বয় ৰক্ষা ক

সাংবাদিক মাণিক দেৰ অসুস্থতা : দায়িত্বজ্ঞানহীন কাণ্ড হায়াত কতৃপক্ষৰ

Image
গুৱাহাটী : গুয়াহাটীৰ লালগণেশেৰ হায়াত হাস্পাতালত সাংবাদিক মানিক দেৰ  ২৯  দিন সাধাৰণ চিকিৎসা কৰি  ৭ লাখ ৬৪ হাজাৰ ৫০০ টকাৰ বিল দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে।  (বিল নং ৭৭১৪/ৰেজি. নং ২৪১৩২/বেড নং ১২২০/ আইসিইউ/ দ্বিতীয় তলা)। সাংবাদিকগৰাকীৰ কেন্সাৰ আক্রান্ত  পত্নী  লংকাৰ চৰকাৰী হাসপাতালৰ নাৰ্চ সুপ্রিয়া শুক্লবৈদ্যই বহু কষ্ট কৰি বিল যোগাৰ কৰে। এই মোটা অঙ্কৰ বিলৰ ক্ষেত্ৰত সাংবাদিক মানিক   দেৰ পত্নীক হাসপাতাল কর্তৃপক্ষ  জনায় যে কম পইচা দিলা সেই হাস্পটালৰ পৰা ৰোগীক নিব পাৰে । সেই উত্তৰ পাই ভাল চিকিৎসাৰ আশাত গুৰুতৰ অসুস্থ হোজাই-লংকাৰ বাসিন্দা 'অগ্রদূত', 'নববার্তা প্রসঙ্গ' আদি দৈনিক সংবাদপত্রত কাম কৰা সাংবাদিক মানিক দেক গুয়াহাটী এপোলো হাসপাতালত ভর্তি কৰা হয়। ২৯ দিন পিছত সাত লাখ টকাে বিল দি হায়াত হাস্পটাল কর্তৃপক্ষই ব্যর্থতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে কম মূল্যৰ আই চি ইউ পালে তালৈ ৰোগীক নিবলৈ কয়। অৱশ্যে ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালে সাহায্যৰ আশ্বাস দিছে। চিকিৎসক ৰাকেশ দাস, 'নব বার্তা প্রসঙ্গৰ সম্পাদক হবিবুৰ ৰহমান চৌধুৰী,  অধ্যাপক প্রশান্ত চক্রবর্তী  প্রমুখ্যে, ল

বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চন্দ্ৰপূৰ হাজংবড়িৰ বানপীড়িত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ*

Image
ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী মহানগৰীৰ বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্ট সদায় দুৰ্গত লোকৰ কাষত থিয় দি আহিছে। সেই অনুসৰি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দুৰ্গত সকলক  কেইবাপ্ৰকাৰেও সহায় সহযোগিতা আগবঢ়োৱা হয় । তাৰ ভিতৰত যোৱা লকডাউনৰ সময় চোৱাত মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে হাতীগাওঁস্থিত মাদাৰ বৃদ্ধা আশ্ৰমৰ ১৩ গৰাকী বৃদ্ধাক জীৱনৰ অন্তিম সময়ছোৱাত  সম্পূৰ্ণ ব্যয় বহন কৰি তীৰ্থ যাত্ৰালৈ প্ৰেৰণ কৰাৰ দৰে মহৎ কাম কৰি আহিছে । লগতে ২০১৭ চনৰ পৰা ট্ৰাষ্টে প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ দুগৰাকীকৈ দুখীয়া মেধাবী শিক্ষার্থীক স্নাতক পৰ্যন্ত অধ্যয়নৰ ব্যয় বহন কৰি আহিছে । সমাজৰ দুখীয়াৰ কাষত সদায় থিয় দিয়া বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টে এইবাৰো বাৰিষাৰ এই বলিয়া বানত যিসকল লোকে নিজৰ ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হৈছে সেইসকল লোকৰ মাজত উপস্থিত হৈ মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবড়ি অ

ৰয়েল এনফিল্ডে মুকলি কৰিলে ছাৰ্ভিচ অন হুইলছ

Image
ষ্টাফৰিপ'ৰ্টাৰ, বিশ্বৰ মধ্যম বৰ্গৰ (২৫০-৭৫০ চি চি) মটৰচাইকেল শাখাৰ অগ্ৰণী প্ৰতিষ্ঠান ৰয়েল এনফিল্ডে গ্ৰাহক সকলক দুৱাৰদলিলৈ সেৱা আগবঢ়াবৰ বাবে সুৰক্ষিত আৰু সমস্যাবিহীন এক নতুন গ্ৰাহক অনুকূল পদক্ষেপ ছাৰ্ভিচ অন হুইলছ মুকলি আৰু আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত ৰয়েল এনফিল্ডে দেশজুৰি থকা ইয়াৰ ডীলাৰশ্বীপ সমূহত উদ্দেশ্য প্ৰণোদিতভাৱে নিৰ্মাণ কৰা ৮০০ খন ৰয়েল এনফিল্ড মটৰ চাইকেল মোতায়ন কৰিছে। এই ছাৰ্ভিচ অন হুইলছ মটৰচাইকেল সমূহ বিভিন্ন প্ৰয়োজনীয় সঁজুলি-সৰঞ্জাম আৰু স্পেয়াৰ পাৰ্ট কঢ়িয়াব পৰাকৈ সুসজ্জিত, যিয়ে গ্ৰাহকৰ দুৱাৰদলিতে নিৰ্ধাৰিত ৰক্ষণাবেক্ষণ সেৱা, সাধাৰণ মেৰামতি, যন্ত্ৰাংশ সাল-সলনি, আদিকে ধৰি অন্যান্য প্ৰায় ৮০ শতাংশ কাম সমাধা কৰিবলৈ সক্ষম। এই মুকলি সন্দৰ্ভত ৰয়েল এনফিল্ডৰ মুখ্য বাণিজ্যিক বিষয়া ললিত মালিকে কয়"-আমি গ্ৰাহকৰ সামগ্রী ক্ৰয় আৰু মালিকীস্বত্বৰ অনুভৱ উন্নত কৰিবৰ বাবে অবিৰামভাৱে চেষ্টা কৰি আহিছো। শেহতীয়াকৈ মুকলি কৰা কেইবাটাও সেৱা বিশেষ পদক্ষেপ আৰু এতিয়া এই ছাৰ্ভিচ অন হুইলছৰ জৰিয়তে গ্ৰাহকসকলক গুণগত মানৰ ক্ষেত্ৰত আপোচবিহীনভাৱে সেৱা আগবঢ়াবলৈ আমি প্ৰতিশ্ৰুতিবদ্

বটদ্ৰৱাৰ, বানাক্ৰান্ত ৰাইজৰ কাষত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দেৱশ্ৰী বৰা

Image
প্ৰবিত্ৰ ঈদ  উপলক্ষে বানাক্ৰান্ত ৰাইজৰ  কাষত এন এছ ইউ আইৰ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দেৱাশ্ৰী বৰা উপস্থিত হয় ।  সম্পাদিকা গৰাকীয়ে বটদ্ৰৱা গাও পঞ্চায়তৰ অন্তৰ্গত বাটমাৰী আৰু ৰামপুৰ সত্ৰ গাওপঞ্চায়তৰ অন্তৰ্গত  হাইডুবি গাৱৰ  বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে তেওঁ  ব্যক্তিগতভাৱে অঞ্চলটোৰ শতাধিক পৰিয়ালক লগ ধৰি, চিৱাই, চেনী, মিঠাতেল, বিস্কুটৰ  পেকেট আদি বিতৰণ  কৰে। বিগত দুমাহ ধৰি বানত সৰ্বস্বান্ত হোৱা  বাটমাৰী আৰু হাইডুবি গাৱৰ বান বিধ্বস্ত এলেকাত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা গৰাকী উপস্থিত হোৱাত ৰাইজে তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে অৱগত কৰে।  ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা গৰাকীয়ে বানাক্ৰান্ত  ৰাইজৰ সকলো সমস্যাৰ বুজ লোৱাৰ উপৰিও সকলো সমস্যাৰ সমাধানৰ বাবে স্থানীয় জনপ্ৰতিনিধিক সংবাদ মাধ্যমৰ জৰিয়তে অনুৰুধ জনাই। বটদ্ৰৱাৰ পৰা ইমামুল ইছলাম

ভাৰতীয় মজদুৰ সংঘৰ চৰকাৰ জাগাও কাৰ্যসূচী

Image
ভাৰতীয় মজদুৰ সংঘৰ চৰকাৰ জাগাও কাৰ্যসূচী।  গুৱাহাটী আই আই টিত গেৰুৱা বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে ধ্বনি।  পঙ্কজ নাথ, চাংসাৰি, ২৮ জুলাই : আজি মঙ্গলবাৰে গুৱাহাটী আই আই টিত গেৰুৱা বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে উঠা ধ্বনিত পৰিস্থিতি উত্তাল হৈ পৰিল। বিজেপিৰ বৰ ঘৰতে এতিয়া আৰম্ভ হৈছে গৃহ কন্দল । বি জে পিৰ ভাতৃ সংগঠনৰ ভিতৰ চ'ৰাত উমি উমি জ্বলা জুইৰ বহিপ্ৰকাশ ঘটিল আজি আই আই টি গুৱাহাটীত । চৰকাৰৰ কাম কাজত মুঠেই সন্তুষ্ট নহয় বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় মজদুৰ সংঘ চমুকে বি এম এছ । কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হ'ল ভাতৃ সংগঠন ভাৰতীয় মজদুৰ সংঘ। বামপন্থী শ্ৰমিক সংগঠনক মষিমুৰ কৰি নিষ্কণ্টক হব খোজা বিজেপিয়ে বোকোচাত লৈছিল বি এম এছক ।  বিজেপিৰ বোকোচাত উঠি বি এম এছে খোপনি পুতিছিল চৰকাৰী বেচৰকাৰী প্ৰতিস্থানত।  বিজেপিও বিগত নিৰ্বাচনসমূহত লাভ কৰিছিল বিএমএচৰ জৰিয়তে শ্ৰমিকৰ ভোট  ।কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে লোৱা নীতিৰ বাবে বহু শ্ৰমিকে কাম হেৰুৱাব লগা হৈছে । ইযাৰ ফলত ভাৰতীয় মজদুৰ সংঘই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে নিজৰেই চৰকাৰৰ বিৰুদ্ধে । যোৱা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ চৰকাৰ জগাও

চাংসাৰি কভিড টেষ্ট চেন্টাৰত চাৰি দিনত ওলাল ৩৪ জনৰ দেহত কভিড১৯ পজিটিভ।

Image
চাংসাৰি কভিড টেষ্ট চেন্টাৰত চাৰি দিনত ওলাল ৩৪ জনৰ দেহত কভিড১৯ পজিটিভ। পঙ্কজ নাথ, চাংসাৰি , ২৮ জুলাই : কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে আয়োজন  কৰা কভিড টেষ্ট চেন্টাৰত কালি বিয়লিলৈ ৩৪ জনৰ কভিড১৯ পজিটিভ ধৰা পৰিছে । মনকৰিবলগীয়া কথা যে  যোৱা ২৪ জুলাইৰ পৰা চাৰি দিনীয়াকৈ আয়োজন কৰা চাংসাৰি কভিড টেষ্ট চেন্টাৰত প্ৰায় ৪০০জনে নিজৰ স্বোৱাব পৰীক্ষা কৰিছিল । উল্লেখ যোগ্য যে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰি, ধোপাতাৰি, জলাহ, চৌকি, বনমাঝা, আঠিয়াবৈ আদি এলেকাত দৈনিক বৃদ্ধি পায় আছে কভিদ আক্ৰান্ত ৰোগীৰ সংখ্যা । প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে সমগ্ৰ অঞ্চলটোত প্ৰায় দুই শতাধিক লোক কভিড পজিটিভ হিচাপে আক্ৰান্ত হৈছে । এনেদৰে ধাৰাবাহিক ভাৱে কভিদ আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি থকাত স্থানীয় ৰাইজৰ উপৰি জিলা প্ৰশাসন চিন্তিত হয় ।কৰণা ভাইৰাচৰ হটস্পট হিচাপে পৰিগণিত হোৱা চাংসাৰিত বহিৰাগত লোকৰ সংস্পৰ্শৰ ফলত ক্ৰমান্বয়ে সংক্ৰমন বৃদ্ধি পাই আছে । উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত উক্ত এলেকাত থকা  ব্যক্তিগত কোম্পানী সমূহত অসংখ্য বহিৰ

নগাঁওজিলা আইন সেৱা প্ৰাধিকৰণৰ বানপীড়িতক সাহায্য প্ৰদান

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ,২৮ জুলাইঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু মহেশ্বৰী মহিলা সমিতি সহযোগত মঙলবাৰে জিলাখনৰ ৰহা সমষ্টিৰ অন্তৰ্গত চহৰী গাঁও পঞ্চায়তত বানপীড়িত ৰাইজৰ মাজত আত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু মহিলা-যুৱতীসকলৰ বাবে চেনিটেৰী নেপকিন বিতৰণ কৰা হয়। এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত জিলা আইন সেৱা প্ৰাধিকৰণৰ পেনেল অধিবক্তা শ্বাহনাজ চুলতানা, আইন সেৱা প্ৰাধিকৰণৰ কৰ্মচাৰী বিতোপন কোঁৱৰ, নাৰায়ণ নাথ, পাপুমনি বৰা আৰু চহৰী গাঁও পঞ্চায়ৰ অৰ্ধ আইনী সহায়ক জান্টি দেৱীকে ধৰি বহুকেইজন লোক উপস্থিত থাকে

নলবাৰীত ১৪৪ ধাৰাৰ অধীনত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা

Image
নলবাৰীত ১৪৪ ধাৰাৰ অধীনত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৮ জুলাই* প্লাষ্টিকৰ ব্যৱহাৰে পাৰিপাৰ্শ্বিকতাত পেলোৱা কুপ্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনত জধেমধে প্লাষ্টিক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে নলবাৰীৰ জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে ৷ প্লাষ্টিক বহন বেগ ব্যৱহাৰ কৰি বহুলোকে দায়িত্বহীনভাৱে নলা-নৰ্দমা তথা য'তে ত'তে পেলাই পৰিৱেশ আৰু জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে । গতিকে দোকানী, বিক্ৰেতা, পাইকাৰী ব্যৱসায়ী, খুছুৰা ব্যৱসায়ী, ট্ৰেডাৰ, হকাৰ, ফেৰীৱালা কোনোৱে প্লাষ্টিক বহন মোনা, প্লাষ্টিক শ্বীটচ ( sheets), ৫০ মাইক্ৰনতকৈ কম ডাঠ কেবাতৰপীয়া প্লাষ্টিক মোনা, ৬০ মিলি মিটাৰতকৈ কম ব্যাসাৰ্ধ আৰু ৫০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিক কাপ, কম দিন চলা পিভিচি আৰু ক্লোৰিনযুক্ত প্লাষ্টিক বেগ, বেনাৰ, ফ্লেক্স আৰু ডাঠ নিৰ্বিশেষে যিকোনো ধৰণৰ পতাকা বা পতাকা বনোৱা সামগ্ৰী আদি নলবাৰী জিলাত নিষিদ্ধ কৰা হৈছে । যিকোনো ধৰণৰ প্লাষ্টিক বেগ কোনো উদ্যোগ বা লোকে উৎপাদন, আমদানি, যোগান, মজুতকৰণ, সৰবৰাহ, বিক্ৰী আৰু বিতৰণ আদি

ৰঙিয়াত ৰেল যাত্ৰীৰ ক্ষোভঃ অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিত উত্তাল

Image
ওদালগুৰি প্ৰশাসনৰ চুড়ান্ত হেমাহি আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে যাত্ৰীসকল হাৰাশাস্তিৰ সম্মুখীন  প্ৰতিবেদক, ৰঙিয়া ২৮ জুলাইঃ সূদীৰ্ঘ বেঙ্গালুৰৰ পৰা প্ৰায় তিনিদিন ধৰি লঘোনে ভোকে যাত্ৰা কৰি আজি পুৱা প্ৰায় পাঁচ বজাত বিশেষ  শ্ৰমিক ৰেলেৰে ৰঙিয়া আহি উপস্থিত হোৱাৰ পিছত দিনৰ প্ৰায় ১২ বজালৈ তেওঁলোকক গন্তব্য স্থানলৈ পঠোৱাৰ ব্যৱ্স্থা কৰিব নোৱাৰাত আজি ৰঙিয়া ৰেল স্টেচনত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। দিনৰ ১২ বজালৈ মাত্ৰ এটা পাঁচটকীয়া বিস্কুট একপেকেট আৰু এটা পাঁচটকীয়া পানীৰ বটল প্ৰদান কৰি  ৰঙিয়া ৰেল স্টেচনৰ অস্থায়ী স্ক্ৰীনিং শিবিৰত বহি থাকিবলৈ বাধ্য কৰোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শ্ৰমিক ৰেলত অহা যাত্ৰীসকলে শিবিৰৰ পৰা  ৰাজপথলৈ ওলাই অহাৰ চেষ্টা চলোৱাত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। কন কন শিশু আৰু মহিলা সহ তিনি শতাধিক যাত্ৰীয়ে অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে ৰঙিয়া ৰেল স্টেচন চৌহদ উত্তাল কৰি তোলে। তেওঁলোকৰ অভিযোগ অনুসৰি শিবিৰত বহাৰ পৰ্যাপ্ত ব্যৱস্থা নথকাত অধিকাংশ যাত্ৰীয়ে  কন কন শিশু সহ ৬/৭ ঘন্টা পানীৰ ওপৰত থিয় হৈ থাকিবলগীয়া হৈছে। অকল সেয়াই নহয় শিবিৰত থকা শৌচালয় ব্যৱহাৰ কৰা দূৰৰে কথা ওচৰলৈ

অসম গণ পৰিষদত যোগদান বহুকেইগৰাকী নৱ-প্ৰজন্মৰ প্ৰতিনিধিৰ

Image
l কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ আঠগাঁও পঞ্চায়তৰ অন্তৰ্গত কুসুমপুৰত অসম গণ পৰিষদ দলে ল'কডাউনৰ সকলো নিয়ম মানি আজি এখন সভা অনুষ্ঠিত কৰে । উক্ত সভাত নৱ প্ৰজন্মৰ বহু কেইগৰাকী প্ৰতিনিধিয়ে সমষ্টিতোৰ বিধায়ক সত্যব্ৰত কলিতাৰ কৰ্মপটুতাত আকৃষ্ট হৈ অসম গণ পৰিষদ দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে প্ৰতিনিধি সকলে । লগতে বিধায়ক গৰাকীয়ে কয় যে, তেওঁলোকৰ আগ্ৰহে কমলপুৰ সমষ্টিৰ লগতে অসম গণ পৰিষদ দলটোক শক্তিশালী কৰি তুলিব ।  কমলপুৰৰ পৰা চাহাব আলীৰ প্ৰতিবেদন।

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্ৰাচাৰ্য্যৰ জন্মদিনটোত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ গছপুলি ৰোপন

Image
    দেৱব্ৰত বৰা,২৮ জুলাই: অাজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্ৰাচাৰ্য্যৰ জন্মদিন। অসমীয়া সাহিত্য ক্ষেত্ৰত অনবদ্য বৰঙনি অাগৱঢ়াই যোৱা মহান কবি গৰাকীৰ অাজি জন্মদিনটোত হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ। নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ নিৰ্দেশ মৰ্মে হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী, অভিভাৱক অাৰু শিক্ষাগুৰুসকলে ডিমৌ- ৰাইডঙীয়া সংযোগী গড়কাপ্তানি পথৰ বাহ্মণগাঁৱত অৱস্থিত হাতীচোং ৰাজ্যিক পশু চিকিৎসালয়ৰ সমীপত গছপুলি ৰোপন কৰে । এই গছপুলি ৰোৱা কাৰ্য্যসুচীত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ মুখ্য শিক্ষক অজিত বৰা অাৰু নেহৰু যুৱ কেন্দ্ৰৰ সদস্য নজৰুল ইছলাম উপস্থিত থাকে।

নগাঁৱত উদ্যমী যুৱকৰ মহানুভৱতা≈≈পথচাৰীৰ সুবিধাৰ্থে নিজা প্ৰচেষ্টাৰে পথৰ কাষত বাটচ’ৰা নিৰ্মাণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ জুলাইঃ বৰ্তমান সময়ৰ পৰিস্থিতি, মানুহৰ চিন্তা-ধাৰা বা কাম-কাজে প্ৰায়েই মনত পেলাই দিয়ে এটা কালজয়ী গীতলৈ ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তাহানিতেই ৰছনা কৰি থৈ যোৱা সেই বিখ্যাত গীতটো হৈছে "মানুহে মানুহৰ বাবে, যদিহে অকনো নাভাবে....৷ হয় ভূপেন দাই গীতটোৰ জৰিয়তেই কোৱাৰ দৰেই যদিহে মানুহে মানুহৰ কথা নাভাবে, তেন্তে কোনেনো বাৰু ভাবিব ৷ কিন্তু সাম্প্ৰদায়িক সময়ৰ আধুনিকতাৰ ধামখুমীয়াত পৰি যেন মানুহে নিজৰ বাহিৰে আন মানুহৰ কথা ভাবিবলৈ আহৰিয়েই নোপোৱা হৈছে ৷ ফলত নানা সমস্যাৰ গৰাহত পৰি সকলোয়ে ককবকাবলগীয়া হৈছে ৷ পিছে এনে এক সময়তে নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং কমাৰচুক অঞ্চলৰ এজন সমাজ সচেতন যুৱকে দেখুওৱা মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কিয়নো এই উদ্যমী যুৱকজনে বাটৰুৱাই জিৰণি ল’বৰ বাবে নিজৰ বাসগৃহৰ সন্মুখৰে যোৱা অতি ব্যস্ততাপূৰ্ণ নগাঁও-জাজৰি সংযোগী গড়কাপ্তানী পথৰ কাষত নিৰ্মাণৰ পদক্ষেপ লৈছে এটা বাটচ’ৰাৰ ৷ সম্পূৰ্ণ নিজা খৰছত তেওঁৰ স্বৰ্গগামী ককা-আইতা আৰু বৰদেউতাকৰ স্মৃতি জীপাল কৰি ৰখাৰ লগতে বাটৰুৱাই ক্ষন্তেক জীৰণি ল’বৰ বাবে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰা এই ব

নগাঁৱত উদ্যমী যুৱকৰ মহানুভৱতা≈≈পথচাৰীৰ সুবিধাৰ্থে নিজা প্ৰচেষ্টাৰে পথৰ কাষত বাটচ’ৰা নিৰ্মাণ#

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ জুলাইঃ বৰ্তমান সময়ৰ পৰিস্থিতি, মানুহৰ চিন্তা-ধাৰা বা কাম-কাজে প্ৰায়েই মনত পেলাই দিয়ে এটা কালজয়ী গীতলৈ ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তাহানিতেই ৰছনা কৰি থৈ যোৱা সেই বিখ্যাত গীতটো হৈছে "মানুহে মানুহৰ বাবে, যদিহে অকনো নাভাবে....৷ হয় ভূপেন দাই গীতটোৰ জৰিয়তেই কোৱাৰ দৰেই যদিহে মানুহে মানুহৰ কথা নাভাবে, তেন্তে কোনেনো বাৰু ভাবিব ৷ কিন্তু সাম্প্ৰদায়িক সময়ৰ আধুনিকতাৰ ধামখুমীয়াত পৰি যেন মানুহে নিজৰ বাহিৰে আন মানুহৰ কথা ভাবিবলৈ আহৰিয়েই নোপোৱা হৈছে ৷ ফলত নানা সমস্যাৰ গৰাহত পৰি সকলোয়ে ককবকাবলগীয়া হৈছে ৷ পিছে এনে এক সময়তে নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং কমাৰচুক অঞ্চলৰ এজন সমাজ সচেতন যুৱকে দেখুওৱা মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কিয়নো এই উদ্যমী যুৱকজনে বাটৰুৱাই জিৰণি ল’বৰ বাবে নিজৰ বাসগৃহৰ সন্মুখৰে যোৱা অতি ব্যস্ততাপূৰ্ণ নগাঁও-জাজৰি সংযোগী গড়কাপ্তানী পথৰ কাষত নিৰ্মাণৰ পদক্ষেপ লৈছে এটা বাটচ’ৰাৰ ৷ সম্পূৰ্ণ নিজা খৰছত তেওঁৰ স্বৰ্গগামী ককা-আইতা আৰু বৰদেউতাকৰ স্মৃতি জীপাল কৰি ৰখাৰ লগতে বাটৰুৱাই ক্ষন্তেক জীৰণি ল’বৰ বাবে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহন কৰা এই ব

সমগ্ৰ অসমৰ লগতে গোলাঘাটতো কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক-ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

Image
সমগ্ৰ অসমৰ লগতে গোলাঘাটতো কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক-ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ। ২৮ জুলাই, ২০২০- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত নাগৰিকত্ব সংশোধনী অাইন ২০১৯ বাতিল অাৰু অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি,ছাত্ৰ মুক্তি,চাহ শ্ৰমিক মুক্তি আৰু নাৰী মুক্তিয়ে।     জাতিংধ্বংসী নাগৰীকত্ব সংশোধনী অাইন ২০১৯ বাতিলৰ দাবীত ,লগতে  অখিল গগৈ মুক্তিৰ দাৱীত গোলঘাটৰ বিভিন্ন প্ৰান্তত মানৱ শৃখংল, সাংস্কৃতিক প্ৰতিবাদ, আদি বিভিন্ন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি, ছাত্ৰ মুক্তি, চাহ শ্ৰমিক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে। পুৱা ৮ বজাত গোলাঘাটৰ ফৰকাটিং চাৰি আলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া , চাহ শ্ৰমিক মুক্তিৰ জিলা সভাপতি বিৰেণ মুন্দাৰ নেতৃত্বত মানৱ শৃংখল , দেৰগাঁৱত কৃষক মুক্তি গোলাঘাট জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰিপুন মহন্ত অাৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতা, জিলা সম্পাদক জ্যোতিষ্মান বৰাৰ নেতৃত্বত গীতে মাতে